টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত AJYCPৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন


দৈনিক আমাৰ প্ৰণাম  ২৫ মে': উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত টিৰাপ কলিয়ৰী মুকলিৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।সংগঠনটো কৰ্মকৰ্তাসকলে লিডু কলিয়ৰী ৰাষ্ট্ৰীয় ঘাইপথছোৱা অৱৰোধ কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমিতিৰ কেইবাশতাধিশ সদস্যই বিভিন্ন চৰকাৰ বিৰোধী শ্লগানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম তথা মাৰ্ঘেৰিটাৰ অৰ্থনীতি মেৰুদণ্ড স্বৰূপ মাৰ্ঘেৰিটা উত্তৰ পূব কয়লা ক্ষেত্ৰ উৎপাদন আৰু সৰবৰাহ তিনি বছৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিছে। উদ্যোগটোৰ লগত জড়িত অস্হায়ী শ্ৰমিকৰ ওপৰিও  ইটাভাটাৰ সমূহৰ লগতে ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠানৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছিল। কিছুদিনৰ আগতে উত্তৰ পুৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা অন্তৰ্ভুক্ত টিকক কলিয়ৰী মুকলি কৰি দিয়ে যদিও আজি পৰ্যন্ত বাকী কয়লাখনি সমূহ মুকলি কৰি দিয়া নাই । জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে মাৰ্ঘেৰিটাৰ  মেৰুদণ্ড স্বৰূপ টিৰাপ কলিয়ৰী শীঘ্ৰে  মুকলি কৰাৰ দাবী জনাইছে। অন্যথা   সংগঠনটোৱে  তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ন কৰিব বুলি প্ৰতিবাদী স্হলিৰ পৰাই সকিয়াই দিয়ে।(ফটোসহ) 



মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিম।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা