বেদেতীত দক্ষিণ বিহালী শাখা সাহিত্য সভাৰ কাৰ্যকৰী সভা ------------------------------

----------- আমাৰ প্ৰণাম সেৱা, বিহালীঃ ২৯ মে'--বিশ্বনাথ জিলা সাহিত্য সভাৰ অন্তৰ্গত এক অন্যতম স্বৰ্ণ শাখা দক্ষিণ বিহালী শাখা সাহিত্য সভাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা আজি বেদেতীৰ কস্তুৰবা গ্ৰাম সেৱা কেন্দ্ৰত অনুষ্ঠিত হৈ যায় ।
সম্পাদক খগেন মটকৰ আহ্বান মৰ্মে সভাত  সভাপতিত্ব কৰে  দীপক শৰ্মাই ।
সভাত আগন্তুক ২০ জুনৰ বিষ্ণু ৰাভা দিৱসটি অনুষ্ঠিত কৰা, শাখাৰ সভাপতি গোপাল উপাধ্যায়ে অন্য এটা সমান্তৰাল সাহিত্য অনুষ্ঠানৰ সভাপতিৰ দ্বায়িত্ব লোৱাত, তেখেতক বিধিগত ভাৱে কাৰণ দৰ্শোৱাৰ জাননী দি কৈফিয়ৎ তলৱ কৰা, শাখাৰ উদ্যোগত বিভিন্ন সময়ত সাহিত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰা, স্বৰ্ণ শাখাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ প্ৰতিগৰাকী আজীৱন সভ্যক একত্ৰিত কৰি এখন সভা অনুষ্ঠিত কৰা আদি কে'বাটাও গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ।
সভাই সৰ্বসন্মতিক্ৰমে নাচবৰত আগন্তুক বিষ্ণু ৰাভা দিৱসটি শাখাৰ উদ্যোগত  অনুষ্ঠিত কৰা সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰে । অৱশ্যে এই ক্ষেত্ৰত অসম নাট্য সন্মিলনৰ বিশ্বনাথ জিলা সমিতিয়েও উক্ত কাৰ্যসূচীত সহযোগ কৰিব বুলি পূৱ-বিহালী নাট্য সন্মিলনৰ সম্পাদক দীপক শৰ্মাই অনুষ্ঠানত মত প্ৰকাশ কৰে ।
আজিৰ সভাত বিশ্বনাথ জিলা  সাহিত্য সভাৰ সদস্য গজেন শৰ্মা, শাখাৰ সদস্য তথা নাট্যকাৰ দেৱকান্ত শৰ্মা, আজীৱন সভ্য তথা শাখাৰ সদস্য ক্ৰমে জয়ন্ত বৰা আৰু যুগল বৰা, নিৰঞ্জন দাস, উপ-সভাপতি দিগন্ত কুমাৰ দাস, সাহিত্যিক পেন্সনাৰ তথা কবি-সমালোচক লক্ষ্মীকান্ত শৰ্মা আদিয়ে তেওঁলোকৰ বক্তব্যত মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়ায় ।
-----------------------------------------দিগন্ত কুমাৰ দাস, বিহালী ।





শাখা সাহিত্য সভা আৰু পৰিয়ালৰ উদ্যোগত গোসাঁইগাঁৱত বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন পৌৰপতি যোগেন্দ্ৰ লাল চৌধুৰীদেৱৰ মৃত্যু দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত।

শ্ৰীৰামপুৰ-গোসাঁইগাঁও, ২৯ মে' : গোসাঁইগাঁও টাউন বৰোৱাৰী শ্ৰীশ্ৰীকালী মন্দিৰ ও নামঘৰ, কমল নাথ ক্লাৱ কাম লাইব্ৰৰী, গোসাঁইগাঁও ছোৱালী হাইস্কুল আদি সামাজিক, ধৰ্মীয় তথা শিক্ষানুষ্ঠানলৈ তাহানিতে  ভূমি দানেৰে গোসাঁইগাঁৱৰ সমাজ জীৱনলৈ প্ৰভূত অবদান আগবঢ়োৱা গোসাঁইগাঁৱৰ ঐতিহ্যমণ্ডীত  চৌধুৰী পৰিয়ালৰ কাণ্ডাৰী কমল নাথ চৌধুৰীৰ সুযোগ্য নাতি গোসাঁইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, গোসাঁইগাঁও পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি তথা  সমাজ সংগঠক যোগেন্দ্ৰ লাল চৌধুৰীদেৱৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আজি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে । গোসাঁইগাঁও শাখা সাহিত্য সভাৰ সহযোগত তথা পৰিয়ালবৰ্গৰ উদ্যোগত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত বৃহত্তৰ গোসাঁইগাঁও তথা ইয়াৰ  উপকণ্ঠ অঞ্চলৰ  চৰকাৰী তথা বেচৰকাৰী প্ৰায় ৩০ খনতকৈ অধিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকল অংশগ্ৰহণ কৰে।  গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত পুৱা ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাখনত মূখ্য অতিথি হিচাপে সহকাৰী আয়ুক্ত প্ৰিয়ংকৰ প্ৰতীম ডেকা উপস্থিত থাকি ছাত্র ছাত্ৰী সকলক উদ্দেশ্যৰে ভাষন আগবঢ়ায়। আনহাতে চৌধুৰীদেৱৰ মৃত্যু তিথি উপলক্ষে ৩১ মে'ত গোসাঁইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত হ'ব মূল অনুষ্ঠান । সিদিনা পুৱা ১০-৩০ বজাত চৌধুৰীদেৱৰ প্ৰতিকৃতিত পুষ্পমাল্য অৰ্পণ, পুষ্পাঞ্জলি প্ৰদান আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যক্ৰমনিকা আৰম্ভ কৰাৰ পিছত ১০-৪৫ পৰা আৰম্ভ হব স্মৃতিচাৰণ সভা । উক্ত সভাত চৌধুৰীদেৱৰ সান্নিধ্য লাভ কৰা বিভিন্ন সম্প্ৰদায়ৰ কেবাগৰাকী বক্তা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব । আনহাতে ২০ জুনৰ দিনা গোসাঁইগাঁও শাখা সাহিত্য সভাই কমল নাথ ক্লাৱ কাম লাইব্ৰেৰীত  আয়োজন কৰা ৰাভা দিৱসৰ অনুষ্ঠানত কুইজ প্ৰতিযোগিতাৰ বঁটা বিজয়ী সকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হ'ব । উল্লেখ্য যে    অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত  কলা শাখাৰ এইবেলিৰ চুৰান্ত পৰীক্ষাত গোসাঁইগাঁও মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপক শিক্ষাৰ্থী গৰাকীক প্ৰতি বছৰৰ দৰে এই বেলিও চৌধুৰীদেৱৰ সোঁৱৰণত পৰিয়ালৰ পৰা "যোগেন্দ্ৰ লাল চৌধুৰী সোঁৱৰণী মেধা বঁটা"  একেটা অনুষ্ঠানতে  প্ৰদান কৰা হ'ব । লগতে সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষানুষ্ঠানখনৰ মুৰব্বী আৰু শিক্ষাৰ্থী গৰাকীৰ পিতৃ- মাতৃকো পৰিয়ালে একেটা অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি উদযাপন সমিতিয়ে জনিবলৈ দিছে ।



বিহালীৰ  গাংমৌথানত মইনা পাৰিজাতৰ শাখা সমিতি  গঠন
==================
আমাৰ প্ৰণাম সেৱা, বিহালীঃ ২৯ মে'--= --বিহালীৰ শ্ৰীমন্ত শঙ্কৰ্দেৱ গুৰুজনাৰ পদচিহ্ন বিজড়িত, ঐতিহ্যমণ্ডিত গাংমৌথানৰ সমীপত , বিহালী আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত আৰু গাংমৌথানবাসীৰ  সহযোগত আজি মইনা পাৰিজাতৰ এটি শাখা গঠন কৰা হয় । শিশু সকলৰ  শৈক্ষিক , বৌদ্ধিক তথা মানসিক  বিকাশ সাধন কৰিব  পৰাকৈ আজি  মইনা পাৰিজাতৰ শাখাটি  গঠন কৰা হয়।  
 ৰূপক শইকীয়া , পৰীক্ষিত কাফ্লে আৰু  হেমন্ত ঘিমিৰেৰ    আহ্বান মৰ্মে বিহালীৰ  আঞ্চলিক মইনা পাৰিজাতৰ বিষয়ববীয়াক  আমন্ত্ৰণ জনোৱা হয়  । স্থানীয় শিল্পী  পবিত্ৰ ভূঞাই আঁ‌ত ধৰা সভাখনত সভাপতিত্ব  কৰে গাংমৌথানৰ  জ্যেষ্ঠ ব্যক্তি অজিত শইকীয়াই । 
স্থানীয় উদ্যমী যুৱক ৰূপক শইকীয়াই  উদ্দেশ্য ব্যাখ্যা কৰা সভাত আঞ্চলিক  মইনা পৰিজাতৰ সম্পাদক দীপক শৰ্মাই  পৰ্যৱেক্ষক হিচাপে অংশ গ্ৰহণ কৰি মইনা পাৰিজাতৰ লক্ষ্য-উদ্দেশ্যৰ  বিষয়ে  বিস্তৃতভাৱে আলোচনা  ডাঙি ধৰে । মইনা পাৰিজাত সম্পৰ্কে  'জোনাক মইনা পাৰিজাত'ৰ  সভাপতি সুৰেণ  বৰা , উপ-সভাপতি আনন্দ দাস, প্ৰাক্তন ছাত্ৰ নেতা অমৰ জ্যোতি ফুকন, অবসৰ প্ৰাপ্ত শিক্ষক   লোকনাথ শৰ্মা , গাংমৌথানৰ সত্ৰাধিকাৰ ৰূপম গোস্বামী আদিয়ে বক্তব্য ৰাখে । 
এই সভাত উপস্থিত থাকে জোনাক মইনা পাৰিজাতৰ সম্পাদক  সুৰুযজ্যোতি দাস, প্ৰনৱ বৰাল , গনেশ উপাধ্যায়, মণিতা দেৱী,  জ্যেষ্ঠ ব্যক্তি বলবাহাদুৰ মুক্তানৰ লগতে প্ৰায় অৰ্দ্ধ-শতাধিক লোক ।  উল্লেখ্য যে বিগত ২০০১ চনতে গঠন কৰা 'শঙ্কৰদেৱ মইনা পৰিজাত' নামৰ শাখাটোৰ নামতে এই শাখাৰ নাম শঙ্কৰদেৱ ৰাখি পুৰণা শাখাটো পুনৰুজ্জীৱিত কৰি  পুন্যপ্ৰভা দেৱীক সভাপতি,  উপ- সভাপতি চাৰু দেৱী,  পল্লৱী শৰ্মাক সম্পাদিকা,  পৰীক্ষিত কাফ্লে আৰু ৰূপক শইকীয়াক সহকাৰী সম্পাদকৰ দ্বায়িত্ব দি এখন এঘাৰ জনীয়া সমিতি গঠন কৰা হয় ।
----------------------------------------


Comments