জনিয়াৰ ঘুগুবাৰীত দই শিশুৰ সলিল সমাধি
# #
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৪ মেঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টি তথা কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুবাৰীত সংঘটিত হৈছে এক মর্মান্তিক ঘটনা। কালি ঘুগুৱাৰী গাঁৱৰ আব্দুল মান্নানৰ পুত্ৰ আদিল আহমেদ নামৰ এটি ৩ বছৰীয়া শিশু আৰু একে গাঁৱৰে মুকবুল হুছেইনৰ শিশু কন্যা মাজনী খাতুন নামৰ ২ বছৰীয়া শিশুৰ জমেকুৰৰ মৰা নদীৰ বুকুত পৰি সলিল সমাধি ঘটে। উল্লেখ্য যে, শিশু দুটিয়ে ঘুগুবাৰী গাঁৱৰ জমেকুৰত সমনীয়াৰ সৈতে ঘৰৰ ওচৰত থকা মৰা নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে শিশুদুটিৰ। নদীত গা ধুবলৈ গৈ শিশু দুটি নিখোজ হোৱাৰ পিছত স্থানীয় ৰাইজে নদীত উদ্ধাৰ অভিযান চলাই অৱশেষত উদ্ধাৰ কৰে শিশু দুটিৰ মৃতদেহ। ততাতৈয়াকৈ স্থানীয় ৰাইজে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে শিশু দুটি মৃত বুলি ঘোষণা কৰে। এই ঘটনাই সমগ্র অঞ্চলব্যাপী এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।
Comments
Post a Comment