৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ নামত অভাৱনীয় অনিয়ম, দুৰ্নীতিৰে বিৰুদ্ধে শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ সংবাদ মেল*

*৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ নামত অভাৱনীয় অনিয়ম, দুৰ্নীতিৰে বিৰুদ্ধে শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ সংবাদ মেল*
আমাৰ প্ৰণাম সংবাদদাতা শিৱসাগৰ: আজি শিৱসাগৰৰ প্ৰেছ ক্লাৱত যৌথ সংগ্ৰামী মঞ্চই এখন সংবাদমেল সম্বোধন কৰে। শিৱসাগৰৰ ঘাইপথক চাৰিলেনৰ পৰিৱৰ্তে নৰক সদৃৰ্শ পথলৈ ৰূপান্তৰিত কৰা কাৰ্য্যৰ বিৰুদ্ধে উক্ত সংবাদমেল সম্বোধন কৰে । 
শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা  জাঁজী পৰ্য্যন্ত ৰাষ্ট্ৰীয় ঘাই পথ ছোৱাৰ অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছে যে, সাধাৰণ ৰাইজে শিৱসাগৰৰ দিশৰ পৰা যোৰহাটৰ দিশলৈ যাবলৈ হ'লে ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰিৱৰ্তে জয়সাগৰ নামতি, চামগুৰি, আমগুৰি টাউন হৈ যাৱ লগীয়া পৰস্থিতিৰ উদ্ভৱ হৈছে ৷এক মাত্ৰ ৰাষ্ট্ৰীয় ঘাই পথছোৱাৰ এই অৱৰ্ণনীয় অৱস্থাৰ বাবেই নিতৌ দুৰ্ঘটনাত মৃত্যু হৈছে নিৰীহৰ ৷জাঁজীৰ পৰা ডিমোলৈকে ৪৪ কিলোমিটাৰ এই পথ নিৰ্মাণৰ বাবে প্ৰথমে এন এইচ আই ডি চি এলে গেনন ডাংকাৰলী কোম্পানী লিমিটেড নামৰ এক কোম্পানীক ঠিকা প্ৰদান কৰিছিল।উক্ত কোম্পানীয়ে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ আন এক প্ৰতিষ্ঠানক উপ ঠিকা প্ৰদান কৰিছিল যদিও এন এইচ আই ডি চি এলৰ সহযোগত এই প্ৰতিষ্ঠানে এক ব্যাপক লুণ্ঠন কৰি পলায়ন কৰে।তেতিয়াৰ পৰা ৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণ নোহোৱাকৈ বিধ্বস্ত অৱস্থাত পৰি আছে। গতিকে আজি বাৰটাকৈ সংগঠন একত্ৰিত হৈ যৌথ সংগ্ৰামী মঞ্চৰ জড়িয়তে চৰকাৰক শীঘ্ৰে এক তদন্ত ঘোষণা কৰিবলৈ সজ্জোৰে আহ্বান জনায় কয় যে , চাৰিলেন যুক্ত পথৰ কামত বহুতো চৰকাৰী আমুলা,ৰাজনৈতিক নেতা পালিনেতা ,ঠিকাদাৰ, মণ্ডল,উচ্চ পদস্ত বিষয়া জড়িত হৈ থকাৰ কথা ইতিমধ্যে চৰ্চালৈ আহিছে । গতিকে চৰকাৰে ৰাইজৰ স্বাৰ্থত জনজীৱনৰ স্বাৰ্থত ,উন্নয়নৰ স্বাৰ্থত এই বিয়াগোম কেলেংকাৰীৰ উচিত তদন্ত ঘোষণা কৰক অন্যথা যৌথ সংগ্ৰামী মঞ্চই অহা ২৫ মে' ৰ পৰা প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব যেতিয়ালৈকে এক সুস্হিৰ অৱস্থালৈ বিষয়টো নাহে । লগতে শিৱসাগৰৰ বিধায়ক জনক ও উনুকিয়াই দিয়ে যে,নিজ সমষ্টিবাসীৰ দোষ কষ্ট তথা উন্নয়নৰ কথা বাদ দি ৰাজ্যৰ অন্য প্ৰান্তত থিয় দি নিজৰ অৰ্কমন্যতা আৰু দায়িত্বহীনতাৰ পৰিচয় দিছে । সময়ত শিৱসাগৰ বাসীৰ ৰাইজে ইয়াৰ উচিত প্ৰতুত্ত্যতৰ দিব । অনাগত দিনত মূল্যবৃদ্ধি , বাল্যবিবাহ ৰোধ,দ্ৰাগচ আসক্ত লোকক উদ্ধাৰ কৰা ইত্যাদি কামত যৌথ সংগঠনটোৱে মনোনিৱেশ কৰিব বুলি ও সদৰি কৰিছে আজিৰ সংবাদ মেল যোগেদি ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা