ভেল্লাত প্ৰাথমিক বিদ্যালয়ত অগ্নি সংযোগ দুৰ্বৃত্তৰঃ বহু নথ-পত্ৰ ভস্মিভূত
প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৪ মেঃ বৰপেটাৰ ভেল্লাৰ এখন বিদ্যালয়ত অগ্নিসংযোগ কৰা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে ১৮২৮নং দ্বৰ্গাহপুৰ পশ্চিমহাটী প্ৰাথমিক বিদ্যালয়ত এই অঘটন অগ্নিকাণ্ডৰ ঘটণা সংঘটিত হয় । ফলত বিদ্যালয়খনৰ বিস্তৰ ক্ষতি সাধন হয়। উল্লেখ্য যে,উক্ত বিদ্যালয়খনৰ বহু নথি পত্ৰ, খিৰিকীৰ লগতে আন কেতবোৰ সামগ্ৰীও ভস্মিভূত হয়। সম্প্ৰতি কিহৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে সেইয়া জানিবলৈ পোৱা নাই। যদিও বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মামনি দাসে অগ্নিসংযোগ কৰাৰ এক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। কিয়নো বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মামনি দাসে আজি পুৱা প্ৰায় ৪.৩০ বজাত হঠাৎ বিদ্যালয়খনলৈ যায়। পিছে গুণোৎসৱৰ বিফলতা ঢাকিবলৈ প্ৰধান শিক্ষয়িত্ৰী দাসে বিদ্যালয়খনৰ গডৰেজত অগ্নি সংযোগ কৰি তাৰ পৰা ওলাই যোৱাৰ অভিযোগ স্থানীয় একাংশ লোকৰ। অানকি শিক্ষণ প্ৰক্ৰিয়াত দুৰ্বলতা থকাৰ অভিযোগ পূৰ্বৰে পৰাই এইগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অাছে বুলি একাংশ ৰাইজে জানিবলৈ দিয়ে। ইপিনে গুণোৎসৱৰ বাবে আজি নিৰিক্ষক আহি বিদ্যালয়খন পৰ্যবেক্ষণ কৰাৰ কথা আছিল। যদি তেনে সময়তে বিদ্যালয়খনত ঘটা এনে অনাকাংক্ষিত কাণ্ডই অভিভাৱক সমাজে অসন্তুষ্টি প্ৰকাশ কৰিছে। পিছে বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰী মামনি দাসে অগ্নিসংযোগ কৰিছে নে নাই,নে অইন কিবা কাৰণত অগ্নিকাণ্ড সংঘটিত হৈছে সেইয়া আৰক্ষীৰ তদন্তৰ অন্ততহে জানিবলৈ পোৱা যাব। (ফটো অাছে)
Comments
Post a Comment