# ২৬ মে'ৰ পৰা বহৰি সত্ৰত পাঁচ দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্রী হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ #




প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা,২৪ মেঃ  চাৰিজনা বৈষ্ণব গুৰুৰ অন্যতম তথা বয়োজ্যেষ্ঠ গুৰু মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ ৪৫৭ তম তিৰোভাৱ তিথি মহোৎসৱ বৰপেটা জিলাৰ বহৰি সত্ৰত ২৬,২৭,২৮,২৯ আৰু ৩০ মে’ত পাঁচদিনীয়া কাৰ্যসূচীৰে  উদযাপন কৰাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। বহৰি সত্ৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা কাৰ্যসূচী অনুসৰি, ২৬মে’ৰ ব্ৰহ্মমূহুৰ্তত ঊষা কীর্তন। ৰাতিপুৱা ৮বজাত সমূহীয়া চাফাই কাম। ৮- ৩০ বজাত বৃক্ষৰোপণ। ৯ বজাৰ পৰা সত্ৰৰ গোপিনী সকলৰ নাম। ১০বজাত সত্ৰৰ  ভকত সকলৰ নাম-প্রসঙ্গ। ১১ বজাত হোমযজ্ঞ আৰু গুৰুচৰিত পাঠ। দুপৰীয়া ১২ ন বজাত সত্ৰৰ গায়ন-বায়নৰ দ্বাৰা গুৰু বন্দনা। ১২-৩০ বজাত ৰাজহুৱা নাম-কীৰ্তন, সন্ধিয়া গুৰু বন্দনা আৰু গৰখীয়া ল'ৰা দ্বাৰা বন্তি প্ৰজ্বলন কৰা হব।  আনহাতে   ২৭ আৰু ২৮ মে'ত হোমযজ্ঞ বাদে ২৬ মে'ৰ সমূহ কার্যসূচী সমূহ চলি থাকিব। ২৯ মে'ত তিথি মহোৎসৱৰ আগদিনা পালন কৰা হব গোন্ধসভা । সিদিনা ব্ৰহ্ম মূহূৰ্তত
 ঊষা কীৰ্তন। ৰাতিপুৱা ৭ বজাত সমূহীয়া চাফাই কাম। ৯ বজাত সত্ৰৰ গোপিনীসকলৰ নাম। ১০বজাত সত্ৰৰ ভকতসকলৰ নাম-প্রসঙ্গ। গুৰুজনাৰ অনুগামী সকলৰ পৰম আকাংক্ষিত দিন গোন্ধসভাৰ দিনা সূৰ্যাস্তৰ লগে লগে জ্বলোৱা তেল আৰু ঘি'ৰ চাকি সমূহ পিছদিনা সূৰ্যোদয়লৈ নামঘৰ চৌহদত জ্বলাই ৰখা হব । বন্তি প্ৰজ্বলনৰ শুভাৰম্ভক হিচাপে বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্রসাদ ভূষালে অংশ গ্ৰহন কৰিব। উক্ত অনুষ্ঠানত বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্রাঞ্জল বৰুৱাই মুখ্য অতিথি, চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱ বিশিষ্ট অতিথি,  প্ৰবাসী বহৰিয়া তথা বিশিষ্ট স্থপতিবিদ অৱনী কুমাৰ দাসে নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব। সন্ধিয়া ৭ বজাত সিধা বিতৰণ কৰাৰ পিছত  ৰাজহুৱা নাম কীর্তন কৰা হব । ৮ বজাত ভট্টদেৱ কৃষ্টি সংঘ,ব্যাসকুছিৰ দ্বাৰা গীতৃ – মাত – নৃত্য পৰিৱেশন। নিশা  দৰং জিলাৰ ছিপাঝাৰৰ সুভাষ নাথৰ নামদলে আৰু পুৰণি সত্ৰ চৌহদত  কামৰূপ জিলাৰ বাগটাৰ অচ্যুত কলিতাৰ নামদলে নাগাৰা নাম পৰিবেশন কৰিব । 
অন্তিম দিনা অর্থাৎ ৩০ মে'ত মূল কাৰ্যসূচী গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ। সিদিনা  ব্ৰহ্ম মূহুৰ্তত ঊষা কীৰ্তন। ৰাতিপুৱা ৭ বজাত সমূহীয়া চাফাই কাম। ৯ বজাত সত্ৰৰ গোপিনী সকলৰ নাম। ১০বজাত গুৰুচৰিত পাঠ আৰু গুৰুজনাৰ শ্ৰাদ্ধ। ১১ বজাত মৈৰামাৰা চতুৰ্ভূজ বীৰনাম দলৰ দ্বাৰা `থিয়নাম পৰিৱেশন। দুপৰীয়া ১২ বজাত সভা মহোৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ অধ্যক্ষ ৰমেন তালুকদাৰ। দুপৰীয়া ১২-৩০ বজাত ৰাজহুৱা নাম কীৰ্তন। দিনৰ এক বজাত ব্ৰহ্মপুত্ৰত গুৰুজনাৰ পিণ্ডদান। পিণ্ডদান কৰিব শৈলেন্দ্ৰ নাথ গোস্বামীয়ে। ইয়াৰ পিছতে ৰাজহুৱা নামৰ প্ৰসাদ বিতৰণ কৰা হব । সন্ধিয়া ৭ বজাত গুৰু ভাগৰ প্ৰসাদ বিতৰণ কৰাৰ পিছতেই সভা মহোৎসৱৰ  সামৰণি পৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা