কবিতা

"আধালিখা প্ৰেমৰ দস্তাবেজ "
*******************
                      শ্ৰী পূৰৱী দেৱী
                 চৰাইবাহী ( মৰিগাঁও )
              *******************

ভবাটো নাছিলো
ফৰকাল আকাশখনি
কলীয়া ডাৱৰে ঢাকি ধৰি
নিমিষতে কাল অনামিষা নমাব !
যুগ-যুগান্তৰৰ পৰা 
একেধাৰে বৈ থকা 
পাহাৰীয়া জুৰিটিয়েও 
ওলোটাকৈ গতি কৰিব !
বাট বুলি ভৰি দিওঁ তে 
অবাটে ভৰি চলিব !
জীবন সাগৰত প্ৰেমৰ নৌকাখনি
মাজ বাটতে থমকি ৰ'ৱ !
কল্পনাৰ কাৰেং
অভিমানৰ জুইয়ে 
নিমিষতে পুৰি চাৰ-খাৰ কৰিব ! 
 জীৱনৰ ৰংবোৰ 
এনেদৰেই সলনি হ'ৱ !
তুমি বিনে মোৰ 
প্ৰতিটো পল স্বাসৰুদ্ধ হ'ৱ !
আৰু ই য়ে হ'ৱ যে মোৰ 
জীৱন নাটৰ 
আধালিখা প্ৰেমৰ দস্তাবেজ Il
**********************




[5/27, 10:35 AM] sarkar amar pranam: " কৃষকৰ  দুঃখ  "              🖋 ৰীমা  গায়ন  বৰা  ।
....................
কোনে  বুজিব  কৃষকৰ দুঃখ 
বানে বুৰোৱা  পথাৰত 
ফচল  এটাও  নোহোৱা হ'ল   ,
থকাখিনিও  বানত  বুৰ গ'ল 
অশ্ৰুসিক্ত  কৃষকৰ  ভগ্ন হৃদয়  !
বানৰ মাজত বুৰ গৈ থকা  
ধানৰ  লেচেৰি  বুটলিছে  
ঘৰৰ  লখিমী স্বৰূপা  ধান  !
কি  যে  দুঃখ লগা  দৃশ্য  
দেখিলে  বেদনা গ্ৰস্ত হয়  হৃদয়  ,
পানীত  সাতুৰি  সাতুৰি
  মুঠি  মুঠিকৈ  গোটাইছে  কষ্টৰ  ফচল  
এয়া যে  কৃষকৰ কষ্টৰ ফল   !
বানৰ কবলত জাহ গ'ল 
খাদ্যৰ  অনাটন  হ'ল  ,,
বছৰি  কৃষকৰ এনে  দুৰ্দশা হয়  
তথাপিও  পুহি  ৰাখে  আশা  
বিষাদত কঠিন শিলৰ দৰে  
হৈ পৰা  হৃদয়েও  পুনৰাই 
আশাৰ কঠিয়া  সিচে  পথাৰত  ।
[5/27, 10:35 AM] sarkar amar pranam: ✍️অন্নদা বড়ো ৰংপী  | গুৱাহাটী  - ২০

 🌷  শব্দৰ ঝংকাৰে সানিলে ৰোহন  🌷

অস্তগামী সূৰুযৰ হেঙুলী পোহৰত
বুকুৰ অহৰ্নিশে ধপধপনি 
শব্দৰ প্ৰতিফলনত ঘটিছে 
নিস্বাৰ্থ মানৱ প্ৰেমৰ জাগৰণ 
যাৰ প্ৰভাৱত 
শিলত ঘঁহনি খাই খাই 
পঙ্কিল ,পৰাধীন 
 অস্তিত্ব হীনতাৰ জয়গান 
কোণে কোণে আলোড়িত 
অনৈতিক ঘটনাৰ প্ৰাদূৰ্ভাৱ 
জীৱন মানদণ্ডৰ ক্ষতি 
তথাপিও সাগৰৰ ঢৌক 
বাধা দিব পৰা নাই আৰু 
নোৱাৰে কাহানিও নোৱাৰে 
বোঁৱতী সুঁতিৰ প্ৰৱাহিত ধাৰাই 
উটুৱাই লৈ গ'ল মলিয়ন
শব্দৰ ঝংকাৰেৰে জীৱন সোণোৱালী সপোন 
সেউজীয়া ধৰণীত সানিলে ৰোহন  |
[5/27, 10:35 AM] sarkar amar pranam: *কৰবী দাস*
গুৱাহাটী 



****মাতৃ****

    বাচাহঁত মোৰ 
 নালাগে  এদিনৰ বাবে এইদৰে পালন কৰিব মাতৃ - দিৱস !
মাতৃ আমি ! থাকিম ছাঁ দি বট বৃক্ষৰ দৰে 
আমৃত্যু পৰ্যন্ত!
দেখিছ জানো ভাগৰি পৰা আমাক কেতিয়াবা ?
ৰাতিপুৱাৰ পৰা ৰাতি লৈকে নাপাওঁ আজৰি ।
নখ দৰ্পণত কোনে কি ভাল পায় !
ঘৰৰ সকলোৰে খেয়াল ৰখা মায়ে নো কি ভাল পায় 
লৱ নে উমান কেতিয়াবা ?
নিজস্ব ৰুচি-অভিৰুচি বলিদান দি 
হেৰুৱায় পেলা‌ও  নিজস্বতা ।
তহঁতৰ সুখেই নিজৰ সুখ বুলি 
দি‌ওঁ স্থান হৃদয়ত ।
নিজে নাখাইও তহঁতক খুউৱাৰ মমতা 
দিছে আমাক ভগৱানে !
আমাৰ আঁচলত সদায় সুৰক্ষিত তহঁত ।
যত বিপদ আপদ নাহক , হেলাৰঙে অতিক্ৰমি 
দেখুৱাওঁ তহঁতক উন্নতিৰ সোপান 
নিবিচাৰোঁ প্ৰতিদানত একোকে 
নোৱাৰ সুজিব মাতৃৰ ঋণ কদাপি !
গৰ্ভাৱস্থাৰ ১০ মাহ,১০ দিনৰ সেই কষ্ট 
প্ৰসৱৰ সেই অবৰ্ণনীয় যন্ত্ৰনা !
নীৰৱে সহ্য কৰে এগৰাকী মাতৃয়ে ।
ঘূৰাই দিব পাৰিবি জানো 
সেই নিদ্ৰাহীন ৰাতি বোৰ ?
প্ৰস্ৰাৱত ওৰে ৰাতি পৰি থাকি 
জাগি থাকো ঠাণ্ডা পাবি বুলি ।
মাতৃ - হৃদয় ,পাৰে সহিব সকলো 
সন্তানৰ মঙ্গলৰ স্বাৰ্থত , সুৰক্ষাৰ স্বাৰ্থত
থিয় দিয়ে যিকোনো বিপদত ঢাল হৈ ।
যি গৰাকী মাতৃয়ে সৰ্বোচ্চ উজাৰি দিবলৈ সাজু 
ধাৰাশায়ী হৈ পৰে সন্তানৰ পৰা পোৱা কু- ব্যৱহাৰত !
যেতিয়া আঙুলি উঠে পক্ষপাতৰ 
বুকু খন ভাঙি যায় অ' !
দেহৰ অংশ বোৰৰ মাজত জানো ভেদ হয় ?
বাচাহঁত নাযাবি পাহৰি 
মাতৃৰ বাবেই 
দেখিবলৈ সক্ষম হৈছ 
ধৰাৰ এই বিনন্দীয়া ৰূপ !
সেয়েহে কাতৰে অনুৰোধ 
জীয়াই থকা কালতে এষাৰি মৰমৰ মাত 
অলপ অণুকম্পা যাচিব নাপাহৰিবি 
জন্ম দায়িনী মাতৃক !
নকৰি মৃত্যুৰ পিছত 
আয়োজন শ্ৰাদ্ধ - পিণ্ডৰ !
[5/27, 10:35 AM] sarkar amar pranam: ##এটি উমান সন্ধিয়া 
------------------------
----------------------✍️✍️বিথীকা দত্ত। 

শুকুলা শুকুলা মেঘৰ আঁৰত 
শীতৰ গধুলি চোঁচৰি গৈ থাকোঁতে
নাহৰ পাতত জোনাক সৰে 
হৃদয় বৃক্ষত ফুলে খৰিকাজাঁই, 

সেউজীয়া পাখিৰ সুকোমল উমত 
শুকপক্ষী অনুদিন তোমাক পাইছো
তুমি যে কিমান নিৰ্মল 
তোমাতেই হ'ল কত সূৰ্য উজ্জ্বল, 

ক-ফলাৰ সৈতে সহৃদয়তা
কলমৰ সৈতে অমল প্রেম
নদীৰ দৰে বিশালতা
সকলোতে দেখো তোমাৰেই চঞ্চলতা, 

কোনো এক কুটিল ক্ষণত
দূৰৈৰ কোনো এক মৃদু লহৰত
ডুব যাওঁ যন্ত্রণাৰ সাগৰত
অপেক্ষাত আপোন -পাহৰা হৈ,

একোয়েই নেপাওঁ আমি 
একোয়েই নেপাওঁ ---
শূণ্য হাতেৰেই
 মিলি যাওঁ শূণ্যতাত, 

এনেকৈয়ে এদিন--
এটি উমাল সন্ধিয়াত
সংগোপনে --
     তোমাৰ ক্লান্তিহীন উদ্যম 
আৰু সফলতাই মোৰ হৃদয়ত  ফুলালে
    বসন্তৰ এপাহি ৰজনীগন্ধা 
                 এপাহি ৰজনীগন্ধা --!!!
[5/27, 10:35 AM] sarkar amar pranam: ____অভিমানী মই তোমাৰ প্ৰিয়া ____

আকাশে যেতিয়া 
এমুঠি হেঙুল চতিয়াব
মোৰ দুগালত,
তোমাৰ প্ৰতি থকা 
অভিমানৰ টোপোলাবোৰো 
বৰফৰ দৰে গলিব।
আকাশৰ নীলাবোৰ যেতিয়া 
ডাৱৰৰ মাজত লুকাব,
ভালপোৱা বোৰ শিপাই থকা 
মোৰ হৃদয়খনত
তোমাৰ নামেৰে এজাক 
প্ৰেমৰ বৰষুণ নামিব।
পৃথিৱীখন যেতিয়া মাজ ৰাতি
গভীৰ নিদ্রাত টোপনি যাব, 
পাতৰ আঁৰত থকা 
জোনাকী পৰুৱাৰ পোহৰত 
উকা হৈ থকা তোমাৰ উদঙ বুকুত 
লিখি দিম এটা প্ৰেমৰ কবিতা
যাৰ শিৰোনাম ৰাখিম
"অভিমানী মই তোমাৰ প্ৰিয়া"।।

                           মেঘালী দত্ত,ডিব্রুগড় (খোৱাং)
[5/27, 10:35 AM] sarkar amar pranam: #সন্ধিয়াৰ চহৰখন
----------------------------
                ✍️✍️মিন্টু ডেকা
             নলবাৰী (শুকেকুছি) 
                     ১০-০৫-২০২২
সন্ধিয়া হোৱাৰ
লগে লগে
ৰঙীণ হৈ পৰে 
মোৰ ব্যস্ত চহৰ খন, 
ৰাতিৰ পোহৰত
জিলিকি উঠে
কৃত্রিম মুখাবোৰ! 
সন্ধিয়া হোৱাৰ
লগে লগে
সাক্ষী হয়
অচিন গাঁথাৰ পদপথ, 
কেতিয়াবা কোনো 
নাৰীৰ আৰ্তনাদ
আৰু কেতিয়াবা নিশাৰ
প্ৰেমিক পথিকৰ ভালপোৱাৰ! 
চহৰৰ ষ্টীত 
লাইটবোৰৰ পোহৰত 
বিক্রি হয় সুখবোৰ, 
সৰু সৰু সুখৰ টোপোলা বিচাৰি পোৱা যায়, 
ৰাস্তাৰ কাষৰ 
এপিয়লা চাহত কিম্বা 
মৰমেৰে যাঁচি দিয়া 
এটি ফুচকাত!
[5/27, 10:35 AM] sarkar amar pranam: অব্যক্ত বুকুৰ বেথা
___________মুকুৰ ৰঞ্জন
অব্যক্ত কথাবোৰ ব্যক্ত কৰিব পৰা হ'লে
হৃদয়ৰ কৰণিত নুফুলিল হয়
দুখৰ ৰজনীগন্ধা

পোৱা নোপোৱাৰ দোমোজাত
প্ৰতীক্ষা নকৰা হ'লে
অপ্ৰাপ্তিৰ যন্ত্ৰণাত দগ্ধ নহ'ল হয় 
বুকুৰ সেউজীয়া উপত্যকা

জানা অনামিকা
তোমাৰ নিষ্ঠুৰ প্ৰেমৰ আলিংগনত
সময়ে হেতালি খেলিল মোৰ স'তে
এতিয়া তোমাৰ ৰিক্ততাত 
সিক্ত মোৰ চকুৰ পটা

অপেক্ষাৰ শেষত উপেক্ষিত হ'লোঁ
যেন অ'তদিনে মৰীচিকাহে খেদিছিলোঁ ৷
[5/27, 10:35 AM] sarkar amar pranam: খনিকৰ পাৰ্কৰ বৰষুণজাক
------------------------------------

ছাতিবোৰ হেৰুৱাই পেলাইছো
বৰষুণত তিতিম বুলিয়েই
তোমাৰ বৰষুণজাক নাহিল
মোৰ জাকতে তিতা।

সোণালী বৰষুণজাকৰ চপচপীয়া পানীয়ে
ধুই নিকা কৰিছিল
বছৰ বছৰযোৰা ধুলিয়ঁৰী বিষাদ।

কবিতাৰ শব্দবোৰ তিতিছিল
গানবোৰ সৰিছিল থোপা-থোপে
বিশৃংখল ঢপঢপনিবোৰো বাঢ়ি আহিছিল আৰু 
আমাৰ উপস্থিতিত চহৰখনো নিমাওমাও।

আমাৰ বুকুৰ হ্ৰদত বৰশী বাবলৈও
কোনো নাছিল পাৰ্কত
মিশ্ৰিত বৰষুণজাকৰ বাদে
খনিকৰ পাৰ্কৰ নিয়ন লাইটবোৰেও
পোহৰাই তুলিব পৰা নাছিল
ঘন বৰষুণৰ বাট।

শূন্যতে লতা বগাই যোৱাৰ দৰে
মই নে তুমি বগোৱা বাইছিলো
একোকে মনত নপৰে
মাথো এনেকৈয়ে তিতিছিলো চেপা বৰষুণজাকত
আৰু মোৰ দিখৌ বাঢ়ি আহিছিল।।

✍️ সত্যজিত গগৈ। চাচনি।
মো-৭৩৯৯৬৬২৮৬৭
[5/27, 10:35 AM] sarkar amar pranam: সিদ্ধ কবিত্বৰে শিল্প গঢ়িলে
__________________ প্ৰণৱৰঞ্জন শইকীয়া

কাব্য প্ৰেম হ'লে চৈতন্য
সৃষ্টিত নামে সৌন্দৰ্য্য

সেই চৈতন্য প্ৰেমেৰে সাধন কৰিলে
কবিত্ব হয় সিদ্ধ

সিদ্ধ কবিত্বৰে শিল্প গঢ়িলে
শিল্পও হয় সৰ্ব্বগুণ সম্পন্ন

শিল্পীয়েও পায় ব্ৰহ্মানন্দৰ সান্নিধ্য
পাণ কৰিবলৈ সাৰল্যতাৰে হয় সমৰ্থ
নৱৰসামৃত মধু মকৰন্দৰ মাধুৰ্য্য
                   ___________
[5/27, 10:35 AM] sarkar amar pranam: প্ৰতিপল নহয় জীৱন অনুপম 
***************************

আশাবোৰ বিচৰা ধৰণে সততে নহয় পূৰণ 
জীৱনটো এটা জটিল অঙ্ক 
যোগ -বিয়োগ পূৰণ -হৰণ |
হৃদয়ৰ সম্পৰ্কই নিবিচাৰে তেজ অথবা 
জ্ঞাতি -গোত্ৰ 
সুস্থিৰ মনেৰে উলিয়াব লাগিব 
জীৱনৰ সমাধান সূত্ৰ |
প্ৰাপ্তি অপ্ৰাপ্তিৰে পূৰ্ণ এই জীৱন 
প্ৰতিপল নহয় অনুপম 
বিশালতাক সাৱটি হৃদয়ৰ সুৱাস ছটিয়ালে 
সংঘাতে ক্ষত বিক্ষত কৰা জীৱনতো 
এমুঠি সুখৰ জোনাক  নামে 
জাকে জাকে আশাৰ পখিলা উৰে 
বকুল আৰু খৰিকাজাঁইৰ সুগন্ধিৰে 
চৌদিশ আমোলমোলাই যায় 
ওঁঠত ওলমি ৰয় এটি কদমফুলীয়া হাঁহি 
এই  হাঁহিৰে কৰিব পাৰি জীৱন  অনুপম 
আত্মবিশ্বাসৰ ফুল পাহিৰে 
জীৱন হয় মধুৰতম্   |

গীতাৰাণী পাঠক দাস 
গুৱাহাটী -২০
[5/27, 10:35 AM] sarkar amar pranam: বিষাদৰ এটি কবিতা
****************

অনুভৱ বোৰ দেখোন আজিকালি
বিষাদৰ নৈ হৈ বাগৰিব ধৰিছে,

দুহাতৰ পৰশত জীপাল হৈ উঠা 
উকা কাগজখিলা হৈছে একমাত্ৰ সাক্ষী,

মই যে বিষাদ প্ৰিয় কবি,

যত মই লিখি যাওঁ
বিষাদ গাথা বহু বেথা....

আজিও লিখিছোঁ তোমাক সুঁৱৰি
কিছু বিষাক্ত সময়ৰ কাহিনী।

প্ৰায়ে লিখা হয় এনেকুৱা
ছন্দহীন বহু কবিতা,

আজিও লিখিছোঁ,
আজি পিছে সাঁচি ৰখা নাই কতো
 
ৰাতিৰ বুকুত সিঁচি দিলো 
বিষাদৰ এটি কবিতা 

সময় হলে এবাৰ পঢ়ি চাবা
এই অভাগীনিৰ বিষাদ গাথা জীৱনৰ কথা ।।

                      🖌️ৰাধিকা কোচ
                         চমুৱাগাতি,বাক্সা
[5/27, 10:35 AM] sarkar amar pranam: কবিতা--
             জীৱনটো এনেকুৱায়
             """"""""""""""""""""""""""""""""
                             বীৰেশ্বৰ ৰাভা

জীৱনটো এনেকুৱায়
আছে পৰাজয়ৰ পিছত জয়
আছে অলপ অশ্ৰু অলপ হাঁহি,
আজি দুখত আছে যদি
কাইলৈ সুখ আহি য়ায়
জীৱনটো এনেকুৱাই।

জীৱন এক যাত্ৰা
আৰু স্থিতপ্ৰজ্ঞ,
এটি এটি পল ধৰি
দিনবোৰ গুচি যায়
পুনৰ নতুনৰ আগমন হয়
জীৱনটো এনেকুৱাই।

বিষাদৰ মেঘে আবৰি ধৰিলেও
হাঁহি থাকিবা,
প্ৰমুখ সমৰত এন্ধাৰ দেখিলেও
নিজৰ চকুত প্ৰদীপ জ্বলাবা,
কিয়নো-
আজি যদি পতন
কাইলৈ উত্থান,
আজি যদি গতি ৰুদ্ধ
কাইলৈ প্ৰস্থান।
যিদৰে গতিশীল সময়
আমাৰ জীৱনটোও তেনেকুৱাই।।
_____২৩/০৫/২০২২ ইং
[5/27, 10:35 AM] sarkar amar pranam: #দুখ#

সৌ নীলা আকাশখন
চুমি চাব বৰ মন যায়
নিচেই কাষৰপৰা |
দুখ মোৰ জীৱন লগৰী
দুখৰ নদীত বৈ বৈ
সুখৰ সন্ধানত
নিজকে হেৰাই পাইছো
জনসমাগমৰ মাজত |
জীৱন দুদিনীয়া
কেতিয়া,কাৰ ,কি হ'ব
মইয়ো নাজানো ;
খাবৰ বাবে জীচোনে
জীয়াই থাকিবৰ বাবে
হাবাথুৰি খাইছো,
জীৱনৰ কন্টকময় পংকিল পথত
নিজক হেৰুৱাই পেলাইছো ||

বিজুলতা পায়েং
[5/27, 10:35 AM] sarkar amar pranam: 'ভাহি থাক্ ৰূপালী নাওঁ'

লুইতৰ সিপাৰে চেনাই মোৰ
বিহুত আহিবি ঘৰৰলৈ মোৰ
নদীৰ পানী বাঢ়িছে বৰ
নোঁকা আছে কাষত ৰৈ |

ভাহি থাক্ ৰূপালী নাওঁ
জোৰ কৈ উট জোৰ কৈ উট 
অ' মোৰ পচোৱা মলয়া ফুৱা
তোৰ কুমলীয়া শুকুলা চায়া |

ঢোল,  পেঁপা আৰু গগণাই
মোৰ কঁকালত, তোলে ৰগৰ 
চেনাই আহিলে বিহুটিৰ লগত
হৃদয়ত বাজিছে মৃদু ঝংকাৰ |

গছৰ ডালত কুলিৰ মাতে
মনত পেলাই,  চেনাই তোলৈ 
চেনাই আহিলে ঢোলটি লৈ
হিয়া তলবল কৰিলে মোৰ |

বিহু গীতৰ সুৰীয়া সুৰে 
সিয়ৰি উঠাই দেহা মোৰ,  
লুইতৰ বুকুৰে যি ঢল 
নাছি উঠে মোৰ মন চঞ্চল |

ৰাজশ্ৰী সেনাপতি গগৈ 
          ডিব্ৰুগড়
[5/27, 10:35 AM] sarkar amar pranam: " বৈধব্য  "                          🖋ৰীমা  গায়ন বৰা  ।
...............                                       মৰিগাঁও  ।

 সেন্দুৰ বিহীনতাত 
মৰিশালিৰ  নিস্তব্ধতা, 
জীৱন  যৌৱন 
আউসীৰ  অন্ধকাৰে  আৱৰা  ,
দুৰ্ভগীয়া  মনত  সৃষ্টি হোৱা 
অপ্ৰকাশিত  কথাবোৰ....... 
এতিয়া  যে স্মৃতিবোৰ  বুটলি 
বেদনাসিক্ত  হিয়া  !
 আজীৱন  সুখী  হোৱাৰ  অজস্ৰ  
মৰম  আৰু ভালপোৱাৰ 
আশীৰ্বাদবোৰ  অভিশাপলৈ 
হল  ৰূপান্তৰিত  ,
 পতি বিহীনতাত  স্তব্ধ 
জীৱন  হৈ  পৰিল  বৈধব্য  !
অশ্ৰুৰ নৈ  বোৱা  প্ৰতিটো  
পুৱা  - গধুলি  , বিষাদৰ গাঁথা  ,
অশ্ৰুসিক্ত নিঃসঙ্গ  নিশাৰ 
উচুপনিত  শিতানৰ  গাৰু  
তিতি যোৱা  অজস্ৰ  
দুখৰ  স্বপ্ন গ্ৰস্তা  ।।

Comments