আমছুৰ ৪২ তম শ্বহীদ দিৱস পালন খাৰুপেটীয়াত।। শ্বহীদৰ আত্মাৰ চিৰ শান্তিৰ বাবে সমূহীয়া দোৱাৰ আয়োজন


দৰঙ ::সংখ্যালঘু সম্প্ৰদায়ৰ নাৰ্য্য প্ৰাপ্তিৰ দাবীত অসমৰ বিভিন্ন জিলা আৰু মহকুমাৰ সদৰ ঠাই সমুহত ১৯৮০ চনৰ ২৬ মে তাৰিখে প্ৰতিবাদ কৰিবলৈ গৈ অসমত পুলিচবাহিনীৰ গুলিত নিজৰ প্ৰাণ আহুতি দিয়াৰ লগতে ঘূনীয়া হোৱা বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আমছুৱে। সেই শ্বহীদ বীৰ সকলৰ আত্মাৰ চিৰ শান্তি আৰু ঘূনীয়া সকলৰ আৰোগ্য কামনাৰ্থে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু'ৰ দৰং জিলা সমিতিৰ উদ্যোগত আৰু ওজাগাও আঞ্চলিক সমিতিৰ সহযোগত ওজাগাও হাফিজিয়া মাদ্ৰাছাত ৪২ তম শ্বহীদ দিৱস উদযাপন কৰা হয়। আমছুৰ শ্বহীদ দিৱস উপলক্ষে  পুৱাই আমছুৰ পতাকা উত্তোলন কৰে দৰঙ জিলা আমছুৰ সভাপতি মাহবুবুল আলমে ।পতাকা উত্তোলন কৰাৰ পাচতেই জাতিৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি দোৱা কৰা হয়। শ্বহীদ দিৱস উপলক্ষে আয়োজন কৰা সভাত কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদক আলেপ উদ্দিন আহমেদ, ছাইফুল ইছলামে ভাষণ প্ৰসংগত কয় যে চৰকাৰৰ সকলো ক্ষেত্ৰতে লাঞ্চিত,বঞ্চিত,অৱহেলিত জাতিটোৰ বাবে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ ৰাজ পথত ওলাই আহিছিল।নিজৰ প্ৰাপ্তিৰ দাবীত ওলাই অহা সংখ্যালঘু জনতাৰ ওপৰত অসম আৰক্ষী বাহিনীৰ লাঠিচাৰ্চ আৰু আৰক্ষীৰ গুলীত বহুতো ব্যক্তি শ্বহীদ হবলগীয়া হৈছিল। সেই দাবীৰ আজি ৪২ বছৰ অতিবাহিত হল কিন্তু এই সংখ্যালঘু জনতাৰ  সংবিধান প্ৰদত্ত অধিকাৰ আজিলৈকে নাপালে। এইবীৰ পুৰুষ সকলৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰ কামনাৰে ওজাগাও হাফিজিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক হাফিজ ছামচুল হকে দোৱাত সহযোগ কৰে । জিলা আমছুৰ সভাপতি মাহবুবুল আলমে আতঁ ধৰা সভাত ভাষণ প্ৰসঙ্গত কয় যে শ্বহীদ সকলৰ আত্মা বলিদানৰ  শ্ৰদ্ধা জনাই অনাগত দিনত দেশ তথা জাতিৰ হৈ কাম কৰিব লাগিব লগতে সংখ্যালঘু জনগণৰ সামগ্ৰীক উন্নয়নত গুৰুত্ব দিব লাগিব। নহলে আমি কেতিয়াও উন্নত জাতি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিম। উক্ত কাৰ্যসূচীত উপস্থিত থাকে দৰঙ আমছুৰ কাৰ্যকৰী সভাপতি হজৰ আলী,মুখ্য সাংগঠনিক সম্পাদক জিয়াউল হক,
সাধাৰণ সম্পাদকদ্বয় মইনুল হক ছাকিব আহমেদ(ৰাজু)ওজাগাঁও আঞ্চলিক সমিতিৰ সভাপতি খলিলুৰ ৰহমান,উপসভাপতিদ্বয় আব্দুল ৰেজ্জাক,মতলেপ আলী, সা:সম্পাদকদ্বয় মুৰ্শিদ আলম,খলিলুৰ ৰহমানৰ লগতে বিভিন্ন আঞ্চলিকৰ সদস্য সকলে।

আবুল হাছেম
দৰঙ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা