মানকাচৰৰ সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া।

জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিধায়ক সহ চৰকাৰী বিষয়াই পৰিদৰ্শন কৰিলে খহনীয়াগ্ৰস্থ তিনিখন গাওঁ পঞ্চায়ত এলেকা৷



দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৫ মেঃ- দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙমাৰীৰ সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাঁও পঞ্চায়ত এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া চলি আছে। ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পোৱাৰ বাবে আৰম্ভ হোৱা গৰাখহনীয়াৰ ফলত বিগত এটা সপ্তাহৰ ভিতৰত অঞ্চলটোৰ ১৭ টাকৈ পৰিয়ালে নিজৰ ঘৰ-দুৱাৰ স্থানান্তৰ কৰি নিজৰ চেনেহৰ ভিটামাটি এৰি নিৰাপদ স্থানত আশ্ৰয় লবলগীয়া হৈছে। চৰকাৰ তথা স্থানীয় বিধায়ক আৰু ধুবুৰী সাংসদৰ হেমাহিৰ বাবে বিগত দিনত বহুতো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ খেতিমাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে৷ ইফালে বৰ্তমান সুখচৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, সুখচৰ ডাক ঘৰ, সুখচৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়, সুখচৰ পশু চিকিৎসালয় আৰু ডাকুৱামাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ লগতে বেৰাভাঙা সুখচৰ অঞ্চলৰ শতাধিক নৈপৰীয়া ৰাইজৰ ঘৰ দুৱাৰৰ লগতে খেতিমাটি গৰাখহনীয়াৰ কৱলত পৰিছে। আজি জিলা উপায়ুক্ত পল্লবী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, ফেকামাৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতা সহ কেবাগৰাকী চৰকাৰী বিষয়া সুখচৰত উপস্থিত হৈ সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাওঁ পঞ্চায়ত তিনিখনৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে। অনাগত দিনত অতি সোনকালে গৰাখহনীয়া ৰোধ নকৰিলে জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ প্ৰতিও চৰম ভাবুকি আহিব বুলি মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মত প্ৰকাশ কৰে। চৰকাৰৰ জলসম্পদ বিভাগৰ ডায়নেমিক মন্ত্ৰী পিযুষ হাজৰিকাৰ চকু পৰিবনে এই গৰাখহনীয়া অঞ্চল সমূহত৷ নে এই ঐতিহাসিক অঞ্চল সমূহ ব্ৰহ্মপুত্ৰৰ বুকুত চিৰদিনৰ বাবে বিলীন হৈ যাব৷ চৰকাৰৰ লগতে বিভাগীয় মন্ত্ৰী স্থানীয় বিধায়ক আমিনুল ইছলাম, ধুবুৰী সাংসদ মৌলানা বদৰ উদ্দিন আজমলৰ লগতে জিলা প্ৰশাসনে এই খহনীয়াগ্ৰস্থ অঞ্চল সমূহৰ স্থায়ী প্ৰতিৰোধৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হব লক্ষণীয় বিষয়৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা