শিক্ষকৰ ৰূপত আজি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক #



প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২ ৫ মেঃ ৰাজ্যৰ আন কেবাখনো জিলাৰ লগতে বৰপেটা জিলাৰো চৰকাৰী বিদ্যালয় সমূহত  কালিৰে  পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। অৱশ্যে চলিত বান পৰিস্থিতিৰ বাবে অবিভক্ত বৰপেটা জিলাৰ  বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ ৫৩ খন আৰু ভৱানীপুৰ শিক্ষা খণ্ডৰ ৪ খনৰ সৈতে মুঠ ৫৭ খন বিদ্যালয়ত গুণোৎসৱ স্থগিত ৰখা হৈছে ৷আজি দ্বিতীয়  দিনা সকলো বিদ্যালয়তে  বহিঃ মূল্যায়ন কৰা । আজি বৰপেটা চহৰৰ  দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে বহি ঃ নিৰীক্ষকৰ ভূমিকাত অংশ গ্ৰহণ কৰে ৷আনপিনে বৰপেটা চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কেওঁটকুছি অঞ্চলত ১৯১০ চনতে স্বাপিত  কেওঁটকুছি মজলীয়া বিদ্যালয়ত বহিঃ মূল্যালৃয়কৰ ভূমিকাত অৱতীৰ্ণ হব জিলাৰ আৰক্ষী অথীক্ষক অমিতাভ সিনহাই ৷বহিঃ মূল্যায়ক হিচাপে আৰক্ষী অধীক্ষক গৰাকীয়ে কেইটামান শ্ৰেণীত পাংটদান কৰি শিক্ষকৰ ভূমিকাওঁ পালন কৰে ৷আৰক্ষী অদ অধীক্ষক গৰাকীৰ সৈচে বৰপেটা মাধব চৌধুৰী মহাবিদ্যালয়ৰ  ভূগোল বিজ্ঞান বিষয়ৰ   বিভাগৰ প্ৰবক্তা ধৰিত্ৰী বৰ্মণ আৰু নমাটি উচ্চতৰ মাধ্যমিক বিদ্যায়লয় বিষয় শিক্ষক হিতেশ পাঠকে অংশ গ্ৰহন কৰে ৷ অহা কাইলৈ ২৬ মে'ত জ্যোতিগাওঁ প্ৰাথমিক বিদ্যালয়ত উপা‍ুয়ুক্তই বহিঃ মূল্যায়ক ৰূপে দায়িত্ব  পালন কৰিব ইয়াৰ উপৰিওকাইলৈ  ৰাজ্যৰ একাধিক মন্ত্ৰীয়েও বৰপেটা জিলাৰ কেবাখনো বিদ্যালয়ত বহিঃ  মূল্যায়ক হিচাপে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছ। ইতিমধ্যে ইয়াকে লৈ সকলো বিদ্যালয়ত উখল-মাখল পৰিবেশৰ সৃষ্টি হোৱা দেখা গৈছে। নিজৰ নিজৰ বিদ্যালয়খন আকৰ্ষণীয় কৰি তোলাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী সকলে প্ৰয়াস চলাইছে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা