গহপুৰৰ বাগিচা অঞ্চলত তিনিখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় ৰাইজলৈ উচৰ্গা মন্ত্ৰী পীযুষ হাজৰীকাৰ*

*প্ৰেছ বাৰ্তা*
২৬-০৫-২০২২

*
*নৱনিৰ্মিত বিদ্যালয়কেইখনত ইতিমধ্যে বিদ্যালয় এৰা ল'ৰা ছোৱালীয়ে পুনৰ নামভৰ্তি কৰাতো অতি শুভ লক্ষণ: মন্ত্ৰী পীযুষ হাজৰীকা*

*গহপুৰৰ ব্ৰহ্মাজান, হেলেম আৰু নয়া ঘগৰা চাহ বাগিচাত ক্ৰমে ২৪, ৩৯ আৰু ১৯ জন পূৰ্বে বিদ্যালয় এৰা ল'ৰা ছোৱালীৰ নামভৰ্তি*

*গহপুৰ, ২৬ মে'*: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি দিনযোৰা কাৰ্যসূচীৰে গহপুৰৰ তিনিখন চাহ বাগিচা অঞ্চলত তিনিখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্ধোধন কৰে । চাহ বাগিচা অঞ্চলত বসবাস কৰা লোকসকলৰ শিক্ষাৰ দিশত অভূতপূৰ্ব সংযোজনেৰে অসম চৰকাৰে ১১৯ খন বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে প্ৰায় দুই বছৰৰ আগতে আধাৰশিলা স্থাপন কৰিছিল । অসম চৰকাৰৰ আন্তৰিক প্ৰয়াসৰ ফলত দুটা বছৰৰ ব্যৱধানতে ইয়াৰে ৯৬ খন ৰাইজৰ বাবে সাজু হৈ উঠিছে । আজি মন্ত্ৰী পীযুষ হাজৰীকাই গহপুৰৰ ব্ৰহ্মাজান, হেলেম আৰু নয়া ঘগৰা চাহ বাগিচাত তিনিখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় ৰাইজৰ বাবে উচৰ্গা কৰে ।

ব্ৰহ্মাজান চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়খন বাগিচাৰ ৰাইজলৈ উচৰ্গা কৰি ৰখা বক্তব্যত মন্ত্ৰীগৰাকীয়ে কয় যে আধাৰশিলা স্থাপন কৰাৰ পাছত কম সময়ৰ ভিতৰতে একেটা স্থানতে সম্পূৰ্ণ হোৱা অনুস্থান এটা ৰাইজৰ বাবে উচৰ্গা কৰিব পৰাতকৈ ৰাজনীতিবিদ এজনৰ বাবে বেলেগ ডাঙৰ কথা একো হ'ব নোৱাৰে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত চাহ বাগিচা অঞ্চলৰ লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত নৱনিৰ্মিত আদৰ্শ বিদ্যালয়কেইখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে গহপুৰত আজি তেওঁ উচৰ্গা কৰা বিদ্যালয় কেইখনত ইতিমধ্যেই পঢ়া বাদ দিয়া কেইবাগৰাকীও ল'ৰা ছোৱালীয়ে পুনৰ নামভৰ্তি কৰাটো অতি শুভ লক্ষণ । উল্লেখযোগ্য যে আজি উদ্ধোধন কৰা ব্ৰহ্মাজান চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত ২৪ জন, হেলেম চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত ৩৯ জন আৰু নয়া ঘগৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত ১৯ গৰাকী ল'ৰা ছোৱালীয়ে ইতিপূৰ্বে বিদ্যালয় বাদ দিয়াৰ পাছত পুনৰ আহি নামভৰ্তি কৰিছে ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মূহুৰ্ততে অসমৰ চাহ বাগিচাৰ অধিবাসীসকল আৰু আন জনজাতীয় লোকসকলৰ উন্নতিৰ বাবে চিন্তা কৰে আৰু তেনে চিন্তাৰ ফলতেই ১১৯ খন চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় খোলাৰ পাছতো আন ২০০ খন চাহ বাগিচা অঞ্চলত উচ্চ মাধ্যমিক বিদ্যালয় খোলাৰ কথা ভাৱিছে, মন্ত্ৰী পীযুষ হাজৰীকাই আজি ভাষণ প্ৰসংগত কয় । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে চাহ বাগিচা অঞ্চলৰ বিকাশৰ স্বাৰ্থত বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমবাৰৰ বাবে তেতিয়াৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হৈয়েই চাহ বাগিচা অঞ্চলৰ বাট পথ নিৰ্মাণৰ বাবে ৮৫০ কোটি টকাৰ বিশেষ পুঁজি মুকলি কৰি দিছিল ।
 
আনহাতে আজি উন্মোচন কৰা বিদ্যালয়কেইখনত নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ পঠিয়াবলৈও মন্ত্ৰীগৰাকীয়ে অঞ্চলকেইটাৰ স্থানীয় লোকসকলক অনুৰোধ জনায় । শিক্ষাৰদ্বাৰাইহে ব্যক্তি এজন অথবা সমাজ এখন আগবাঢ়ি গৈ থাকিব পাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে হেলেম চাহ বাগিচাৰ সভাস্থলীত অঞ্চলটোৰ কোনো ল'ৰা ছোৱালীকে বিদ্যালয়লৈ নপঠিওৱাকৈ নাৰাখিবলৈ স্থানীয় ৰাইজক শপত লবলৈ আহ্বান জনায় । আজি  উদ্ধোধন কৰা বিদ্যালয় কেইখনৰ শিক্ষকসকলকো মন্ত্ৰীগৰাকীয়ে চাহ বাগিচা অঞ্চলৰ ল'ৰা ছোৱালীৰ শৈক্ষিক উন্নয়নৰ বাবে সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায় ।

মন্ত্ৰীগৰাকীক গহপুৰৰ আজিৰ দিনযোৰা কাৰ্যসূচীত সংগ দিয়ে স্থানীয় বিধায়ক উৎপল বৰা, গহপুৰৰ মহকুমাধীপতি তথা স্থানীয় কেইবাগৰাকীও সমাজকৰ্মীয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা