ৰঙিয়াৰ শিক্ষানুষ্ঠানত বিধায়ক ভৱেশ কলিতা # সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ #

দৈনিক আমাৰ প্ৰণাম, ২৫ মে :- ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত আজি অন্তিম তথা তৃতীয় পৰ্যায়ৰ গুণোৎসৱ । শিক্ষাৰ্থী সকলৰ শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে বিদ্যালয় সমূহত চলিথকা গুণোৎসৱৰ এই অন্তিম দিনটোত ৰঙিয়া সিদ্ধিনাথ বিদ্যালয় হাইস্কুলত উপস্থিত হয় ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা । কলিতাই পুৱাৰ ভাগত বিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলৰ লগত সমুহিয়া প্ৰাৰ্থনাত অংশ গ্ৰহণ কৰে । ইয়াৰ পিচতে শ্ৰেণী কোঠাত প্ৰৱেশ কৰি ছাত্ৰ ছাত্ৰী সকলৰ লগত শিক্ষা সম্পৰ্কে কথাৰ আদান প্ৰদান কৰে বিধায়ক গৰাকীয়ে । গুণোৎসৱ উপলক্ষে উপস্থিত থকা বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ অভাভাক সকলৰ লগতো কলিতাই মতবিনিময় কৰে । এক সুন্দৰ পৰিৱেশৰ মাজেৰে গুণোৎসৱ কাৰ্য্যসূচী ৰূপায়ণ কৰা শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগত বিধায়ক গৰাকীয়ে শৈক্ষিক দিশ সম্পৰ্কত আলোচনাত মিলিত হয় । ছাত্ৰ ছাত্ৰী সকলে যি ধৰণে এই গুণোৎসৱৰ দিনকেইটাত সকলো দিশৰ পৰা বিদ্যালয়খন সুন্দৰ কৰি তুলিছে সকলো সময়তে তেনেদৰে ৰাখিবলৈ বিধায়ক কলিতাই সকলোকে অনুৰোধ জনা । 

নছিউৰ ৰহমানৰ ৰিপৰ্ট , দৈনিক আমাৰ প্ৰণাম ।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা