নৰ্থ ইষ্ট আৰ্টিষ্টিক টেলেন্ট ক্লাৱৰ উদ্যোগত দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱস #


মৰিগাঁও, ২৩মে:---
 নৰ্থ ইষ্ট আৰ্টিষ্টিক টেলেন্ট ক্লাৱৰ উদ্যোগত কালি  গুৱাটিস্থিত পেন্সনপাৰা ভৱনত  অনুষ্ঠানটিৰ দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠানটি হৈ যায় ৷ নঞ্জু দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত
মুখ্য অতিথিৰূপে উপস্থিত থাকে সাংবাদিক  চক্ৰপাণি পৰাশৰ, বিশিষ্ট অতিথি শংকৰ গোহাঁই , পুলিন ডেকা।আনহাতে উক্ত অনুষ্ঠানত , আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰুবী
শইকীয়া দাস, সোমনাথ ওজাৰ লগতে 'দি আছাম পোষ্ট' কাকতৰ মুখ্য সম্পাদক কৈলাশ চৌধুৰী ৷
উক্ত অনুষ্ঠানটিত অসমৰ বিভিন্ন জিলাত সিছৰিত হৈ থকা প্ৰতিভাসম্পন্ন ব্যক্তিসকলক উৎসাহিত কৰিবলৈ ৪৮ গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।সম্বৰ্ধিত ব্যক্তিসকলৰ ভিতৰত সাংবাদিক অৰূপজ্যোতি মহন্ত, মৰিগাঁৱৰ সাংবাদিক অচ্যুত কুমাৰ নাথ, তৰণিকান্ত কলিতা, তুলসী গগৈ,পুতুলী ঠাকুৰীয়া মেধি, গুণিতা শইকীয়াকে ধৰি বহুকেইজন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷ সভাৰ সংস্থাটোৰ সভাপতি পিন্টু বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা উক্ত গাম্বীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰায় ২০০ ৰো অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷|অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই 
অনুষ্ঠানৰ মুখ্য সম্পাদক ৰশ্মিৰেখা কাশ্যপে ৷
-------------------------------------

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা