বাতৰি

# বৰপেটা চহৰ তথা জিলাৰ উন্নয়নৰ স্বাৰ্থত ৰাজনৈতিক নেতাৰ  একগোট হোৱাৰ দাবী ৰাইজৰ # 

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩১মেঃ সম্প্ৰতি ৰাজনৈতিক নেতা যি দলৰে নহওঁক কিয়, যি জাতি-ধৰ্মৰে নহওঁক ,দল মত বাদ দি বৰপেটা জিলাৰ ৰাজনৈতিক নেতা বা ৰাজনৈতিক কৰ্মী সকলে ৰাজ্যৰ একমাত্ৰ অৱহেলিত আৰু পিচপৰা চহৰ বৰপেটা আৰু সামগ্ৰিক ভাৱে জিলা খনৰ উন্নয়নৰ স্বাৰ্থত একগোট হৈ চৰকাৰৰ ওচৰত গৈ বিপ্লৱ গঢ়ি তুলিবলৈ বৰপেটা জিলবাসী ৰাইজে অাহ্বান জনাইছে।  লক্ষনীয়ভাৱে এই কথা এই কাৰণে কোৱা হৈছে যে, অসমৰ আন জিলা বা জিলাৰ সদৰ চহৰ সমুহৰ তুলনাত বৰপেটা তথা জিলাখন ৰাজ্য চৰকাৰৰ দ্বাৰা অনাদৃত, অৱহেলিত আৰু পদে পদে বঞ্চিত হৈ থকা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে,কংগ্ৰেছ চৰকাৰৰ সময়ত এখন মাত্ৰ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয় হৈছে। আৰু তাৰ পিছত কি হ'ল…? ৰাজ্যৰ আন চহৰ বা জিলাৰ ক্ষেত্ৰত উন্নয়নৰ যি বিপ্লৱৰ ধাৰা সূচনা হৈছে,তাৰ তুলনাত বৰপেটা চহৰ বা বৰপেটা জিলাৰ কি পৰিৱৰ্তনৰ সূচনা হৈছে তাক সকলোৱে প্ৰত্যক্ষ কৰিছে। পিছে কৰবাত এখন ওভাৰ ব্ৰীজ বা পথৰ উন্নয়ন কৰা হলেই উন্নয়ন নুবুজায় বুলি একাংশ ৰাইজে মতপোষ কৰে। ইপিনে যোৰহাট,ডিব্ৰুগড়, গোলাঘাট, নলবাৰী,মঙলদৈ, নগাঁও, তেজপুৰ, লক্ষীমপুৰ,ডিফু,শিলচৰ, মাজুলী, শিৱসাগৰ, বঙাইগাঁও, তিনিচুকীয়া আদিৰ উন্নয়নৰ কি পৰিৱৰ্তন হৈছে,তাকো  সকলোৱে দেখি আছে । তাৰ তুলনাত বৰপেটা  জিলাখনত তেনেকুৱা উন্নয়নৰ ধামাকা সৃষ্টি হৈছে জানো…বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে। যিকোনো এখন চহৰ বা যি কোনো এটা অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনৰ মুৰব্বী জনৰ সদিচ্ছা নহ'লে চিঞৰ বাখৰ বা দাবী উত্থাপন কৰিলেও একো কাম নহয়। উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ মুৰব্বী জনৰ বা চৰকাৰৰ মন্ত্ৰী গনৰ সেই অঞ্চলৰ প্ৰতি সদিচ্ছা থাকিলেহে উন্নয়ন আশা কৰিব পাৰি। কিন্তু ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট চৰকাৰৰ শাসন কালত আমি দেখিছোঁ  বৰপেটা চহৰ বা জিলাৰ পিচপৰা অঞ্চল সমুহৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনৰ সদিচ্ছাৰ অভাৱ বুলি অভিযোগ উঠিছে। সেয়ে সকলোৱে দেখিছে যে,  বৰপেটাৰ পৰা বিশ্ববিদ্যালয় কাঢ়ি লৈ যোৱা হ'ল, এজিপি চৰকাৰৰ দিনত ধান গৱেষণা কেন্দ্ৰ কাঢ়ি লৈ যোৱা হ'ল ইত্যাদি সকলোৱে দেখিছে । ইপিনে বৰপেটা চহৰলৈ ৰে'ল সংযোগৰ বাবে ৰাজ্য চৰকাৰ আজি নিমাত। অভয়াপুৰীৰ পৰা বৰপেটা চহৰ হৈ আমিনগাঁৱত লগা পথটো ফৰলেন হাইৱেলৈ পৰিৱৰ্তন কৰা বিষয়টোত চৰকাৰ নিমাত, হাবিদংৰা নগৰবেৰা,আলুপতিলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ ক্ষেত্ৰতো চৰকাৰ নিমাত । দৌলাশালৰ পৰা বহৰি মন্দিয়া মইনবড়ী চতলা মালেগড় কাৱাইটাৰীলৈকে দাবী জনাই থকা প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথটোৰ ক্ষেত্ৰতো চৰকাৰী পক্ষৰ ফালৰ পৰা বলিষ্ঠ ভুমিকাৰ অভাৱ সকলোৱে প্ৰত্যক্ষ কৰিছে ।  জিলা তথা বৰপেটা চহৰৰ অনগ্ৰসৰ হোৱাৰ  মূলতে হৈছে পথ,দলং তথা ৰেল যোগাযোগৰ ক্ষেত্ৰত সা সুবিধা বিহীন এটা বৃহৎ অঞ্চল বাবে। বিশেষকৈ এই কেইটা সমস্যাৰ সমাধান হলেহে বৰপেটা তথা জিলাৰ বৃহত্তৰ অংশৰ সামগ্ৰীক বিকাশ সাধন হ'ব বুলি ধাৰণা কৰিব পাৰি। সেয়ে জিলাখনৰ জনপ্ৰতিনিধি তথা ৰাজনৈতিক নেতা সকলে একগোট হৈ যুজ নিদিলে উন্নয়ন অসম্ভৱ বুলি জিলাখনৰ সচেতন মহলে ধাৰণা কৰিছে। জনপ্ৰতিনিধি সকল আৰু জিলা খনৰ জিলা পৰ্যায়ৰ ৰাজনৈতিক নেতা সকলে দল মত একাষৰীয়া কৰি একগোট হৈ এখন উন্নয়ন সমিতি গঠন কৰাৰ লগতে এই উন্নয়ন সমিতি খনে বৰপেটাৰ উন্নয়নৰ ক্ষেত্ৰত বলিষ্ঠ ভুমিকা গ্ৰহণ কৰাৰ বাবে একাংশই অাহ্বান জনাইছে। অন্যথা এই অঞ্চলৰ উন্নয়ন বিচাৰি চিঞৰি থাকিলেও কোনো কাম নহ'ব বুলি বৰপেটাবাসী ৰাইজে  ধাৰণা কৰিছে । সেয়ে বৰপেটাৰ উন্নয়নৰ স্বাৰ্থত সাংসদ অাব্দুল খালেক,বৰপেটাৰ বিধায়ক অাব্দুৰ ৰহিম অাহমেদ,সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ,চেঙা সমষ্টিৰ বিধায়ক অাশ্ৰাফুল হুছেইন,বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান অালী অাহমেদ, জনিয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম অাৰু সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ একগোট হৈ উন্নয়ৰ জখলাৰে অাগবাঢ়িবলৈ বৰপেটাৰ সচেতন ৰাইজে দাবী জনাইছে। (ফটো অাছে)


# বৰপেটাৰ "গৰীব কল্যাণ সন্মিলন"ত মুখ্য অতিথি সাংসদ ভূৱনেশ্বৰ কলিতাঃ কেন্দ্ৰীয় আঁচনিৰ হিতাধিকাৰীয়ে কলে মনৰ কথা #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩১ মেঃ দেশৰ অন্যান্য অংশৰ লগতে আজি বৰপেটা জিলাতো স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষত  কেন্দ্ৰীয় আঁচনিৰ  হিতাধিকাৰী সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত " গৰীব কল্যাণ সন্মিলন" শীৰ্ষক এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংসদ ভূৱনেশ্বৰ কলিতাই কয় যে, এতিয়া আমাৰ দেশৰ দৰিদ্ৰৰো দৰিদ্ৰ জনৰ উন্নয়নৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা সীমাহীন আঁচনি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সঠিক ৰূপায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেয়ে এতিয়া দেশৰ পৰিস্থিতি সলনি হ'ব ধৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, এতিয়া বিকাশে এটি নতুন গতি লাভ কৰিছে। ৰাজ্যসভাৰ সদস্য গৰাকীয়ে তেওঁৰ ভাষণত আৰু কয় যে,  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতবৰ্ষক এখন বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ ৰূপে গঢ়াৰ সপোন পূৰণ কৰিবলৈ আমি সকলোৱে একত্ৰিত ভাবে সংকল্প গ্ৰহণ কৰিব লাগিব। সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে দিয়া আদৰণি ভাষণত কয় যে, দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষ পূৰ্তি উপলক্ষে আয়োজিত এয়া এক অভিনৱ আৰু অভিলাষী কাৰ্যসূচী যাৰ দ্বাৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একে সময়তে দেশৰ সকলো প্ৰান্তৰ প্ৰতিখন জিলাৰ লক্ষাধিক দৰিদ্ৰ লোকৰ সৈতে ভাৰ্চুৱেলী সংযোগ স্থাপন কৰিছে। এনে এটি অনুষ্ঠানৰ আয়োজন কৰিবলৈ পাই তেওঁ গৰ্ব অনুভৱ কৰা বুলি মত ব্যক্ত কৰে। উপায়ুক্ত গৰাকীয়ে  আজিৰ কাৰ্যসূচীৰ সবিশেষ ব্যাখ্যাও দাঙি ধৰে। শৰ্মিষ্ঠা দাসে আতঁধৰা অনুষ্ঠানটোত বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ কেইবাজনো হিতাধিকাৰীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।   ইয়াৰ পূৰ্বে  ৰূপচী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাৰ মাজতে ডিব্ৰুগড়ত আয়োজিত ৰাজ্যিক অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ বিশাল পৰ্দাত প্ৰদৰ্শন কৰাৰ পিছতে হিমাচল প্ৰদেশৰ ছিমলাত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ১৩ খন কেন্দ্ৰীয় আঁচনিৰ ২০ গৰাকীকৈ  হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকক প্ৰশাসনৰ তৰফৰ পৰা গাড়ীৰে অনা-নিয়াৰ ব্যৱস্থা কৰা হয় বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, বিশিষ্ট শিক্ষাবিদ সত্যকৃষ্ণ মিশ্ৰ, সাহিত্যিক নিৰূপমা মিশ্ৰৰ উপৰি জিলা প্ৰশাসনৰ জেষ্ঠ্য বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আদিও এই অনুষ্ঠানত উপস্থিত থাকে। (ফটো অাছে)


ৰাজ্যজুৰি হৰিদেৱৰ তিৰোভাৱ তিথি পালনঃ 
বহৰি সত্ৰত সামৰণি পৰিল ৫ দিনীয়া মহোৎসৱৰ ৷


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩০ মেঃ ২৬ মেৰ পৰা বহৰি সত্ৰত পালন কৰা মহাপুৰুষ হৰিদৱৰ তিৰোভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে ৷ গুৰুজনাই স্থাপন কৰা বহৰি সত্ৰত কালি তিৰোভাৱ তিথিৰ গোন্ধসভা পালনৰ পিচত আজি তিৰোভাৱ তিথিৰ মুল সভা মহোৎসৱ পালন কৰা হয় ৷ আজি বহৰি সত্ৰত ব্ৰহ্ম মুহূৰ্তত উষা কীৰ্তনৰ পিচতে আয়তী সকলৰ  প্ৰসংগ অনুষ্ঠিত হয় ৷ ইয়াৰ পিচতে হৰিদেৱ গুৰুজনাৰ গুৰুচৰিত পাঠ অনুষ্ঠিত হয় ৷ গুৰুচৰিত পাঠৰ পিচতে গুৰুজনাৰ ৰাজহুৱা শ্ৰাদ্ধ অনুষ্ঠান সম্পন্ন কৰাৰ অন্তত শৈলেন্দ্ৰ নাথ গোস্বামীয়ে ব্ৰহ্মপুত্ৰ নদীত পিণ্ডদান কৰে ৷ ইপিনে তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে ৰাজহুৱা নাম প্ৰসংগৰ লগতে মৈৰামাৰা সত্ৰৰ চতুৰ্ভূজ নামদলে ঠিয়নাম পৰিবেশন কৰে ৷ ব্ৰহ্মপুত্ৰত পিণ্ডদান কাৰ্যৰ পিচতে সত্ৰৰ ভকতৰ ঠিয়নাম পৰিবেশনৰ পিচত হাজাৰ হাজাৰ ভক্তৰথ মাজত প্ৰসাদ বিতৰন কৰা হয় ৷ ইপিনে সন্ধিয়া 'ভাগৰ প্ৰসাদ' বিতৰনেৰে গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱৰ সানৰনি পৰে ৷ আজি সভা মহোৎসৱৰ বিশিষ্ঠ অতিথি হিচাপে বৰপেটা মেডিকেল কলেজ হস্পিটালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে সত্ৰত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ লগতে সত্ৰত সেৱা জনায় ৷ বিগত ৫ দিন ধৰি হৰিনাম কীৰ্তন আৰু কৃষ্ণ নামেৰে মুখৰিত হৈ পৰা বহৰি সত্ৰৰ হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱৰ সানৰনিৰ লগে লগে নিজম পৰে বহৰি সত্ৰ চৌহদ ৷ ইপিনে বৈষ্ণৱ ধৰ্ম প্ৰচাৰক, বহৰি সত্ৰৰ প্ৰতিষ্ঠাপক মহাপুৰুষ হৰিদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ ৰাজ্যৰ বহু নামঘৰ, সত্ৰ আদিত পালন কৰা হয় ৷ গুৰুজনাই স্থাপন কৰা বহৰি সত্ৰৰ লগতে আজি বৰপেটাৰ হাউলীৰ মৌটুপুৰী, চেঙা, হৰিপুৰ সত্ৰ, বনিয়াকুছি, শুভা, হালধিবাৰী, সৰ্থেবাৰী, পাঠশালাৰ হৰিপুৰ, বেজকুছি, নলবাৰী জিলাৰ জাগাৰা, কৈহাটী, ৰামপুৰ, বৰতলা, দৌলাশাল, নপ্তিপাৰা, টিহু আদিকে ধৰি বহু সত্ৰ নামঘৰত গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷ ইপিনে উত্তৰ পূব ভাৰত হৰিদেৱ সংঘই জনোৱামতে বৰপেটা, নলবাৰী, কামৰূপ, গুৱাহাটী, দৰং, লখিমপুৰ, বঙাইগাও, গোৱালপাৰা আদিকে ধৰি বিভিন্ন জিলাৰ হৰিদেৱ গুৰু অনুগামী সত্ৰ নামঘৰ সমুহত গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে নাম প্ৰসংগ অনুষ্ঠিত হয় ৷


"আমাক মুছলমানৰ প্ৰমাণ পত্ৰ নালাগে,  জনগোষ্ঠীয় পৰিচয় দিয়ক আমাক" -গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ।

প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা , ৩০ মেঃ "আমাক মুছলমানৰ প্ৰমাণ পত্ৰ নালাগে, আমাক জনগোষ্ঠীয় পৰিচয় দিয়ক" -এই দাবী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ। পৰিষদৰ বৰপেটা জিলা সভাপতি চলমান হুছেইনে এক প্ৰেছ বিজ্ঞপ্তি যোগে চৰকাৰলৈ এই দাবী জনায়। ২৯ মে'ত অসম চৰকাৰৰ কেবিনেট বৈঠকত সংখ্যালঘু সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি এইদৰে ক্ষোভ প্ৰকাশ কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে প্ৰশ্ন উত্থাপন কৰি কয় যে - "কেবিনেট বৈঠকত অসমৰ কোনখিনি সংখ্যালঘু মুছলমানক প্ৰমাণ পত্ৰ প্ৰদান কৰিব বিচাৰিছে? সেইয়া স্পষ্ট কৰক চৰকাৰে। আমাক সংখ্যালঘুৰ নামত প্ৰমাণ পত্ৰ দি আকৌ ত্যক্ত নিদিব বুলি পৰিতাপেৰে উল্লেখ কৰি লগতে কয় যে সংখ্যালঘুৰ নামত আমি ইতিমধ্যেই বছৰ বছৰ ধৰি নিস্পেষিত, বঞ্চিত হৈ আহিছোঁ। প্ৰৱজনকাৰী মুছলমানৰ লগত আকৌ আমাক একাকাৰ কৰি দুখ নিদিব । আমাক ৰাজনৈতিকভাৱে হত্যা নকৰিব! বৰ্তমান সময়ত আমাৰ এগৰাকীও মন্ত্ৰী, বিধায়ক, সাংসদ নাই। যাৰ বাবে সদনত আমাৰ এই জনগোষ্ঠীৰ স্বাৰ্থত কোনো জনপ্ৰতিনিধিয়ে নিস্বাৰ্থভাৱে মাত মতা পৰিলক্ষিত হোৱা নাই। ফলত সময়ৰ সৈতে খোজ মিলাই আমাৰ জনগোষ্ঠীটো আগুৱাই যাব পৰা নাই। চৰকাৰী বিভিন্ন সা-সুবিধাৰ পৰাওঁ বঞ্চিত হৈ আহিছে আমাৰ জনগোষ্ঠীৰ লোকসকল। আমি অসমৰ অন্যান্য জনগোষ্ঠীৰ লেখিয়াকৈ অসমৰ বায়ু, পানী, মাটিৰ সৈতে হেজাৰ বছৰ পূৰ্বে একাকাৰ হৈছোঁ। অসমীয়া জাতিক ৰক্ষাৰ বাবে আমি শ শ গৰিয়া মৰিয়া দেশীয়ে আত্মবলিদান দিছোঁ। ধৰ্মতকৈ জাতিক অধিক প্ৰাধান্য দি একে ধৰ্মৰে মোগলৰ বিৰুদ্ধে যুঁজ দি আহিছোঁ আমি। একমাত্ৰ অসমভূমিক ৰক্ষা কৰাৰ স্বাৰ্থত নিজৰ ধৰ্মীয় পৰিচয় পূৰ্বৰ পৰাই পাহৰি আহিছো। অসমৰ অন্যান্য জাতি, জনগোষ্ঠীৰ সমান্তৰালকৈ আমিওঁ সকলো ক্ষেত্ৰতে সুবিধা পোৱাটো আমাৰ প্ৰাপ্য। অন্যান্য জনগোষ্ঠীৰ লোকসকলক যদি জনগোষ্ঠীয় পৰিচয় প্ৰদান কৰি সেই জাতিক আগুৱাই যোৱাত চৰকাৰে সহযোগ কৰিব পাৰে তেন্তে যুগ যুগ ধৰি বঞ্চিত, নিপীড়িত, নিস্পেষিত গৰিয়া মৰিয়া দেশী লোকসকলক কিয় এই সুবিধাৰ পৰা বঞ্চিত কৰা হয়? আমিওঁ এইখন অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ। অসমৰ ইতিহাসৰ গৌৰৱৰ অধিকাৰী। ধৰ্মৰ দোহাই দি আমাক এলাগী নকৰিব। আমি বহুত আঘাত পাম। আমাৰ জনগোষ্ঠীৰ আঠশ বছৰতকৈ অধিক সময়ৰ সোণালী ইতিহাস আছে এইখন অসমত। অসমীয়া ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা, আচাৰ-ব্যৱহাৰ আদি সকলো দিশতে আমি অতীজৰে পৰাই অসমীয়া ভূমিপুত্ৰ। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে যুগে যুগে হোৱা বিভিন্ন আন্দোলন, সংগ্ৰামত আমি প্ৰত্যক্ষভাৱে জড়িত হৈ শত্ৰুপক্ষৰ আক্ৰমণক ভেটিছো। তৎস্বত্তেও আমাক কিহৰ স্বাৰ্থত কেবল ধৰ্মীয় পৰিচয়েৰে আমাৰ জাতিটোক নিঃশেষ কৰিব বিচৰা হৈছে সেইয়া আমি বুজি নাপাওঁ। অসমৰ ইতিহাসৰ প্ৰতিটো অধ্যায়তে আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে চিহ্নিত হৈ আহিছোঁ । কিন্তু খিলঞ্জীয়া চৰকাৰ বুলি জাহিৰ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাৰ দুখ-বেদনাবোৰ উপলব্ধি নকৰে নেকি? যাৰ বাবে অসমৰ বংগীয়মূলৰ মুছলমান আৰু থলুৱা মুছলমানক একাকাৰ কৰি সংখ্যালঘুৰ নামত প্ৰমাণ পত্ৰ প্ৰদান কৰিব বিচাৰিছে। ২০০৫ চনৰ পৰাই জনগোষ্ঠীয় পৰিচয়ৰ স্বীকৃতি আৰু সুকীয়া জৰীপৰ দাবীত আমি সংগ্ৰাম কৰি আহিছোঁ। আমাৰ সংগ্ৰামৰ কোনো মূল্য নাই নেকি? কালি কেবিনেট বৈঠকত লোৱা সিদ্ধান্তত হতচকিত হৈছে অসমৰ খিলঞ্জীয়া মুছলমান লোকসকল"-এক প্ৰেছ বিজ্ঞপ্তিযোগে এইদৰে অতি পৰিতাপেৰে কয় সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলাৰ সভাপতি চলমান হুছেইনে । এই ক্ষেত্ৰত পুনৰ বিবেচনাৰ বাবে চৰকাৰলৈ আহ্বান জনায় পৰিষদে । অন্যথা জনগোষ্ঠীৰ স্বাৰ্থত ৰাজপথত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে । (ফটো অাছে)


*আজি দেশৰ অন্যান্য অংশৰ লগতে প্ৰধান মন্ত্ৰী মোদীৰ সৈতে বৰপেটাৰ হিতাধিকাৰীয়ে কৰিব বাৰ্তালাপ*          //////         *জিলা পুথিভঁৰালত  প্ৰশাসনৰ ব্যাপক আয়োজন*                       


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩০ মে:   দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষত আয়োজিত "আজাদী কা অমৃত মহোৎসৱ " ৰ সৈতে সংগতি ৰাখি কাইলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত ১৩ খন আঁচনিৰ অধীনৰ হিতাধিকাৰী সকলৰ সৈতে একেসময়তে মত বিনিময় কৰিব ।  বহুতো আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা নিযুতৰ ঘৰত থকাৰ বিপৰীতে আন একাংশ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে কেইবা কোটিও । উক্ত আঁচনি সমূহে আর্থিক ভাৱে দুৰ্বল আৰু দৰিদ্ৰ জনসাধাৰণক সাঙুৰি লয় । সেয়েহে , প্রধানমন্ত্রীৰ এই অনুষ্ঠানটোৰ নাম দিয়া হৈছে " গৰিব কল্যাণ সন্মিলন " । এই মত বিনিময়ৰ মুখ্য উদ্দেশ্য কেৱল মাত্র এই আঁচনি সমূহে নাগৰিকসকলৰ জীৱন ধাৰণ কেনেদৰে সহজ কৰি তুলিছে সেয়া উপলব্ধি কৰাই নহয় , ইয়াৰ একত্ৰীকৰণ আৰু সংপৃক্ততাৰ সম্ভাৱনাও অন্বেষণ কৰিব আৰু এই অনুষ্ঠানে ভাৰতৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ আকাংক্ষাৰ মূল্যায়ণ কৰাৰো সুযোগ প্রদান কৰিব বুলি আশা কৰা হৈছে।  এই সন্মিলনখনেই হ'ব দেশৰ সকলো জিলাকে সামৰি দেশজোৰা মত বিনিময়ৰ সৰ্ববৃহৎ একক অনুষ্ঠান  কাইলৈ প্রধানমন্ত্ৰীয়ে  আবাসগৃহ নির্মাণ , খোৱাপানীৰ যোগান , খাদ্য , স্বাস্থ্য আৰু পুষ্টিৰ লগতে জীৱিকা তথা বিত্তীয় অন্তর্ভুক্তি ৰূপায়িত বিস্তৃত আঁচনি সমূহে হিতাধিকাৰী সকলৰ জীৱনত কি প্ৰভাৱ পেলাইছে সেই বিষয়ে মত বিনিময় কৰিব । এই আঁচনি সমূহ হৈছে  - প্রধান মন্ত্রী আৱাস যোজনা ( গ্রামীণ আৰু চহৰাঞ্চল ), প্রধান মন্ত্রী কিষাণ সন্মান নিধি, প্রধান মন্ত্রী উজ্জ্বলা আঁচনি,  প্রধান মন্ত্রী মাত্রু বন্দনা যোজনা,   স্বচ্ছ ভাৰত অভিযান ( গ্রামীণ আৰু চহৰাঞ্চল ), জল জীৱন মিছন আৰু অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আর্বান ট্রেন্সফর্মেচন ( AMRUT ), প্রধান মন্ত্রী স্বনিধি আঁচনি, এক ৰাষ্ট্ৰ  এক ৰেচন কাৰ্ড,  প্রধান মন্ত্রী গৰীব কল্যাণ অন্ন যোজনা, আয়ুষ্মান ভাৰত প্ৰধান মন্ত্রী জন আৰোগ্য যোজনা,  আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আৰু প্রধান মন্ত্রী মুদ্রা যোজনা।  প্ৰতিখন আঁচনিৰ ২০ গৰাকীকৈ হিতাধিকাৰীক কাইলৈৰ জিলা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে। বৰপেটা জিলাই এই গৰিমাময় অনুষ্ঠানৰ অংশ হিচাবে জড়িত হবলৈ পাই গৌৰৱান্বিত বুলি উল্লেখ কৰি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে জনাইছে যে, কাইলৈ পুৱা  ৮.৩০ পৰা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগীয়া কাৰ্যসূচীৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অনুষ্ঠানটোত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে সভাপতিত্ব কৰিব। লগতে জিলাখনৰ বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকিব । জিলা পর্যায়ত এই অনুষ্ঠানটো পুৱা ১১ বজাৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হ'ব , যেতিয়া মাননীয় প্রধানমন্ত্রীয়ে চিমলাৰ পৰা দেশৰ হিতাধিকাৰী সকলৰ সৈতে ভার্চুৱেলি মত বিনিময় কৰিব । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সম্মিলন ছিমলাত অনুষ্ঠিত হ'ব য'ত প্রধানমন্ত্রী ডাঙৰীয়াই সমগ্ৰ দেশ জুৰি বিয়পি থকা হিতাধিকাৰী সকলৰ সৈতে ভিডিও কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰিব । প্রধানমন্ত্রীয়ে এই অনুষ্ঠানতে কিষাণ সন্মান নিধিৰ একাদশ সংখ্যক কিস্তি মুকলি কৰিব । এই সন্মিলন খনি দূৰদৰ্শনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চেনেল সমূহত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব । আনহাতে , MyGov  ৰ জৰিয়তে অনুষ্ঠানটিৰ ৱেবকাষ্ট কৰাৰো ব্যৱস্থা কৰা হৈছে যাৰ বাবে জনসাধাৰণে ইয়াত পঞ্জীয়ন কৰিব লাগিব । বিভিন্ন সামাজিক মাধ্যম যেনে- ইউটিউব , ফেচবুক , টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে এই অনুষ্ঠানটি উপভোগ কৰিব পাৰিব । এই মত বিনিময় অনুষ্ঠানে কেৱল নাগৰিক সকলৰ জীৱন ধাৰণ সুচল কৰি তোলা আঁচনিসমূহৰ প্ৰতি জনকেন্দ্রিক দৃষ্টিভংগীকে আলোকপাত নকৰে , জনসাধাৰণৰ আকাংশাৰ বিষয়ে চৰকাৰকো প্ৰবুদ্ধ কৰাৰ লগতে দেশৰ এই প্ৰগতিৰ যাত্ৰাত যাতে কোনেও বাদ পৰি নাযায় সেয়াও নিশ্চিত কৰাত সহায় কৰিব বুলি  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে ।


তামুলপুৰত পিএমএৱাই-জি আঁচনিৰ অধীনত চৰকাৰী আৱাসগৃহৰ ৩৮৭৭ গৰাকী হিতাধিকাৰীৰ নাম ঘোষণা। প্ৰথম কৃষ্টিৰ ধন মুকলিৰ আনুষ্ঠানিকতাৰ লগতে সজাগতা সভা সম্পন্ন।


নয়নজ্যোতি দাস, তামুলপুৰ ৩০ মে:- 

জিলা সদৰৰ তামুলপুৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয় প্ৰাঙ্গণত পিএমএৱাই-জি আঁচনিৰ অধীনত চৰকাৰী আৱাসগৃহৰ হিতাধিকাৰীসকলৰ বাবে আজি এখন সজাগতামূলক তথা প্ৰথম কৃষ্টিৰ ধন প্ৰধান কৰা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, চৰকাৰী মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভা, দৰঙাজুলী সমষ্টিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী ,তামুলপুৰ উন্নয়ন খণ্ডৰ গাননিক অনিল মেধি সহ তামুলপুৰ উন্নয়ন খণ্ডৰ বিষয়ববীয়া তথা শাসকীয়  দলৰ নেতা কৰ্মী, হিতাধিকাৰী সহ অঞ্চলটোৰ প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। আজিৰ এই সভাত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুযায়ী  চৰকাৰী বাসগৃহৰ ক্ষেত্ৰত কোনো লোককে যাতে এটকাও নিদিয়ে বা  দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৰাইজক। লগতে হিতাধিকাৰী সকলক ৯০ দিনৰ ভিতৰত এই বাসগৃহ সমূহ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই বিভাগীয় কৰ্তৃপক্ষই। মুঠ ৩৮৭৭ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিবলগীয়া পিএমএৱাইজি গৃহৰ আজি ১৪০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক ভাৱে প্ৰথম কৃষ্টিৰ  ধন প্ৰদান কৰে। বাকী থকা হিতাধিকাৰী সকলোৰো প্ৰথম কৃষ্টিৰ ধন সমূহ কালিৰ পৰা অন লাইন যোগে নিজা নিজা বেংক একাউণ্টত জমা হব বুলি জানিব দিয়ে। এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে কয় যে প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহ প্ৰতিগৰাকী হিতাধিকাৰীয়ে যাতে সঠিক ভাবে নিৰ্মান কৰে । গৃহৰ নামত জমা হোৱা ধনৰাশি যাতে অইন কামত ব্যৱহাৰ নকৰে তাৰ বাবে হিতাধিকাৰীক আহ্বান জনায়। অন্যথাই সপোনৰ ঘৰটি সপোন হৈয়ে ৰব বুলি কয়।



চিৰাঙ জিলা তৃণমূল কংগ্ৰেছৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান।

দৈনিক আমাৰ প্ৰণাম , ৩০ মে 
চিৰাং 
---------------------------------------
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আনন্দ বাজাৰ আলাওৰি ভিচিডিৰ ইউপিপিএল দলৰ মেম্বাৰ বলোৰাম দাসে ধলা দন্দা গাঁৱৰ দৰিদ্ৰ নিচলা শ্ৰমিকৰ পৰা  প্ৰতিজন হিতাধিকাৰীৰ পৰা এহেজাৰ পৰা দুহেজাৰ টকাকৈ ধন সংগ্ৰহ কৰাৰ  চাৰি-পাঁচমাহ উকলি যোৱাৰ পিছতো ঘৰৰ কাম আৰম্ভ হোৱা নাই। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে ভুক্তভোগী হিতাধিকাৰী সকল। এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই অসমৰ বিভিন্ন জনপ্ৰিয় ডিজিটেল প্লেটফৰ্মত বাতৰি সম্প্ৰচাৰ হৈছে।এই ঘটনা সত্যতা নিৰূপণ কৰিবলৈ চিৰাঙ জিলা তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে আকস্মিক ভাবে উক্ত গাওঁত খবৰ লওঁ আৰু সংবাদ মাধ্যম বাতৰি ১০০%শুদ্ধ বুলি পতিয়ন যাওঁ।এই বাতৰিৰ আলম লৈ উক্ত গাওঁৰ গাওঁবুঢ়া গণেশ মণ্ডল ৰাইজ মেল অনুষ্ঠিত কৰে য'ত অঞ্চলটোৰ প্ৰতিগৰাকী হিতাধিকাৰী আনন্দ বাজাৰ আলাওৰি ভিচিডিৰ ইউপিপিএল দলৰ মেম্বাৰ বলোৰাম দাসে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ১০০০-২০০০টকা পৰ্যন্ত উৎকোচ লোৱা বুলি ৰাইজমেলতো মুকলি কৈ সকলোৰ আগত অবাগত কৰে। 
    সেয়েহে এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি দুৰ্ণীতিগ্ৰস্ত বিষয়া ও ভিচিডিচিৰ মেম্বাৰ,চেয়াৰমেনৰ ওপৰত কোঠৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি অসম তৃণমূল কংগ্ৰেছৰ চিৰাঙ জিলা সমিতিৰ আহ্বায়ক সহ সজাতি দলে বিজনী মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সহ চিৰাঙ জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰৰ প্ৰৰণৰ জৰিয়তে  দুৰ্ণীতিগ্ৰস্ত বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে সঁচাই ব্যতিক্ৰম অসমৰ মুখ্যমন্ত্ৰী তাৰ উৎকৃষ্ট উদাহৰণ ৰাইজৰ মাজত দাঙি ধৰিবলৈ আহব্বান জনায়।



চিৰাঙ জিলা তৃণমূল কংগ্ৰেছৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান।

দৈনিক আমাৰ প্ৰণাম , ৩০ মে 
চিৰাং 
---------------------------------------
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আনন্দ বাজাৰ আলাওৰি ভিচিডিৰ ইউপিপিএল দলৰ মেম্বাৰ বলোৰাম দাসে ধলা দন্দা গাঁৱৰ দৰিদ্ৰ নিচলা শ্ৰমিকৰ পৰা  প্ৰতিজন হিতাধিকাৰীৰ পৰা এহেজাৰ পৰা দুহেজাৰ টকাকৈ ধন সংগ্ৰহ কৰাৰ  চাৰি-পাঁচমাহ উকলি যোৱাৰ পিছতো ঘৰৰ কাম আৰম্ভ হোৱা নাই। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে ভুক্তভোগী হিতাধিকাৰী সকল। এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যেই অসমৰ বিভিন্ন জনপ্ৰিয় ডিজিটেল প্লেটফৰ্মত বাতৰি সম্প্ৰচাৰ হৈছে।এই ঘটনা সত্যতা নিৰূপণ কৰিবলৈ চিৰাঙ জিলা তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে আকস্মিক ভাবে উক্ত গাওঁত খবৰ লওঁ আৰু সংবাদ মাধ্যম বাতৰি ১০০%শুদ্ধ বুলি পতিয়ন যাওঁ।এই বাতৰিৰ আলম লৈ উক্ত গাওঁৰ গাওঁবুঢ়া গণেশ মণ্ডল ৰাইজ মেল অনুষ্ঠিত কৰে য'ত অঞ্চলটোৰ প্ৰতিগৰাকী হিতাধিকাৰী আনন্দ বাজাৰ আলাওৰি ভিচিডিৰ ইউপিপিএল দলৰ মেম্বাৰ বলোৰাম দাসে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ১০০০-২০০০টকা পৰ্যন্ত উৎকোচ লোৱা বুলি ৰাইজমেলতো মুকলি কৈ সকলোৰ আগত অবাগত কৰে। 
    সেয়েহে এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি দুৰ্ণীতিগ্ৰস্ত বিষয়া ও ভিচিডিচিৰ মেম্বাৰ,চেয়াৰমেনৰ ওপৰত কোঠৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি অসম তৃণমূল কংগ্ৰেছৰ চিৰাঙ জিলা সমিতিৰ আহ্বায়ক সহ সজাতি দলে বিজনী মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সহ চিৰাঙ জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰৰ প্ৰৰণৰ জৰিয়তে  দুৰ্ণীতিগ্ৰস্ত বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে সঁচাই ব্যতিক্ৰম অসমৰ মুখ্যমন্ত্ৰী তাৰ উৎকৃষ্ট উদাহৰণ ৰাইজৰ মাজত দাঙি ধৰিবলৈ আহব্বান জনায়।


*ৰৌমাৰীত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ , কাৰ্যকৰ্তা বিকাশ বৰ্গ ৰ সফল সমাপন*
*********************************
দৈনিক আমাৰ প্ৰণাম সেৱা , বেদেতী ;
যোৱা ইংৰাজী ২৮ আৰু ২৯ মে তাৰিখে , বিশ্বনাথ জিলাৰ বটিমাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰোমাৰী গাওঁত , "সেৱা ভাৰতী পূৰ্বঞ্চল" ৰ লক্ষীমপুৰ আৰু বিশ্বনাথ জিলাৰ সেৱা ভাৰতীৰ খণ্ড আৰু  জিলা স্তৰৰ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত দুদিনীয়া কাৰ্যসূচীৰে "কাৰ্যকৰ্তা বিকাশ বৰ্গ" ৰ সফল সমাপ্তি হয়  । উক্ত কাৰ্যকৰ্তা বিকাশ বৰ্গত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ প্ৰান্ত সংগঠন মন্ত্ৰী শ্ৰী বিপুল কুমাৰ ডেকা  , সেৱা ভাৰতীৰ প্ৰাক্তন বিভাগ টোলিৰ প্ৰমূখ শ্ৰীভদ্ৰেশ্বৰ ডেকা , আৰু সেৱা ভাৰতী গ্ৰামবিকাশ আয়ামৰ সহ: প্ৰান্ত প্ৰমূখ শ্ৰী বিপ্লৱ ৰয়  । ২৮ তাৰিখ, শনিবাৰে সন্ধিয়া ৫ বজাত অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে - সেৱা ভাৰতীৰ লক্ষীমপুৰ বিভাগৰ , বিভাগ সংযোজক শ্ৰী ৰঞ্জিত বুঢ়া গোহাঁইয়ে  । কাৰ্যকৰ্তা বিকাশ বৰ্গত বিশ্বনাথ আৰু লক্ষীমপুৰ জিলাৰ মুঠ ৩০ জন  দায়িত্বশীল কাৰ্যকৰ্তাক বিভিন্ন সামাজিক বিষয় ও হোমিঅ পেথী ঔষধ আৰু স্বাৱলম্বী যোজনাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় । বিশ্বনাথ জিলা সংযোজক শ্ৰী ললিত বৰাৰ ব্যৱস্থাপনা আৰু স্থানীয় সেৱা ভাৰতী  কাৰ্যকৰ্তা-- ৰাজেশ্বৰ চৰকাৰ, বাদল ৰয় , শ্ৰী সংগীতা ৰয় আৰু প্ৰেম বৈষ্ণৱৰ সহযোগত দুদিনীয়া কাৰ্যকৰ্তা বিকাশ বৰ্গ সুন্দৰকৈ অনুষ্ঠিত হয়  ।



*গল্প*

"এজনী অসহায় ছোৱালীৰ আধৰুৱা সপোন"
✍️ চিত্ৰলেখা সৰকাৰ 

     এখন ভিতৰুৱা অঞ্চলৰ অনু নামৰ এজনী ছোৱালীয়ে মাক বাপেক, ককা আইতা আৰু তাইৰ ভন্টীৰ লগত সুখেৰে অতিবাহিত কৰি আহিল । তাই সৰুতে ককাক আইতাকৰ তত্বাৱধানত পঢ়িবলৈ  সেই গাঁৱৰ পৰা ওলাই যায় আৰু এখন চহৰত বসবাস কৰিবলগীয়া হয় । সেই ছোৱালী জনীৰ মাক পেচাত এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু দেউতাক সেই গাঁৱৰে গুণী -মানী, ধন -সম্পত্তিৰ, সহজ-সৰল প্ৰকৃতিৰ ব্যক্তি  আছিল আৰু ককাক ওচৰৰে  এখন বিদ্যালয়ৰ  অৱসৰপ্ৰাপ্ত কৃতীশিক্ষক আছিল ।

          এদৰেই অনু অলপ অলপকৈ ডাঙৰ হ'ব ধৰিলে ককাক আইতাকৰ লগত । ককাকে তাৰে এখন ব্যক্তিগত বিদ্যালয়ত নাতিনীয়েকক নামভৰ্তি কৰি দিয়ে । আইতাকে তাইক সদায় কোঁচত উঠাই বিদ্যালয়লৈ লৈ গৈছিল । তাই সৰুতে পঢ়াৰ লগতে গান বৰ ভাল পাইছিল গাইছিল । অনু এখোজ দুখোজকৈ ডাঙৰ দীঘল হৈ অষ্টম শ্ৰেণীত পালেগৈ । তাৰ পিছত হঠাৎ তাইৰ জীৱনলৈ অন্ধকাৰ নামি আহিল । সেই অন্ধকাৰে অনুক যেন আঁৱৰি ধৰিলে । তাই ককা আইতাকৰ লগত গাঁৱৰ ঘৰলৈ আহিছিল বিশেষ কিবা অসুবিধাৰ বাবে , কিন্তু তেতিয়া ককাকৰ হঠাৎ তে বহি থকা অৱস্থাত প্ৰেচাৰষ্টক হোৱাত ককাৰ শৰীৰৰ এটা অংগ অৱশ হৈ পৰেঢ়। তৎক্ষণাৎ ককাক চিকিৎসকৰ উচৰত প্ৰেৰণ কৰা হয় । তেতিয়া চিকিৎসকে ঘৰলৈ ঘূৰাই পঠালে । ককা অলপ সুস্থ হ'ল । তেতিয়া ওচৰৰে এখন বিদ্যালয়ত নাতিনীয়েকক অষ্টম শ্ৰেণীত নামভৰ্তি কৰাই দিয়ে । তেতিয়া অনুৰ এখন অচিনাকি ঠাইত গৈ নিজকে অকলশৰীয়া অনুভৱ কৰিলে কাৰণ তাইৰ লগৰীয়া, শিক্ষাগুৰুসকল‌, সেই ঠাইৰ পৰিৱেশ সকলোবোৰ নতুন । তেতিয়া তাই তাৰ‌‌ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ওচৰৰে এখন বিদ্যালয়ত নামভৰ্তি কৰে । কিন্তু অনুৰ সপোন আছিল চহৰৰ কোনো এখন ভাল নাম থকা কলেজ বা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ । কিন্তু তাইৰ সপোন সপোন হৈয়ে ৰ'ল ।
       তেতিয়া অনুয়ে মাকক ক'লে যে মা মই সৰুতে থকা  সেই চহৰ খনলৈ পঢ়িব যাম । তেতিয়া মাকে ক'লে যে তুমি এতিয়া সৰু হৈ আছা । আৰু আজিকালি আগৰ দিন নাই । দিনকাল বেয়া হৈছে পৰিস্থিতিও আগতকে বেয়া হৈছে । এই দুবছৰ ইয়াতেই থাকি উচ্চ মাধ্যমিকৰ পৰীক্ষাটো ভালকৈ দিয়া । পিছত আৰু অলপ ডাঙৰ হৈ যেতিয়া কলেজত পঢ়িবা তেতিয়া তুমি  চহৰত পঢ়িব যাবা । এতিয়া ও তুমি বহুতো সৰু হৈ আছা ।
তাই ভাবিছিল যে তাই চহৰ লৈ গ'লে আধাতে এৰি অহা সেই বিদ্যালয়ৰ চাৰ বাইদেউ, তাইৰ প্ৰিয় ঠাই সংগীত বিদ্যালয় খনত আকৌ পঢ়িব পাৰিব । কিন্তু অনুৰ সেই সপোন যেন সপোন হৈয়ে থাকিল , বাস্তৱত পৰিণত নহ'ল । কিন্তু তেতিয়া তাই নিজকে শান্তনা দিলে যে মই     এই দুবছৰ ইয়াতেই ভালকৈ পঢ়িম । আৰু পিছত মই সেই চহৰত গৈ ডাঙৰ কলেজত পঢ়িম।
          তেতিয়া তাই আকৌ আগৰ দৰে ভালকৈ পঢ়াশুনা‌ কৰিব ধৰিলে । তাই পুনৰ সপোন দেখিব ধৰিলে যে এই দুবছৰ ইয়াতেই ভালকৈ পঢ়ি তাই তাই সৰুতে এৰি অহা চহৰ খনলৈ যাব । লাহে লাহে দিন,বাৰ, সময় পাৰ হ'বলৈ ধৰিলে । চাওঁতে চাওঁতে দুবছৰ পাৰ হ'ল তাই উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ফল দেখুৱালে । তাইৰ সেই ফলাফল তাই ভবা মতেই হ'ল । এতিয়া অনু  মনৰ স্ফুৰ্তিত  বলিয়া হৈছে কাৰণ তাইৰ মাকে তাইক কৈছিলে যে তাইক কলেজ পঢ়িবৰ বাবে চহৰলৈ যাব পাৰিব । 
  তেতিয়া তাই মাকক ক'লে যে মা মই এতিয়া সেই চহৰত যাব পাৰিম ন  মা  !!  তেতিয়া দেউতাকে ক'লে যে নাই নালাগে তুমি ইয়াতেই থাকি পঢ়া । ইয়াতেই দেখোন ইমান ভাল ভাল কলেজ আছে । তুমি ইয়াতেই থাকি পঢ়াচোন । তাই তেতিয়া মুখেৰে একো শব্দ নকৰাকৈ তাই বিচনাত ঢলি পৰিল । এক বুজাব নোৱাৰা এটি পখিলাৰ পাখিবোৰ যেন নিৰ্মম ভাবে কোনোবাই চিঙি পেলালে । তাইৰ সপোনবোৰ যেন শুকান গোলাপৰ দৰে মৰহি গ'ল ।  

         এনেকৈয়ে তাইক এই পৃথিৱীৰ পৰা চিৰবিদায় ল'লে । তাইৰ সপোনবোৰ যেন সপোন হৈয়ে ৰ'ল । সপোনবোৰ দিঠকলৈ কেতিয়াও পৰিণত নহ'ল ।

***********************************



উৰি ফুৰা ধূলিকনা
✍️ নব কাকতী 

উৰি ফুৰা ধূলিকনাই আমাকে বিচাৰি আহে , 
আমাক চিনি পায় ভালদৰে চিনি পায় ।
ধূলিকনাতে মিহলি হৈ আছে, আমাৰ আত্মীয়ৰ 
দেহৰ সুক্ষ্ম কনাবোৰ , কাহানিবাৰ সেইবাবে আহে ।
এৰিব নোৱাৰে , কেতিয়াও কাহানিও আমাক ,
তেওঁলোকৰ এৰি থৈ যোৱা আশাবোৰৰ বাবে ।
ধূলিকনাতে মোৰ উপৰি-পুৰুষ আছে , 
আৰু আছে মোৰ মা  ,
সেয়ে ধূলিকনা দেখিলে , মনত পৰে মোৰ মালৈ ।
মনত পৰে , মায়ে কোৱা 
পায়-নেপায় বিলাকলৈ  
আৰু লগতে বহু কথা , ভালদৰে জীয়াই থকাৰ ।





দক্ষিণ শালমাৰাৰ বিৰশিং জৰুৱা উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।


আঞ্চলিক পঞ্চায়ত সভাপতিৰ তদন্তৰ দাবী।


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ৩১ মেঃ- দক্ষিন শালমাৰাৰ বিৰশিং জৰুৱা উন্নয়ন খণ্ড কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাৰ বিৰুদ্ধে ভয়াৱহ অনিয়ম-দুৰ্নীতিৰ  অভিযোগ উত্থাপন কৰিছে বিৰশিং জৰুৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰবিয়াল আওৱাল মোল্লাই। আঞ্চলিক পঞ্চায়ত সভাপতি ৰবিউল আওৱাল মোল্লাই জানিবলৈ দিয়া মতে, আত্মসহায়ক গোট সমূহক সকাহ দিয়াৰ উদ্দেশ্যে এমজিএনৰেগা আঁচনিৰ অধীনত২০২০-২১ বৰ্ষত হৰ্ডিকালচাৰ প্লানটেশ্বন, ডেভেলপমেণ্ট অফ ফেল্লো ওৱেষ্ট লেণ্ড আনডাৰ এগ্ৰো নোত্ৰি গাৰডেন আৰু চুপাৰী বাগান আদিৰ নামত ৭৯ টা আত্মসহায়ক গোটক ১৬,৫০০ টকাৰ পৰা ২৫ হেজাৰ টকালৈকে ধন আৱণ্টন দিয়া হৈছে। বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধিনত থকা বাহিৰ শালমাৰা, জৰুৱা চৰ আৰু বন্দিহানা গাওঁ পঞ্চায়তৰ অন্তৰ্গত আত্মসহায়ক গোট সমূহক আৱণ্টন দিয়া হৈছে প্ৰায় ২০ লাখ কৈ টকা। অভিযোগ অনুসৰি ৭৯ টা এনে আত্মসহায়ক গোটৰ ভিতৰত একাংশ গোটক গছ পুলি, আদি যোগান ধৰিছে ঠিকাদাৰৰূপী খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাই। তাৰ পাছৰ পৰাই ৰহস্যজনক ভাবে আত্মসহায়ক গোটসমূহৰ নামত উক্ত আঁচনিৰ বিল প্ৰস্তুত কৰিবলৈ গাণনিক বিষয়াক হেঁচা প্ৰয়োগ কৰিছে বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাই। বিৰসিং জৰুৱা আঞ্চলিক পঞ্চায়ত সভাপতি ৰবিউল আওৱাল মোল্লাৰ অভিযোগ মতে ৭৯ টা আত্মসহায়ক গোটৰ নামত প্ৰায় ২০ লাখ টকা উঠাই আত্মসাত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কাৰ্যালয়টোৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাই। সেয়ে বিৰসিং জৰুৱা উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়ত সভাপতি ৰবিউল আওৱাল মোল্লাই চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনক উক্ত আঁচনিৰ কাম সমূহ তদন্ত ক্ৰমে ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ববিতা কলিতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি দাবী জনায়৷

দক্ষিণ শালমাৰাৰ পামপাৰা ডালিপাৰাৰ এদল যুৱকে নিৰ্মাণ কৰিলে এখন বাঁহৰ সাঁকো৷

জন প্ৰতিনিধিয়ে নকৰা কাম কৰি দেখুৱালে যুৱক সকলে৷


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ৩০ মেঃ-  দক্ষিণ শালমাৰাৰ পামপাৰা ডালিপাৰাৰ এদল যুৱকে দেখুৱালে মানৱতাৰ নিদৰ্শন। যিটো কাম পঞ্চায়ত প্ৰতিনিধি স্থানীয় বিধায়কে নকৰিলে সেইটো কাম কৰি দেখুৱালে ডালিপাৰা গাওঁৰ স্থানীয় এদল যুৱকে৷ দীৰ্ঘদিন ধৰি যাতায়াতৰ নামত যমৰ যাতনা ভূগি আহিছে পামপাৰা পঞ্চায়তকে ধৰি পাৰ্শৱৰ্তী অঞ্চলৰ শ শ লোকৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে। দক্ষিণ শালমাৰাৰ পামপাৰা পঞ্চায়ত এখন অতি গুৰুত্বপূৰ্ণ পথ এইটো৷ মনকৰিবলগীয়া য়ে, দক্ষিণ শালমাৰাৰ শালকাটাৰ পৰা আৰম্ভ কৰি শলিয়া, ৰাভাটাৰী, বাউশকাটা, মাটিফাটা, আমবাৰী ভুইয়াপাৰা আদি অঞ্চলৰ মানুহখিনি দৈনিক ফকিৰগঞ্জত যাবলগীয়া হয়৷ কিয়নো ফকিৰগঞ্জ হৈছে এই অঞ্চলৰ এখন সদৰ ঠাই৷ ফকিৰগঞ্জতে থানা, হামিদাবাদ উচ্চ মাধ্যমিক বিদ্যালয়, মৌলানা ভাষানী কলেজৰ লগতে প্ৰাইভেট স্কুলৰ হেজাৰ হেজাৰ লৰা ছোৱালীয়ে নিতৌ অহা যোৱা কৰে৷ কিন্তু বৰ পৰিতাপৰ বিষয় স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলোৰ চকু নপৰে এই পিছপৰা অঞ্চল খনত৷ পামপাৰা পঞ্চায়তৰ ডালিপাৰা হৈ ফকিৰগঞ্জ সোনাপাৰা বজাৰকে ধৰি কেইবাখনো পঞ্চায়ত বাসীৰ অহা যোৱাৰ একমাত্ৰ পথ হৈছে ফকিৰগঞ্জ শালকাটা সংযোগী পথ৷ পথটোৰ ডালিপাৰাত বানপানীৰ খহনীয়াই নিয়াত যাতায়াতৰ নামত জ্বলা কলা খাবলগা হৈছে শ শ লোকে৷ ইয়াৰ সৰ্বস্তৰৰ লোকে পথটোৰ দ খালত দলং নিৰ্মাণৰ বাবে দীৰ্ঘ দিনৰ পৰা দাবী জনাই আহিছে যদিও গুৰুত্ব নিদিলে পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে৷ বোকা পানী গচকি নিতৌ পথটোৰে অহা যোৱা কৰিবলগা হয় শ শ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে৷ ৰাইজৰ এনে সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, সাংসদ মৌলনা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে৷ উপায়ন্তৰ হৈ স্থানীয় এচাম সমাজ সেৱক যুৱকে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি নিৰ্মাণ কৰে এখন বাঁহৰ সাঁকো৷ যিটো সাঁকোয়ে উপকৃত কৰিছে হাজাৰ হাজাৰ পথচাৰীক৷ এই ক্ষেত্ৰত ৰাইজে চৰকাৰ, জিলা প্ৰশাসনৰ লগতে বিধায়ক আৰু সাংসদ গৰাকীলৈ অনুৰোধ জনায় অতি সোনকালে ৰাস্তাখন বান্ধি দি ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি দিবলৈ।




Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা