দক্ষিণ শালমাৰাৰ মুঠাখোৱা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ মৈমতালি৷


স্কলাৰশ্বিপৰ নামত ছাত্ৰছাত্ৰীৰ পৰা দুহেজাৰ কৈ টকা উৎকোচ৷


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৪ মেঃ- দক্ষিণ শালমাৰা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত মুঠাখোৱা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আছমত আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই বৃহৎ কেলেংকাৰীৰ৷ প্ৰধান শিক্ষক জনে ছাত্ৰছাত্ৰীৰ পৰা দুই হেজাৰকৈ টকা উঠাই আত্মসাৎ কৰা বুলি অভিযোগ পোৱা গৈছে৷ এই অভিযোগ কৰিছে স্বয়ং বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে অভিভাৱক আৰু ছাত্ৰছাত্ৰী সকলে৷ স্কলাৰশ্বিপৰ কাম কৰিবলৈ এনেদৰে ছাত্ৰ ছাত্ৰীৰ পৰা দুহেজাৰকৈ টকা লৈ দহ হাজাৰকৈ টকা ছাত্ৰ ছাত্ৰীক পোৱাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিছিল প্ৰধান শিক্ষকগৰাকীয়ে৷ কিন্তু আজিলৈকে কোনো এজন ছাত্ৰছাত্ৰীয়ে স্কলাৰশ্বিপৰ ধন পোৱা নাই বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ প্ৰধান শিক্ষক আছমত আলীয়ে ছাত্ৰছাত্ৰী সকলোক দহ হেজাৰ টকা চৰকাৰৰ ফালৰ পৰা স্কলাৰশ্বিপৰ কাম কৰি দিবলৈ প্ৰতিজন ছাত্ৰছাত্ৰীৰ পৰা দুহেজাৰ কৈ টকা আগধন হিচাপে উৎকোচ লোৱা ঘটনাই অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ উপৰিও ধুৰন্দৰ শিক্ষকগৰাকীয়ে বিদ্যালয়খনত দুপুৰীয়াৰ মধ্যাহ্ন ভোজনৰ চাউল টকা আত্মসাৎ কৰা, পোছাক বিতৰণত দুৰ্নীতি কৰা আদি বিভিন্ন বিষয়ত অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকলে৷ সেয়ে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে অভিভাৱক সকলে প্ৰধান শিক্ষক আছমত আলীৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ লগতে দক্ষিণ শালমাৰা শিক্ষাখণ্ডৰ বিষয়াক তদন্ত ক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা