ৰঙিয়া বড়িগোগত পুৱতি নিশা যুৱকৰ মৃতদেহ উদ্ধাৰ #

# হত্যা নে পথ দুৰ্ঘটনা সেইলৈ ৰাইজৰ মাজত সন্ধেহ #
দৈনিক

দৈনিক আমাৰ প্ৰণাম, ২৫ মে':- ৰঙিয়া বড়িগোগত এজন বাইক আৰোহিয়ে যোৱানিশা মৃত্যুক সাৱটি লোৱা ঘটনা এটাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে । ঘটনাৰ বিষয়ে জানিব পৰামতে ৰঙিয়াৰ সমিপৰ বড়িগোগ দলৈ চ'কত পথৰ ওপৰতে বাইক সহ মৃত অৱস্থাত এজন যুৱকক স্থানীয় ৰাইজে ৰাতিপুৱাই প্ৰত্যক্ষ কৰে । লগে লগে ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱক জনৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । অকল মুখমণ্ডলতে আঘাটৰ চিন থকা যুৱক জনৰ মৃত্যুকলৈ ৰসহ্যৰ সৃষ্টি হৈছে । পকি পথৰ ওপৰত এনেদৰে মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচত মৃত যুৱকজন ৰঙিয়া মহকুমাৰ লাউকুৰীৰ প্ৰাঞ্জিত দাস বুলি চিনাক্ত হয় ।  মৃত যুৱকজনৰ কাষতে তেওঁৰ AS01- DV-6354 নম্বৰৰ পালচাৰ বাইকখন পৰিথকা অৱস্থাত উদ্ধাৰ হয় ।  একাংশ ব্যক্তিয়ে হত্যাকাণ্ড আৰু আন একাংশ ব্যক্তিয়ে দুৰ্ঘটনা বুলি ধাৰণা কৰা ঘটনটোক লৈ সকলোৰে মাজত ৰহস্যৰ সৃষ্টি হৈছে । ইফালে জানিব পৰা মতে গুৱাহাটীৰ একোৱাগাৰ্ড কোম্পানীৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত যুৱক জনে যোৱা নিশা ৰঙিয়া বালিসত্ৰত কেইজনমান বন্ধুৰ লগত নিশাৰ আহাঢ় গ্ৰহণ কৰি ঘৰলৈ বুলি গৈছিল । যুৱক জনে নিশা কিমান সময়ত বালিসত্ৰৰ পৰা ঘৰলৈ যাত্ৰা কৰিছিল সেই বিষয়ে জানিব পৰা হোৱা নাই । গুৰুত্বপূৰ্ণ বিষয়টো হল যে যুৱক জনে নিশা তীব্ৰগতিত বাইক চলাই নিয়ন্ত্ৰণ হেৰুলৱাই পথৰ ওপৰত বাগৰি পৰি মৃত্যুক সাৱটি লৈছিল , নে দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰি কোনোবাই হত্যা কৰিছে সেইটো মোৰোনোত্তৰ পৰীক্ষাৰ পিচত নিশ্চয় জানিব পৰা যাব । 

 নছিউৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক আমাৰ প্ৰণাম ৰঙিয়া ।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা