news

ধুবুৰীৰ পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতি পদৰ উপ-নিৰ্বাচনৰ 

নিকা আৰু স্বচ্ছভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু জিলা প্ৰশাসন


ধুবুৰী, ২৮ মেঃ 

ধুবুৰী জিলাৰ ৭০ নং পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতি পদৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব৷ মুঠ ১২ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ হ'ব৷ প্ৰায় ১০ হেজাৰ গৰাকী ভোটাৰে ভোটদান কৰিবলগীয়া নিৰ্বাচনটোত প্ৰতিদ্বন্দিতা কৰিছে ক্ৰমে ইনামুল হক, গোলাম মোস্তাফা বেপাৰী আৰু ৰমেশ চন্দ্ৰ ৰায়ে৷ আজি ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয় প্ৰাংগনৰ পৰা ভোটগ্ৰহণত নিয়োজিত প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলে বেলট বাকচসহ  ভোটগ্ৰহণত প্ৰয়োজনীয় সামগ্ৰী লৈ পাগলাহাট গাঁও পঞ্চায়ত এলেকাৰ নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়৷ ভোটগ্ৰহণত ৬০ গৰাকী প্ৰিজাইডিং আৰু পোলিং বিষয়া নিয়োজিত কৰা হৈছে৷ কাইলৈ ভোটগ্ৰহণৰ পিছত বেলট বাকচসমূহ আনি কটকটীয়া নিৰাপত্তাৰ মাজত জিলা পৰিষদৰ কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমত ৰখা হ'ব৷ অহা ৩১ মে'ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব৷ নিৰ্বাচন সূচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসন সম্পূৰ্ণ সাজু বুলি সদৰি কৰে নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া তথা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে৷  দাসে সদৰি কৰে যে, পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতিগৰাকীক ইতিপূৰ্বে অনিয়মৰ অভিযোগত অপসাৰণ কৰা হৈছিল আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত ৰাজ্যিক নিৰ্বাচন আযোগে দিয়া নিৰ্দেশৰ আধাৰত নিকা আৰু স্বচ্ছভাৱে উপ-নিৰ্বাচনৰ আয়োজন কৰা হৈছে৷

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী


ধুবুৰীত ভয়–ভাবুকিৰে ধন বলপূৰ্বক ধন সংগ্ৰহ কৰি থকা দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ – দুয়োৰে পৰা উদ্ধাৰ বহু আপত্তিজনক সামগ্ৰী

ধুবুৰী, ২৮ মে'


যোৱাকালি নিশা ধুবুৰী আৰক্ষীয়ে বিভিন্ন আপত্তিজনক সামগ্ৰীসহ দুজন দাগী অপৰাধীক কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে।  ধৃত জহিৰুল ইছলাম আৰু তফিকুৰ হাছান খান নামৰ যুৱক দুজনে ভয়–ভাবুকি দি বলপূৰ্বক ধন তুলি থকা বুলি পোৱা তথ্যৰ ভিত্তিত দুয়োকে কৰায়ত্ব কৰা হোৱা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। যুৱক দুজনৰ পৰা আৰক্ষীয়ে সাইলাখ সঁচাযেন ল’গা এটা পুতলা পিস্তল, চোকা খুকুৰি জাতীয় চোকা অস্ত্ৰ, ন’কল এটিএম, ৭টা মোবাইল ফোনকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ধৃত জহিৰুলৰ ঘৰ ধুবুৰীৰ বাহাদুৰটাৰীত আৰু তফিকুৰ চহৰখনৰ বিদ্যাপাৰা অঞ্চলৰ বাসিন্দা বুলি প্ৰকাশ ।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী

ধুবুৰীৰ কালাৰহাট অঞ্চলত ই–ৰিক্সাৰে আনি থকা অৱস্থাত নিচাযুক্ত কফচিৰাপৰ বটল উদ্ধাৰ আৰক্ষীৰ – ধৃত ১

ধুবুৰী, ২৮ মে'


আজি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী কালাৰহাট অঞ্চলত আৰক্ষীয়ে অভিযান চলাই ই–ৰিক্সা এখনেৰে আনি থকা অৱস্থাত প্ৰায় বুজন পৰিমাণ নিচাযুক্ত কফচিৰাপসহ এজন ব্যক্তিক কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভে জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত আজি কালাৰহাট অঞ্চলত ধুবুৰীৰ সমীপৰ গৌৰীপুৰ চহৰৰ পৰা আহি থকা এখন ই–ৰিক্সা এখনত তালাচী চলাই আৰক্ষীৰ এটি দলে জনৈক তাহেৰ আলী নামৰ ব্যক্তিজনে ল’গত অনা আনুমানিক প্ৰায় এশ বটল নিচাযুক্ত  কফচিৰাপৰ বটল উদ্ধাৰ কৰে। ধৃত আলিক বৰ্তমানে ধুবুৰী সদৰ থানালৈ আনি আৰক্ষীয়ে জেৰা চলাই থকা বুলি প্ৰকাশ।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা