আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰা দুই যুৱকক ম্যানমাৰ - ভাৰত সীমান্তত আটক ।


দৈনিক আমাৰ প্ৰণাম মাৰ্ঘেৰিটা:আলফা (স্বা)শিবিৰৰ পৰা পলায়ন কৰি অহা দুই সদস্য সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমক  আটক  । আন্তঃজাতিক সীমান্ত অতিক্ৰম  কৰি প্ৰবেশ কৰোতে আটক কৰে ৬ নং আসাম ৰাইফলচৰ এটি তহলদাৰী দলে । ভাৰত - ম্যানমাৰৰ সীমান্ত লাজুত  দুয়োজনক আটক । অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাস্থিত আসাম ৰাইফলচৰ শিবিৰত ৰাখি সোধপোচৰ অন্তত আজি খুনচা আৰক্ষীক চমজাই দিয়ে ।  ২০২১ চনৰ নবেম্বৰ মাহত যোগদান কৰি প্ৰত্যাৱৰ্তন কৰা দুই সদস্যৰ সুৰজিৎ গগৈৰ ঘৰ পেঙেৰীৰ নলনিত আৰু শ্যামল বৰুৱাৰ ঘৰ ডিগবৈৰ মামৰণিত । শিবিৰত থাকি কষ্ট পোৱাৰ বাবে প্ৰত্যাবৰ্তন কৰা বুলি জনাইছে ।
আলফা স্বাধীনত যোগদান প্ৰত্যাবৰ্তন মৃত্যুদণ্ড ঘোষণা মৃত্যুদণ্ড বিহাৰ এক পৰিবেশৰ মাজতে পুনৰ দুগৰাকী সদস্য ম্যানমাৰৰ পৰা পলাই অহাটোৱে তাৎপৰ্য বহন  কৰিছে ।

মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিম

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা