বঙাইগাঁৱ কোকিলাত শিশু মৃত্যু দেহ উদ্ধাৰ


বঙাইগাঁওৰ প্ৰতিবেদক ২৫মেঃ-  বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বাংলাপাৰা পাৰঘাটত স্হানীয় মহিলা এগৰাকীয়ে পুৱা আনুমানিক ৯ মান বজাত কাপোৰ ধুৱলৈ পাৰঘাটত আহে। পাৰঘাটত আহি পানিত উপঙি থকা  শিশু মৃত্যু দেহ প্ৰতক্ষ্য কৰে।
পিছত মহিলা গৰাকীয়ে চিয়ৰ  বাখৰ শুনি   স্হানীয় ৰাইজে ঘটনাস্থলীত  উপস্থিত হৈ মৃত্যু দেহ পানীৰ পৰা উদ্ধাৰ কৰি  পৰিয়ালক খৱৰ  দিয়ে। উক্ত মৃত্যু শিশু টিৰ ঘৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং চালাবিলাৰ শিৱিৰত । আশ্ৰাফ আলীৰ পুত্ৰ শুকুৰ  আলী ৮ বছৰ  বুলি চিনাক্ত কৰা হৈছে। উক্ত শিশুটি যোৱা কালিৰ নদীত গাধুৱলৈ গৈ নিৰুদ্দেশ হৈছিল।  ঘটনাস্থলীত ছালাবিলাৰ  উপ আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আহি মৃত্যু দেহ টো মৰণোত্তৰ ভাৱে প্ৰেৰণ কৰে।

প্ৰেৰকঃ  কুৰবান আলী আহমেদ, বঙাইগাওঁ

Comments