news2

# ৰঙিয়া তিনিআলিত নিৰ্মাণ হব শ্ৰীমন্তশঙ্কৰদেৱ প্ৰেক্ষাগৃহ #

# প্ৰস্তাৱিত ভুমি পৰ্য্যাবেক্ষন বিধায়ক ভৱেশ কলিতাৰ #

দৈনিক আমাৰ প্ৰণাম, ৰঙিয়া ২৯ মে :- ৰঙিয়া ৭ নং ওৱাৰ্ডত সমবায় ধান মিলৰ পৰিসৰৰ ভিতৰত নিৰ্মাণ হব শ্ৰীমন্তশঙ্কৰদেৱ প্ৰেক্ষাগৃহ । শীততাপ নিয়ন্ত্ৰিত প্ৰায় এক হেজাৰ ব্যক্তিয়ে একেলগে বহিব পৰাকৈ নিৰ্মাণ হব প্ৰেক্ষাগৃহটো । ৰঙিয়াত প্ৰথমটো এনেধৰণৰ উন্নতমানৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাৰ  প্ৰাস্তাৱিত ভুমি আজি ৰঙিয়া সমষ্টিৰ বিধায় ভৱেশ কলিতাই পৰ্য্যাবেক্ষন কৰে । স্থানীয় সচেতন ৰাইজৰ উপস্থিতিত ভুমি পৰিদৰ্শন কৰাৰ পিচত বিধায়ক কলিতাই কয় যে অতি কম দিনৰ ভিতৰত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ কাৰ্য্যৰ শুভ আৰম্ভণি কৰা হব । বহু কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া প্ৰেক্ষাগৃহটো সম্পুৰ্ণ হৈ উঠিলে ৰঙিয়াৰ এটা বৃহৎ অঞ্চলৰ ৰাইজ উপকৃত হব বুলি জানিব দিয়ে বিধায়ক গৰাকীয়ে  । ইফালে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই এনেদৰে গুৰুজনাৰ নামকৰণৰে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ লোৱাত ৰঙিয়াৰ ৰাইজে শলাগ লৈছে বিধায়ক গৰাকীক । 

ৰঙিয়াৰ পৰা নছিউৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক আমাৰ প্ৰণাম ।।

বিজনীৰ উলুবাৰীত ভাৰত - পাকিস্তানৰ  মাজত অনুষ্ঠিত যুদ্ধত অৱতীৰ্ণ  সৈনিক , শ্বহীদ হোৱা সৈনিকৰ পৰিয়ালক সম্বৰ্ধনা ।

দৈনিক আমাৰ প্ৰণাম ,২৯ মে 
------------------------

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰীস্থিত উলুবাৰী আঞ্চলিক প্ৰাক্তন -সৈনিক 
সংস্থাৰ কাৰ্যালয়ত আজি  ১৯৭১ চনত ভাৰত-পাকিস্থানৰ মাজত চলা যুদ্ধত অৱতীৰ্ণ হোৱা সৈনিক , শ্বহীদ হোৱা সৈনিকৰ পৰিয়ালক লৈ  সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । 
আজিৰ সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে উলুবাৰী আঞ্চলিক প্ৰাক্তন -সৈনিক সংস্থাৰ সভাপতি সোমেশ্বৰ ৰায়ে । 
চিনিকি পৰ্ব অনুষ্ঠানটি পৰিচালনা কৰে উলুবাৰী আঞ্চলিক প্ৰাক্তন সৈনিক সংস্থাৰ সাধাৰণ সম্পাদক * তুলেশ্বৰ ৰায়ে । 

যুদ্ধত অৱতীৰ্ণ হোৱা সৈনিক ক্ৰমে - হিৰেন্দ্ৰ কুমাৰ  সাহা 
,সুৰেণ চন্দ্ৰ ৰায় ,মদন চন্দ্ৰ ৰায় ,ধৰনী ধৰ ৰাজবংশী , ৰঞ্জিত হাজং 
পুলেন চন্দ্ৰ ৰায় ,
নৰেন বড়ো , পবিত্ৰ মোহন ৰায় ,
শ্বহীদ হোৱা পৰিয়ালৰ ব্যাক্তি ক্ৰমে - কিৰণ বালা ৰায় ,বীমা বালা ৰায় , জয়মতী সুত্ৰধৰক এখন এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় -উলুবাৰী আঞ্চলিক প্ৰাক্তন-সৈনিক সংস্থাই ।

আজিৰ কাৰ্যসূচীত অতিথি হিচাপত উপস্থিত 
 থাকে - ৩৩ নং বিজনী বিধান সভা সমষ্টিৰ বিধায়ক * অজয় কুমাৰ ৰায় ,থুৰীবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন MCLA মহেনেশ্বৰ ৰায় , উলুবাৰী VCDC ৰ চিয়াৰমেন , * 
মহেনেশ্বৰ গয়াৰী 
,* ভাইচ চিয়াৰমেন * চৰিত্ৰ বৰ্মন 
 উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ * কাৰ্যকৰী সভাপতি * সিদ্ধান্ত ৰায় ,
উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক * দেৱকুমাৰ বৰ্মণৰ লগতে স্থানীয় সমাজকৰ্মী , প্ৰাক্তন সৈনিক সকল উপস্থিত থাকে ।

# জনিয়াৰ ছুনপুৰা  বেঁকী নদীত মাছমৰীয়াৰ আচোৰা জালত  উঠি আহিল গ্লেমাৰ বাইক #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৯মেঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ছুনপুৰাৰ মাজেৰে প্ৰৱাহিত বেঁকী নদীত অজি মাছ মৰীয়াই মাছ ধৰি থাকোতে  আচোৰা জালত লাগি উঠি আহিল এখন মটৰ ছাইকেল। পিছে জনিয়াৰ ছুনপুৰাত এনেদৰে বাইক উদ্ধাৰ হোৱা ঘটনাই  অঞ্চলজুৰি ‌চাঞ্চল্যৰ সৃষ্টি হৈছে। জনিয়াৰ বেঁকী নদীত মাছ মাৰি থাকোতে আচোৰা জালত লাগি উঠা গ্লেমাৰ বাইকখনৰ নম্বৰ হৈছে-এ এছ ২৫ এইচ ৯৭৪৫ । এই ঘটনা সন্দৰ্ভত ৰাইজৰ সহযোগত মাছমৰীয়া  ছানোৱাৰ হুছেইনে বালিকুৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মটৰ ছাইকেলখন উদ্ধাৰ কৰি বালিকুৰি আৰক্ষী  চকীলৈ লৈ যায়। মটৰ ছাইকেল খন কোনে কি কাৰণত ছুনপুৰা বেঁকী নদীত পেলালে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই। (ফটো আছে)

মানকাচৰ নামঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাস৷ 

নামঘৰ ৰূপালী জয়ন্তীৰ স্মাৰক গ্রন্থ শংকৰজ্যোতি শুভ  উন্মোচন৷ জিলা খনত আৰু অধিক নামঘৰ নিৰ্মাণৰ আহ্বান মন্ত্ৰীৰ৷

দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৯ মেঃ- যোৱা ২৭ মেৰ পৰা তিনিদিনীয়া বৰ্ণাট্য কাৰ্য্যসূচীৰে আৰম্ভ হোৱা মানকাচৰ নামঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ আজি অন্তিম দিনা মন্ত্ৰী ৰঞ্জিত দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকি মানকাচৰ নামঘৰ ৰূপালী জয়ন্তীৰ স্মাৰক গ্রন্থ শংকৰজ্যোতি শুভ  উন্মোচন কৰে। উল্লেখযোগ্য যে পশ্চিম অসমৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী মানকাচৰত থকা জগত গুৰু শংকৰদেৱ নামঘৰ আৰু শংকৰী কলা সংস্কৃতি বিকাশ কেন্দ্ৰ নিৰ্মাণৰ ইতিমধ্যে ২৫ বছৰ সম্পন্ন হৈছে। ২৫ বছৰ উপলক্ষে ২৭ মেৰ পৰা ২৯ মেলৈ উদযাপন কৰিবলৈ লোৱা হৈছে ৰুপালী জয়ন্তী। ইতিমধ্যে বিভিন্ন কাৰ্য্যসূচীৰে দুদিনীয়া বৰ্নাট্য কাৰ্য্যসূচীৰে শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হোৱাৰ পাছত আজি অন্তিম দিনাৰ কাৰ্য্যসূচীত মন্ত্ৰী ৰঞ্জিত দাস অংশগ্ৰহণ কৰে। মন্ত্ৰী গৰাকী দিনৰ প্ৰায় ১.৩০ বজাত হেলিকপ্টাৰ যোগে মানকাচৰৰ কামাখ্যাবাৰী হেলিপেডত অবতৰণ কৰি নামঘৰত উপস্থিত হয়। নামঘৰত মন্ত্ৰী গৰাকী সেৱা লৈ নামঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰী গৰাকীৰ সৈতে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক তথা অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষ জাবেদ ইছলাম, জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, নামঘৰৰ স্থায়ী সভাপতি ভৱানী প্ৰসাদ অধিকাৰী, নামঘৰৰ নিৰ্মান কৰা প্রতিষ্ঠাপক সম্পাদক অক্ষয় কুমাৰ ডেকাৰ লগতে জিলা প্ৰশাসনৰ বহু কেইগৰাকী বিষয়া, বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকে। এই মুকলি সভাত মন্ত্ৰী গৰাকী মানকাচৰ নামঘৰ ৰূপালী জয়ন্তীৰ স্মাৰক গ্রন্থ শংকৰজ্যোতি শুভ উন্মোচন কৰে। আনহাতে মন্ত্ৰী গৰাকী ৰূপালী জয়ন্তী অনুষ্ঠানৰ সামৰণি কৰি সাংবাদিকৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় মানকাচৰত ইতিমধ্যে পাঁচখন নামঘৰ আছে। অনাগত দিনত ভক্ত সকলে আৰু অধিক নামঘৰ নিৰ্মান কৰিবলৈ তেওঁ আহ্বান জনাই কয় যে নামঘৰ নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীৰ লগতে মুখ্যমন্ত্ৰীয়ে সকলো প্ৰকাৰৰ সহায় সহযোগিতা কৰিব। লগতে তেওঁ কয় যে মানকাচৰত থকা আন চাৰি খন নামঘৰতো তেওঁ অনাগত দিনত সেৱা জনাব৷

ধুবুৰীত চোৰাং ইউৰিয়া সাৰ জব্দ

ধুবুৰী, ২৯ মে'

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল’গতে ধুবুৰী জিলাতো চুবুৰীয়া পশ্চিমবংগৰ পৰা অহা সাৰৰ এক বিশাল চক্ৰ সক্ৰিয় হৈ থকা বুলি সময়ে সময়ে সন্দেহ উত্থাপিত হৈ আহিছে।  উত্থাপিত সেই সন্দেহ সত্য বুলি প্ৰমাণিত কৰি যোৱানিশা ধুবুৰীৰ এমকো ৰোড বজাৰ আৰক্ষী চকীৰ এটি আৰক্ষীৰ  দলে চাৰিখন ই–ৰিক্সাৰ পৰা মুঠ ৩৮ বস্তা ইউৰিয়া সাৰ জব্দ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত  যোৱা নিশা  এমকো ৰোড বজাৰ আৰক্ষী চকীৰ এটি দলে চহৰখনৰ  গাতে লাগি থকা বিদ্যাপাৰা ভাটিগাওঁ অঞ্চলৰ ৰাজপথেদি গৈ থকা চাৰিখন ই–ৰিক্সাৰ পৰা  ইউৰিয়া সাৰৰ বস্তা কেইটা জব্দ কৰে। ইপিনে দলটোক দেখি  ই–ৰিক্সা কেইখনৰ চালক কেইগৰাকী পলাই–পত্ৰং দিয়া বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। বৰ্তমানে বিষয়টো সন্দৰ্ভে আৰক্ষীৰ তদন্ত আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী

ধুবুৰীৰ সীমান্ত ভৱনত সীমান্ত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ প্ৰমাণ–পত্ৰ বিতৰণ অনুষ্ঠান – বিগত এপ্ৰিল মাহত ধুবুৰী জিলাৰ  ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী সত্ৰশালত অনুষ্ঠিত হৈ ‘সীমান্ত ক্ৰীড়া মহোৎসৱ–২২’ অংশ লোৱা ৩৭ গৰাকী খেলুৱৈক প্ৰমাণ–পত্ৰ প্ৰদান সংগঠনটোৰ

ধুবুৰী, ২৯ মে'

বিগত এপ্ৰিল মাহৰ প্ৰথম ফালে  তিনিদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী সত্ৰশালত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলাৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা ‘সীমান্ত ক্ৰীড়া উৎসৱ–২২’’  প্ৰতিযোগিতাখনত অংশ লোৱা খেলুৱৈসকলক সংগঠনটোৱে আজি আনুষ্ঠানিক ভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰে। সেই উপলক্ষে আজি দুপৰীয়াৰ ফালে  সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ, ধুবুৰী জিলাৰ ধুবুৰীস্থিত কাৰ্যালয় ‘‘সীমান্ত ভৱন’’ত অনুষ্ঠিত হৈ যায় এক  প্ৰমাণ পত্ৰ বিতৰণী অনুষ্ঠান। উক্ত অনুষ্ঠানত যোৱা যোৱা ৪, ৫ আৰু ৬ এপ্ৰিলত ধুবুৰী জিলাৰ সত্ৰশালত অনুষ্ঠিত হৈ যোৱা ‘‘সীমান্ত ক্ৰীড়া মহোৎসৱ–২২’’ত অংশ লোৱা মুঠ ৩৭ গৰাকী খেলুৱৈক সংগঠনটোৱে আনুষ্ঠানিক ভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰে। আজিৰ এই প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সংগঠনটোৰ কাৰ্য্যকৰ্তা সকলৰ উপৰিও স্থানীয় মান্যগণ্য ব্যাক্তিও উপস্থিত আছিল।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা