পথাৰত মাছ মাৰিবলৈ গৈ দ পুখুৰীত পৰি ১৯ বছৰৰ এজন যুৱকৰ মৃত্যু ।


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৬ মেঃ বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা ৰোডৰ সমীপৰ কলহভাঙাত কালি পথাৰত মাছ ধৰিবলৈ গৈ 'দ' পুখুৰীত পৰি ১৯ বছৰীয়া এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন দক্ষিণ কলহভাঙা গাওঁৰ আসাম ব্ৰিলিয়েন্ট একাডেমীত একাদশ শ্ৰেণীত অধ্যয়ন কৰা  লক্ষণ ক্ষত্ৰিয়ৰ পুত্ৰ সমৰ ক্ষত্ৰিয় বুলি জানিব পৰা গৈছে । যুৱকজনে ছয় জন সমনীয়াৰ সৈতে মাছ ধৰিবলৈ গৈছিল। পিছে সাতুৰিব নজনা যুৱকজন 'দ' পুখুৰীত পৰি উঠিব নোৱাৰাৰ ফলত ঘটনা স্থলীতে মৃত্যু হয় । পিছত এই ঘটনাৰ খবৰ পাই গাওঁ বাসী  ঘটনা স্থলীত উপস্থিত হয় আৰু শিমলাগুৰি আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে উপস্থিত হৈ যুৱকজনক বৰপেটা ৰোড চিকিৎসালয়লৈ প্ৰেৰণ কৰে  যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । সম্প্ৰতি এই ঘটণাই বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।(ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা