বিজেপিৰ বজালী জিলা আৰু ভৱানীপুৰ মণ্ডল সমিতিৰ সহযোগত আজি ভৱানীপুৰত ক'ৰোনাৰ ভেকচিন কেন্দ্ৰ মুকলি

ভৱানীপুৰৰ হৰিপুৰ এল পি স্কুলত এই টিকাকৰণ কেন্দ্ৰ স্থাপন কৰে বিজেপিয়ে

আজিৰ এই ক'ৰোনাৰ ভেকচিন কেন্দ্ৰটো মুকলি কৰে বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীয়ে। চৌধুৰীয়ে ভেকচিন চেণ্টাৰটো মুকলি কৰি ভেকচিন লোৱাৰ পূৰ্বে মানুহৰ মাজত মাস্ক বিতৰণ কৰে।

আজিৰ এই কাৰ্যসূচীটোত নগেন চৌধুৰীক সংগ দিয়ে বিজেপিৰ বজালী জিলা সমিতি আৰু ভৱানীপুৰ মণ্ডল সমিতিৰ সদস্যসকলৰ লগতে ১০৫ নং গলিয়া গাঁও পঞ্চায়তৰ কাউন্সিলৰ নিতুল দাসে।


উল্লেখ্য যে, ১০৮ জন লোকে আজি এই ভেকচিন কেন্দ্ৰটোত ভেকচিন গ্ৰহণ কৰে।

#বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা