অসম আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযানক আদৰণি ৰঙিয়া বিজেপিৰঃ প্ৰদীপ চৌধুৰীক বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন

অসম আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযানক আদৰণি ৰঙিয়া বিজেপিৰঃ  

প্ৰদীপ চৌধুৰীক বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন 

প্ৰতিবেদক , ৰঙিয়া ১৪ জুনঃ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত সমগ্ৰ ৰাজ্য জুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানক আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলা সমিতিয়ে। সমিতিয়ে এই ক্ষেত্ৰত অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ড্ৰাগছ বিৰোধী অভিযানত সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ সাজু বুলি ঘোষনা কৰে। আজি উত্তৰ কামৰূপ জিলা সমিতিৰ তৰফৰপৰা আয়োজন কৰা এক সংবাদমেলত এই কথা দৃঢ়তাৰে ঘোষনা কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ উপ সভাপতি ভৱেশ ডেকা সম্বোধন কৰা সংবাদমেলত ৰঙিয়া টাউন ব্লক মণ্ডলৰ প্ৰাক্তন সভাপতি দ্বিপেন চক্ৰৱৰ্তী, উত্তৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত ডেকা, নগৰ ব্লক মণ্ডলৰ উপ সভাপতি উত্তম পাল, সম্পাদক দীনেশ কলিতা, সাধাৰণ সম্পাদক নৱ ডেকা সহ অন্যান্য বিষয়ববীয়া সকল উপস্থিত আছিল। সংবাদমেলত ডেকাই কয় যে, ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযানত কালি আৰক্ষীৰ জালত পৰা পাঁচ জন ড্ৰাগছ সৰবৰাহকাৰীৰ লগত বিজেপিৰ বুথ কমিটিৰ এজন সাধাৰণ সদস্যও আৰক্ষীৰ জালত পৰে। প্ৰদীপ চৌধুৰী নামৰ এই সদস্য জনক তৎকালে বলবৎ হোৱাকৈ বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বিত কৰা বুলি ডেকাই সংবাদমেলত ঘোষনা কৰে। ৰঙিয়া লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত সংবাদমেলত ডেকাই আৰু কয় যে আটকাধীন প্ৰদীপ চৌধুৰী যেতিয়ালৈ আইনৰ দ্বাৰা দোষমুক্ত নহয় নাইবা তেওঁ নিজে এই অভিযোগৰ পৰা মুক্ত নহোৱা তথা নিজে নিৰ্দোষ বুলি প্ৰমাণিত নহোৱা পৰ্যন্ত তেওঁৰ নিলম্বন বাহাল থাকিব বুলি সংবাদ মেলত ঘোষনা কৰা হয়। একাংশ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডেকাই কয় যে, মিছ কলৰ জৰিয়তে সদস্য পদ গ্ৰহণ কৰা সকলো সদস্যৰ ব্যৱসায় নাইবা চৰিত্ৰ সন্দৰ্ভত বিতং জনাটো সম্ভৱ নহয়। কিন্তু একাংশ সংবাদ মাধ্যম বিশেষকৈ ওৱেব পোৰ্টেলে প্ৰদীপ চৌধুৰীক কেন্দ্ৰ কৰি দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ দিলীপ শইকীয়া, ৰঙিয়াৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা, জিলা পৰিষদৰ সদস্য লিটন কলিতা আৰু ড্ৰাগছ বিৰোধী অভিযানত দেহে কেহে লাগি থকা নিপন ভূঞা লগতে অভিনেতা যতীন বৰাক সমাজত হেয় প্ৰতিপন্ন কৰিব বিচৰাটো অত্যন্ত নিন্দনীয় তথা গৰিহণাৰ যোগ্য। তেওঁ কয় যে এই ধৰনৰ সংবাদে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বাঁধাৰ সৃৃষ্টি  কৰাৰ সম্ভাৱনা নুুুই কৰিব নোৱাৰি। তেওঁ কয় যে বিজেপিয়ে সুুস্থ সাংবাদিকতাক সদাায় সম্মান কৰি আহিছে। কিন্তু সাংবাদিকতাৰ নামত বিভেদ সৃষ্টি কৰাটো কেতিয়াও কাম্য নহয় আৰুু ই গৰিহণাৰ যোগ্য। কাৰোবাৰ লগত একেলগে প্ৰদীপ চৌধুৰীৰ ফটো থাকিলেই তেওঁক সমৰ্থন কৰাটো নুবুজায় বুলি ডেকাই সংবাদমেলত কয়। বিজেপিৰ কেবাজনো শীর্ষ নেতাৰ লগত প্ৰদীপ চৌধুৰীয়ে বিভিন্ন সময়ত তোলা কিছুমান আলোকচিত্ৰ একাংশ ওৱেব পোৰ্টেলে প্ৰচাৰ কৰি প্ৰদীপ চৌধুৰীক বিজেপিৰ  ডাঙৰ নেতা বুলি প্ৰতিপন্ন কৰিব বিচৰাত সংবাদমেলত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয়। উল্লেখ্য ৰঙিয়া আৰক্ষীয়ে শুক্ৰবাৰে নিশাৰ ভাগত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহতে বিজেপিৰ জয়ন্তীপুৰ বুথ কমিটিৰ সদস্য প্ৰদীপ চৌধুৰীৰ উপৰিও উদিয়ানা, দহৰা আৰু জয়ন্তী পুৰৰ পৰা ৰুবুল আলী, আফচাৰ আলী, জেহেৰুল হক আৰু চায়েদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি নলবাৰী জেল হাজোতলৈ প্ৰেৰণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা