বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ৰঙিয়া মহকুমা প্ৰশাসন

মথাউৰিৰ খহনীয়া প্ৰৱণ অঞ্চল সমূহ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় মহকুমাধিপতি স্বপ্নীল পালৰ

প্ৰতিবেদক , ৰঙিয়া, ১৫ জুনঃ

আগন্তুক বানপানীৰ মোকাবিলা কৰিবলৈ একপ্ৰকাৰ সাজু হৈ উঠিছে ৰঙিয়া মহকুমা প্ৰশাসন । আজি ৰঙিয়া মহকুমাৰ বৰলীয়া নৈৰ মথাউৰীয়ে মথাউৰীয়ে পৰিভ্ৰমণ কৰি সম্ভাৱ্য স্পৰ্শকাতৰ এলেকা সমূহ পৰিদৰ্শন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে । সম্ভাৱ্য বানপ্ৰৱণ এলেকা সমূহত ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰৰ ক্ষেত্ৰ-বিষয়া, জলসম্পদ বিভাগৰ অভিযন্তা সমন্বিতে এক চৰজমিন পৰ্যৱেক্ষণ কৰে মহকুমাধিপতি পালে । মহকুমাটোৰ বৰলীয়া নৈৰ উপকণ্ঠ বৰমপুৰ হাটবজালী, পিতাম্বৰ হাটবজালী, বৰকুকুৰীয়া, গোপালপুৰ, চমুখা আদি গাঁৱৰ লগতে কলমণি, জয়ন্তীপুৰ আদি খহনীয়া প্ৰৱণ অঞ্চল সমূহ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময়, অভাৱ-অভিযোগৰ বুজ লয় মহকুমাধিপতি গৰাকীয়ে ।  তেখেতে স্পৰ্শকাতৰ এলেকাত অতি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ  নিৰ্দেশ প্ৰদান কৰে। মহকুমাধিপতিৰ এই পৰিদৰ্শন কালত সহকাৰী আয়ুক্ত শ্ৰী অম্লান বৈশ্য প্ৰমূখ্যে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা,ৰঙিয়াৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া সৌৰভ বৰকটকী উপস্থিত থাকে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা