নগাঁৱত বেংকৰ আঁচনি সন্দৰ্ভত সজাগতা সভা সম্পন্ন#

নগাঁৱৰ পৰা জয়ন্ত মুুদৈ, ২৬ জুনঃ নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, নগাঁও জিলা কৰ্মচাৰী পৰিষদ আৰু ভাৰতীয় ষ্টেট বেংকৰ হয়বৰগাওঁ শাখাৰ যৌথ উদ্যোগত শুকুৰবাৰে বেংকৰ আঁঁচনি সন্দৰ্ভত এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বেংকে আগবঢ়োৱা আপন ঘৰ , বিদ্যালক্ষ্মী আদি আচঁনিৰ লগতে বিভিন্ন আচঁনিৰ বিষয়ে বেংক কৰ্তৃপক্ষই অৱগত কৰে । সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ, সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাস, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু শৰ্মা, কোষাধ্যক্ষ ধনটি শইকীয়াৰ লগতে বেংক কৰ্তৃপক্ষৰ তৰফৰ পৰা হয়বৰগাওঁ শাখা ষ্টেট বেংকৰ মূখ্য প্ৰবন্ধক ৰূপক দাস, গ্ৰাহক সমন্বয়ক তন্ময় ভৰদ্বাজ, মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰ প্ৰবন্ধক গৌৰৱ পাল, চি ভি পৰিচালক সুব্ৰত দাস প্ৰমুখ্য বিষয়াসকল উপস্থিত থাকি বেংকে আগবঢ়োৱা সা-সুবিধা সমুহৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়াই । বেংক কৰ্তৃপক্ষই লোৱা এনে প্ৰচেষ্টাই চৰকাৰী কৰ্মচাৰী সকলক সকাহ দিয়াৰ লগতে বিভিন্ন দিশত আগুৱাই যোৱাত যথেষ্ট উৎসাহ প্ৰদান কৰিব বুলি সদৌ অসম  কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে মত ব্যক্ত কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা