লংকাৰ কোভিড কেয়াৰ চেন্টাৰত চিকিৎসকক নিৰ্মম প্ৰহাৰ, ৰঙিয়াত দোষীক শাস্তিৰ দাবীত চিকিৎসকৰ প্ৰতিবাদ

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, ২ জুনঃ কালৰূপী কোভিড মহামাৰীয়ে সমগ্ৰ ৰাজ্যত ভয়াবহতা সৃষ্টি কৰাৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিনে নিশাই সেৱা আগবঢ়াই অহা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক  হোজাই জিলাৰ লংকাৰ ফুলতলি কোভিড চিকিৎসালয়ত একাংশ দুস্কৃতিকাৰীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াই দেখা দিছে।এই দুৰ্বৃত্ত সকলক আটক কৰি দৃষ্টান্ত মূলক শাস্তি দিয়াৰ উপৰিও ৰাজ্যৰ চিকিৎসালয়  সমূহত পৰ্যাপ্ত পৰিমাণে নিৰাপত্তা ৰক্ষী নিয়োগ কৰি চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক নিৰাপত্তা প্ৰদান কৰাৰ দাবীত আজি সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।আজি অসম চিকিৎসা সেৱা সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ নেতৃত্বত আৰু ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ তত্বাৱধায়ক ডাঃ নৱনীতা বৰাৰ নেতৃত্বত ৰঙিয়া মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জোনাকী ডেকাৰ উপস্থিতিত সকলো চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে ক'লা বেজ পৰিধান কৰি হাতেহাতে প্লে কাৰ্ড লৈ অৱস্থান কৰে। ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ প্ৰতিবাদী কাৰ্যসূচীত উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য, চিকিৎসক লিপিকা বৰা, ডাঃ জয়ন্ত শৰ্মা, জ্যেষ্ঠ নাৰ্ছ ৰাছিদা বেগম, প্ৰণিতা তালুকদাৰ, নিৰুপমা চৌধুৰী, অনিতা কলিতা,স্বাস্থ্যকৰ্মী অমূল্য বৈশ্য, মামনি শইকীয়া, ফাৰ্মাছিত খালেক উজ জামান, ৰিনা ভড়ালী,লেবৰেটৰী টেকনিচিয়ান বিউটি মনি ডেকা ভাস্কৰ দাস,কনিষ্ঠ সহায়ক সুইটি পাটগিৰি, গৌতম কলিতা, ভাস্কৰ নাথ প্ৰমূখ্যে চিকিৎসালয়খনৰ কৰ্মচাৰীবৃন্দ অংশগ্ৰহণ কৰে।উল্লেখ্য আজি অসম চিকিৎসা সেৱা সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া মহকুমাৰ সকলো চিকিৎসালয়ত বৰ্হিবিভাগৰ চিকিৎসা সেৱা বয়কট কৰা হয়। দোষীক উপযুক্ত শাস্তি প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত অনিৰ্দিষ্ট কাললৈ চিকিৎসা সেৱা বয়কট কৰা হব বুলি সংস্থাৰ তৰফৰ পৰা সকিয়াই দিয়া হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা