চোৰৰ উপদ্ৰৱত দিশহাৰা গোৱালপাৰাৰ এখন গাওঁঃ এমাহত এটা পৰিয়ালত দুৱাৰকৈ চুৰিকাণ্ডঃনিষ্ক্ৰিয় আৰক্ষী প্ৰশাসন

চোৰৰ উপদ্ৰৱত ত্ৰস্তমান এখন গাওঁ ৷

গাওঁখনৰ চতুৰ্দিশে এতিয়া কেৱল চোৰৰ চৰ্চা ৷ হয়, ক’ব বিচৰা হৈছে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাপাৰা নামৰ গাওঁখনৰ কথা ৷ শ্ৰীসূৰ্য পীঠস্থানৰ নিচেই কাষৰীয়া ডুবাপাৰা গাওঁখনৰ বাসিন্দাই সম্প্ৰতি চোৰৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ৷ 

বিগত কেবামাহ ধৰি গাঁৱখনত ধাৰাবাহিক ভাৱে সংঘটিত হৈ আহিছে চুৰিকাণ্ড ৷ নিশা হ’লেই চোৰৰ দলে পিয়াপি দি ফুৰে গাঁৱখনত ৷ সুযোগ পালেই কোনোবা পৰিয়ালৰ ঘৰৰ তলা ভাঙি তহিলং কৰে সা-সামগ্ৰী ৷ বাদ নপৰে পোহনীয়া গৰু ছাগলীও ৷ ইতিমধ্যে গাঁওখনৰ ধনঞ্জয় পাটগিৰি নামৰ লোকজনৰ গৃহত বিগত মে’ মাহত চোৰে দুবাৰকৈ চুৰিকাৰ্য সংঘটিত কৰি ২০ লক্ষাধিক টকাৰ চুপাৰিৰ বোস্তা চুৰি কৰি উধাও হৈছে ৷ ইয়াৰ বিপৰীতে গাঁৱখনৰ মাজত নিধিৰাম চৰ্দাৰৰূপী থিয় হৈ থকা ডুবাপাৰা আৰক্ষী চকীখনে ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে  ৷ গাঁৱখনত এনেদৰে চোৰৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে আৰক্ষীৰ শীৰ্ষ বিভাগক দাবী জনাইছে ডুবাপাৰা বাসী ৰাইজে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা