কৰ’নাই প্ৰাণ ল’লে শিক্ষয়িত্ৰী মালবিকা শইকীয়াৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ জুনঃ নগাঁও জিলাত বৰ্তমানেও অব্যাহত আছে কৰ’নাৰ সংহাৰী ৰূপ ৷ ঘাইকৈ জিলাখনৰ গ্ৰামাঞ্চলবোৰত ভয়াৱহ ৰূপত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ মাজতে জিলাখনৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটত কৰ’নাত আক্ৰান্ত এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰিছে ৷ মহামাৰী কৰ’নাই প্ৰাণ কাঢ়ি নিয়া এই শিক্ষয়িত্ৰীগৰাকী হৈছে চকলাঘাটৰ দৰঙীয়াল গাঁও নিবাসী দিপু ভূঞা(বাপতি)ৰ পত্নী মালবিকা শইকীয়া(৩৬) ৷ জানিব পৰা মতে, সাত মাহৰ অন্তঃসত্ত্বা অৱস্থাত থকা শিক্ষয়িত্ৰীগৰাকী হঠাতে পৰহি পুৱাৰ ভাগত অসুস্থ হৈ শ্বাস-প্ৰস্বাসত কষ্ট অনুভৱ কৰাত পৰিয়ালৰ লোকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়াত তেওঁৰ ক’ভিড পৰীক্ষা কৰাত ক’ভিড পজিটিভ ধৰা পৰি। লগে লগে শিক্ষয়িত্ৰীগৰাকীক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যুৰ ওচৰত হাৰ মানি কালি নিশা প্ৰায় ৮ বজাত শিক্ষয়িত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। সকলোৰে মাজত "সীমা" উপনামেৰে পৰিচিত অতি অমায়িক, মৰমীয়াল আৰু শান্ত প্ৰকৃতিৰ শিক্ষয়িত্ৰীগৰাকীৰ এনে অকাল মৃত্যুত বৃহত্তৰ অঞ্চলজুৰি গভীৰ শোক ছাঁ পৰিছে ৷ ইফালে, শিক্ষয়িত্ৰীগৰাকীৰ স্বামীৰ লগতে শাহু আৰু শহুৰো কৰ’নাত আক্ৰান্ত হৈ বৰ্তমান নগাঁও আৰু তেজপুৰৰ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
====================

Comments

  1. দুখৰ বাতৰি ৷

    ReplyDelete
  2. বৰ দুখ লগা খবৰ।
    তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালৰ সকলোৰে আশু আৰোগ্য কামনা কৰিলোঁ।

    ReplyDelete

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা