নিৰ্মাণৰ আঠ বছৰৰ অন্তত বেকীপুল স্বাস্থ্য উপকেন্দ্ৰ মুকলিঃ শুভ উদ্বোধন কৰিলে নৱনিৰ্বাচিত বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে

অৱশেষত আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া বেকীপুল স্বাস্থ্য উপকেন্দ্ৰ ৷ বিগত ২০১৩ চনতে প্ৰতিষ্ঠা কৰা স্বাস্থ্য উপকেন্দ্ৰটো আজি ৮ বছৰ পিছত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিলে ৩৬ নম্বৰ দুধনৈ (জনজাতি ) বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে ৷ উল্লেখ্য যে,আজিৰ পৰা আঠ বছৰ পূৰ্বে বৃহত্তৰ বেকীপুলত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল  বেকীপুল স্বাস্থ্য উপকেন্দ্ৰটো ৷ প্ৰায় দহ খন গাঁৱৰ জনসাধাৰণৰ প্ৰাথমিক স্বাস্থ্য সেৱাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা স্বাস্থ্য উপকেন্দ্ৰটো পিছে আজিলৈ পৰিত্যক্ত অৱস্থাতে পৰি ৰৈছিল ৷ এই সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমত সবিস্তাৰে এটি বাতৰিও প্ৰচাৰিত হৈছিল ৷ অৱশেষত আজি নৱনিৰ্বাচিত বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ তৎপৰতাত মুকলি হ’ল বেকীপুল স্বাস্থ্য উপ কেন্দ্ৰটো ৷ আজিৰ শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে এছ ডি এম অ’ ডা° সাজিদা বেগম, বি পি এম প্ৰিয়ংকা পাঠক,বি চি এম জাকিৰ হুছেইন, সমাজ সেৱক ডা° দিলীপ কুমাৰ ঘোষ,বাণীকান্ত ৰাভা ,আৰেছ মণ্ডল,পত্ৰ ৰাভা তথা ৰছুল আল ফাৰুক ৷ ইফালে স্বাস্থ্য উপ কেন্দ্ৰটো মুকলি হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰা অঞ্চলটোৰ জনসাধাৰণে বিধায়ক যাদৱ স্বৰ্গীয়াৰীক ভূয়সী প্ৰশংসা কৰিছে ৷




কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা