নলবাৰী সানেকুছি ৰাজ্যিক চিকিৎসালয়লৈ অক্সিজেন কনচেনট্ৰেটৰ দান

বিশিষ্ট ব্যৱসায়ী তথা চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি ৰমেন চৌধুৰীৰ উদ্যোগত আৰু ইবু সঞ্জীৱ গাৰ্গৰ প্ৰত্যক্ষ সহযোগত নতুন দিল্লীৰ হেল্প ইণ্ডিয়ান হস্পিতাল দ্বাৰা অৰ্পণ অক্সিজেন কনচেনট্ৰেটৰ সহ বহুতো সামগ্ৰী৷

বৰ্তমান কৰ’না মহামাৰীৰ বাবে ৰাইজ সন্ত্ৰাসিত হৈ পৰিছে৷বহুতো কৰ’নাক্ৰান্তই দিগবিদিগ হেৰাইছে অক্সিজেনৰ অভাৱত৷এনেহেন দুৰ্যোগৰ সময়তে সানেকুছি ৰাজ্যিক চিকিৎসালয়লৈ চিকিৎসালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট ব্যৱসায়ী ৰমেন চৌধুৰীৰ সম্পূৰ্ণ ব্যক্তিগত উদ্যোগত স্থানীয় সচেতন যুৱক ইবু সঞ্জীৱ গাৰ্গৰ প্ৰত্যক্ষ সহযোগত নতুন দিল্লীস্থিত হেল্প ইণ্ডিয়া হস্পিতালৰ তৰফৰ পৰা এটি অক্সিজেন কনচেনট্ৰেটৰ সহ বহুতো চিকিৎসা সম্পৰ্কীয় সা-সামগ্ৰী চিকিৎসালয় খনলৈ অৰ্পণ কৰে৷অন্যান্য সামগ্ৰীৰ ভিতৰত নিউৰো মাক্স,হেণ্ড চেনিটাইজাৰ,১৯৫ মাক্স,চুগাৰ জোখা মেচিন,থেঠিস্কোপ,আদিকৰি কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰী অৰ্পণ কৰে৷গুৱাহাটী পানবজাৰৰ বাসিন্দা ৰমেন চৌধুৰী শাৰিৰীক অসুস্থতাৰ বাবে সামগ্ৰী সমূহ অৰ্পণ কৰা সময়ত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ তেওঁৰ সতীৰ্থ ভূপেন লহকৰে আনুস্থানিকভাবে চিকিৎসক ডা°হেমেন কুমাৰ শৰ্মাৰ হাতত অৰ্পণ কৰে৷

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা