অসমৰ বাবে সুবিধাজনক নহয় ৰ'-ৰ' জাহাজ। ৰ'-ৰ' পৰিবৰ্তে অসমত চলিব ৰোপেক্স জাহাজ

পঙ্কজ নাথ, চাংসাৰি , ১৩ জুনঃ 

অসমৰ বাবে সুবিধাজনক নহয় ৰ’–ৰ’ জাহাজ সেৱা ৷ প্রকৃতার্থত ব্রহ্মপুত্রত সুচল চলাচলৰ বাবে উপযোগী নহয় ৰ’–ৰ’ জাহাজ৷ যাৰবাবে অসমলৈ অনা আটাইকেইখন ৰ’–ৰ’ জাহাজ ওভতাই দি ৰোপেক্স জাহাজ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে অসম চৰকাৰে৷
কালি শণিবাৰে কামৰূপ জিলাৰ চাংসাৰিৰ ভাৰতীয় খাদ্য নিগমৰ গুডাম পৰিদর্শন কৰি মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই কথা জানিবলৈ দিয়ে৷ মন্ত্রীগৰাকীয়ে ইয়াৰ লগতে শীঘ্রে কুৰিখনৰো অধিক ৰোপেক্স জাহাজ অসম পাবহি বুলিও জানিবলৈ দিয়ে ৷ চাংসাৰি স্থিত ভাৰতীয় খাদ্য নিগমৰ গুডাম ঘৰ পৰিদর্শন কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যৰ বাবে পর্যাপ্ত খাদ্যসামগ্রী মজুত থকা বুলিও সংবাদ মাধ্যমক জানিব দিয়ে৷ চাংসাৰিৰ খাদ্য নিগমৰ গুডামৰ লগতে ৰে’ল ষ্টেচনৰো ঠাই সমূহ পৰিদর্শন কৰে মন্ত্রীগৰাকীয়ে। কালি এই পৰিদৰ্শন কালত ৰাজ্যত নৈ পৰিবহণৰ ক্ষেত্রত আমুল পৰিৱর্তন হ’ব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ ইয়াৰ লগতে শীঘ্রে ৰাজ্যৰ পাৰঘাটসমূহ আধুনিকীকৰণ কৰা হ’ব বুলি মত প্রকাশ কৰে মন্ত্রীগৰাকীয়ে৷ ৰে’ল ষ্টেচনৰ লেখিয়াকৈ সকলো সা–সুবিধা পাৰঘাটসমূহতো উপলব্ধ কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে। কালিৰ এই পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে পৰিবহন আয়ুক্ত আদিল খান, অতিৰিক্ত পৰিবহন আয়ুক্ত ৰাতুল পাঠক, কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া গৌতম দাস, কামৰূপ জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতা, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুজিত বাগলাৰীকে ধৰি অন্যান্য বিষয়া আৰু কৰ্মচাৰী সকলে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা