জিঅ' এয়াৰটেলৰ নিম্নমানৰ সেৱাত জ্বলা-কলা নাওকাটাবাসীৰ#বিদ্যুৎ নাথাকিলে নাথাকে নেটৱৰ্ক

#জিঅ' এয়াৰটেলৰ নিম্নমানৰ সেৱাত জ্বলা-কলা নাওকাটাবাসীৰ#
বিদ্যুৎ নাথাকিলে নাথাকে নেটৱৰ্ক


নাওকাটা,২৫ জুনঃ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যকটো ভাষণত ডিজিটেল ইণ্ডিয়াৰ কথা কৈ অহাৰ সময়তে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটাকে ধৰি দাতি-কাষৰীয়া সুৱাগপুৰ,বাঙালীপাৰী, অম্বৰিশনগৰ, উপৰখুঁটি,ঔবাৰী,বেটাগাঁও,চেনীগাঁও আদি অঞ্চলত অব্যাহত আছে ম'বাইল টাৱাৰসমূহ পৰিচালনা কৰা একাংশ কোম্পানী তথা কৰ্মচাৰীৰ মইমতালি। বিশেষকৈ ৰিলায়েন্স জিঅ' আৰু ভাৰতী এয়াৰটেল কোম্পানীৰ অধীনস্থ একাংশ গ্ৰাহকে এতিয়া ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে এইসমূহৰ চেলুলাৰ সেৱাৰ বাবে।কিয়নো নামমাত্ৰ বৰষুণ অথবা বতৰ ডাৱৰীয়া হ'লেও বন্ধ থাকে টাৱাৰ।যাৰবাবে বৃহত্তৰ অঞ্চলটোৰ একাংশ ব্যৱসায়ীকে ধৰি বৰ্তমান ঘৰতে অনলাইন ক্লাছৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীও হাৰাশাস্তিৰ সন্মুখীন হ'ব লগীয়া হৈছে।আনহাতে অঞ্চলটোৰ ভিন্ন স্থানত অৱস্থিত ম'বাইল টাবাৰ সমূহ চোৱা-চিতা কৰা একাংশ কৰ্মচাৰীয়ে টাৱাৰৰ ডিজে চলোৱাৰ বাবে অহা ডিজেল বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া যাৰ বাবে বিদ্যুৎ যোগান বন্ধ থকাৰ লগে লগে বন্ধ হৈ পৰে টাৱাৰো।কিয়নো মেচিন চলোৱাৰ বাবদ অহা ইন্ধন বিক্ৰী কৰি দিয়াৰ বাবে মেচিন চলাবলৈ সক্ষম নহয় এইসকল কৰ্মচাৰী।কিন্তু তাৰ বাবে জীয়াতু ভূগি আহিব লগীয়া হৈছে সাধাৰণ গ্ৰাহকে।আনহাতে নেটৱৰ্ক  থাকিলেও স্পীড নাথাকে ইন্টাৰনেট সেৱাৰ।অতি শীঘ্ৰে ম'বাইল টাৱাৰ সঠিকভাবে পৰিচালনা কৰি নেটৱৰ্ক সঠিক আৰু অনৱৰত পোৱাৰ লগতে ইন্টাৰনেটৰ গতি বৃদ্ধিৰো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল -সংগঠনে।

প্ৰেৰক -প্ৰকাশ পৌড়েল, নাওকাটা

Comments