শীঘ্ৰে কুৰি খনৰো অধিক ৰোপেষ্ক জাহাজ অসম পাবহি : চাংসাৰিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

নীলমণি দাস, মুক্তাপুৰ: অসমৰ বাবে সুবিধাজনক নহয় ৰৰ জাহাজ । ব্ৰহ্মপুত্ৰত সুচল চলাচলৰ বাবে উপযোগী নহয় ৰৰ জাহাজ । যাৰ বাবে অসমলৈ অনা কেওখন ৰৰ জাহাজ ওভতাই দিছে । ৰৰ জাহাজৰ পৰিবৰ্তে ৰোপেষ্ক জাহাজ চলোৱাৰ সিদ্ধান্ত অসম চৰকাৰ । শীঘ্ৰে কুৰি খনৰো অধিক ৰোপেষ্ক জাহাজ অসম পাবহি বুলি সদৰি কৰিলে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । কামৰূপ জিলাৰ চাংসাৰিৰ ভাৰতীয় খাদ্য নিগমত গুডাম ঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাজ্যৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত থকা বুলি সদৰি কৰে সংবাদ মাধ্যমক । বানপানী অথবা কভিডপিষ্ট সময়ত খাদ্য সামগ্ৰী নাতনি অথবা পৰিবহনত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি চৰকাৰে চোকা দৃষ্টি ৰখা বুলিও মত পোষণ কৰে মন্ত্ৰী গৰাকীয়ে । ক'ৰনা মহামাৰীৰ এই বিপদসঙ্কুল সময়ত ট্ৰাক চালক হেণ্ডিমন সকলৰো শলাগ লয় কেবিনেত মন্ত্ৰী গৰাকীয়ে। চাংসাৰিৰ খাদ্য নিগমৰ গুডামৰ পৰা ৰাজ্য লগতে উত্তৰ পুৱৰ বিভিন্ন ৰাজ্যলৈ খাদ্য সামগ্ৰী সৰবৰাহ ক্ষেত্ৰত পৰিবহনকাৰী সকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয়  তাৰ প্ৰতিও চৰকাৰ সচেষ্ট উল্লেখ কৰে কেবিনেত মন্ত্ৰী গৰাকীয়ে । চাংসাৰিৰ খাদ্য নিগমৰ গুডামৰ লগতে ষ্টেচনৰ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে ৰাজ্যত  নৈ পৰিবহনৰ ক্ষেত্ৰত আমোল পৰিবৰ্তন হব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে ।শীঘ্ৰে ৰাজ্যৰ পাৰঘাট সমূহ আধুনিকীকৰণ মত প্ৰকাশ কৰে কেবিনেত মন্ত্ৰী গৰাকীয়ে । ৰেল ষ্টেচনৰ লেখিয়া সকলো সা সুবিধা উপলব্ধ কৰা হব বুলিও উল্লেখ কৰে কেবিনেত মন্ত্ৰী গৰাকীয়ে ।


 নীলমণি দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা