কোচ ৰাজবংশী সন্মিলনীৰ মূখ্য উপদেষ্টা বিপিন বৰ্মনৰ মৃত্যুত শোক সংগঠনটোৰ

যোৱা ১ মে তাৰিখত অসম কোচ ৰাজবংশী সন্মিলনীৰ মূখ্য উপদেষ্টা বিপিন বৰ্মনৰ  বিয়লি ভাগত ৭৮ বছৰ বয়সত মহাপ্ৰয়ান ঘটে। Covid-19 ত আক্রান্ত হৈ কোকৰাঝাৰ হাদান পাৰা  ৮ মান দিন আগতে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লৈ আহে। তেখেতৰ Positive ৰ পৰা  Negative হোৱাৰ পিছত আজি নিজ গৃহলৈ পৰিয়ালৰ লোকে উভতি লৈ যায়। ঘৰত গৈ আকৌ খাব নোৱাৰা হয় পিছত কোকৰাঝাৰ Civil Hospital লৈ যায় আৰু তাতেই শেষ  নিশ্বাস ত্যাগ কৰে। এই সন্দৰ্ভত কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশীয়ে কয় যে, আমি কোচ ৰাজবংশী সন্মিলনীৰ এজন অভিভাবকক হেৰুৱালো লগতে সমগ্ৰ জাতিটোৱেই এজন অভিভাবকক হেৰুৱাই বুলি কয় কোচ ৰাজবংশী সন্মিলনীৰ সা সম্পাদক হিমু ৰাজবংশীয়ে। এয়া কোচ ৰাজবংশী সমাজৰ ই এক ইতিহাস অধ্যয়নৰ অৱসান। কোচ ৰাজবংশী জনগোষ্ঠীৰ এয়া এখন বিশ্ববিদ্যালয়ৰ অৱসান। তেখেতে কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে 
 আজীৱন কাম কৰি যায়। আৰু মৃত্যুৰ পূর্বে কোচ ৰাজবংশী জনগোষ্ঠীকে আদি কৰি মৰাণ, মটক, চুতীয়া,টাই -আহোম,চাহ জনগোষ্ঠীৰ জনজাতিকৰণ  হৈ যোৱাটো জীবিত কালতে বিচাৰিছিলে ।  মৃত্যুৰ পূৰ্বে তেখেত বিভিন্ন সংগঠন,অনুষ্ঠান,প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল আৰু ছয় জনগোষ্ঠীয় মহাসন্মিলনৰো উপদেষ্টা আছিল বুলি জানিবলৈ দিয়ে। কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা গভীৰ শোক প্রকাশ কৰে আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বুলি সন্মিলনীৰ সাঃসম্পাদক হিমু ৰাজবংশীয়ে জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা