কৃষ্ণাইত ক’মন চাৰ্ভিছ চেন্টাৰৰ আধাৰশিলা স্থাপন কৰিলে দুধনৈ আৰু গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়কদ্বয়ে

গোৱালপাৰা জিলাৰ কৃষ্ণাই খণ্ড উন্নয়ন কাৰ্যালয় চৌহদত আজি পুৱা এটি ক’মন চাৰ্ভিছ চেন্টাৰৰ ভৱনৰ আধাৰশিলা স্থাপন কৰা হয় ৷ ভৱনটিৰ আধাৰশিলা স্থাপন কৰে দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী আৰু গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ,কে,ৰশিদ আলমে ৷ আচাম ষ্টেট কো অপেৰাটিভ হাউছিং ফেডাৰেচনৰ অধীনত নিৰ্মাণ হ’বলগীয়া ক’মন চাৰ্ভিছ চেণ্টাৰৰ ভৱনটিৰ বাবে আৱন্টিত ধনৰ পৰিমাণ হৈছে ১ কোটি ৪১ লাখ ৭ হেজাৰ ৮১৯ টকা ৷ আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক দুজনৰ লগতে উপস্থিত থাকে কৃষ্ণাই আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা চাংমা, উপ সভানেত্ৰী জুলিনা বিবি আৰু কৃষ্ণাই খণ্ড উন্নয়ন বিষয়া বকুল ৰাণী মহন্ত ৷ 


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা