চতিয়াত যোগান বিভাগ জিলা প্ৰশাসনৰ যৌথ অভিযানত জব্দ হ’ল অসাধু ব্যৱসায়ীয়ে মজুত কৰি ৰখা বহুসংখ্যক ৰন্ধন গেছৰ চিলিণ্ডাৰ

অসম চৰকাৰ নিৰ্দেশমৰ্মে শোণিতপুৰ জিলাৰ জিলা উপায়ুক্তৰ দ্বাৰা গঠন কৰা এক স্কোৱাডে কভিড ভয়াবহ পৰিস্থিতিৰ সময়ত যাতে কোনো অসাধু ব্যৱসায়ীয়ে যাতে অধিক মুল্যত বয়বস্তু বিক্ৰী কৰিব নোৱাৰে তাৰে পৰিপেক্ষিতত এক অভিযান চলাই যোগান বিভাগ , জিলা প্ৰশাসনে এক যৌথ অভিযানত গোপনসূত্ৰে চতিয়াৰ কৰৈয়নী আৰু তেৱাৰীপালৰ দুটা স্থানত শুক্ৰবাৰে বিয়লি অভিযান চলায় ৷ কৰৈয়নীৰ  ভাস্কৰ পৌড়েলৰ গৃহত ৩১ টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু তেৱাৰীপালৰ দিলিপ কানুৰ ঘৰৰপৰা ১৮ টাকৈ চিলিণ্ডাৰ অবৈধভাৱে ৰখা অৱস্থাত জব্দ কৰে ৷ চতিয়াত এইদৰে বিভিন্ন স্থানত অভিযান চলায় ৷ পৰবৰ্তী সময়ত পুনৰ এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাব বুলি যোগান বিভাগৰ পৰিদৰ্শক গৰাকীৰ মন্তব্য ৷ ইতিমধ্যে এই দলটোৱে শোণিতপুৰৰ জামুগুৰিহাটৰ বহু ব্যৱসায় প্ৰতিস্থানতো অভিযান চলায় ৷
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা