মহানগৰীৰ সত্ৰৰ ভুমি বেদখলকাৰীৰ বিৰুদ্ধে মন্ত্ৰী যোগেন মোহনৰ কঠোৰ সকিয়নি । ফটাশিল আমবাৰী , ভৰলু মাছখোৱাৰ বেদখলকাৰী উচ্ছেদৰ হংকাৰ

পঙ্কজ নাথ, চাংসাৰি, ১৭ জুন :

সত্ৰ সংস্কৃতিত আঘাট সহ্য কৰা নহব । সত্ৰৰ বেদখলকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহব ।  আজি উত্তৰ গুৱাহাটী আউনী আটী সত্ৰত ৰাজহ  ,দুৰ্যোগ ব্যবস্থাপনা আৰু খনিজ উন্নয়ন  বিভাগৰ মন্ত্ৰী যোগেন মোহন উপস্থিত হৈ এইদৰে বেদখলকাৰীৰ বিৰুদ্ধে সতৰ্ক বাণী দিলে । আঢ়ৈশ বছৰ পুৰণি গুৱাহাটী আমবাৰীৰ আমনি সত্ৰৰ বেদখলকাৰী ভুমিৰ চৰজমিন পৰিদৰ্শন কৰি পোনে পোনে উপস্থিত হ'ল আউনী আটী সত্ৰত   । সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেব গোস্বামীৰ সৈতে মিলিত  বৈঠকত  আউনী আটী সত্ৰকে ধৰি মহানগৰীৰ সত্ৰ সমুহৰ অবস্থাৰ বুজ লৈ মন্ত্ৰী জনাই সকলো ধৰণৰ সহযোগৰ আশ্বাস দিয়ে । গুৱাহাটীৰ মাজ মজিয়াতো উচ্ছেদৰ কথা কলে মন্ত্ৰী যোগেন মোহনে । কেবল ফটাশিল আমবাৰীয়ে নহয় মাছখোৱা ভৰলু য'তেই নহওঁক সাৰি যাব নোৱাৰে ভি আই পি ,ভি ভি আই পি । ফটাশিল আমবাৰীৰ আমনি সত্ৰৰ ষাঠি বিঘা বিঘা মাটিৰ বেদখলৰ কথা স্বীকাৰ কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে ভৰলু মাছখোৱাৰ বেদখলৰ বিষয়ে মন্ত্ৰী যোগেন মোহন অবগত নহয় যদিও ,সাংবাদিকৰ পৰা জানিব পাৰি  এই বৃহৎ ভুমিতো বেদখল কাৰীৰ বিৰুদ্ধে অভিযান চলিব বুলি দোহাৰে !  উত্তৰ কামৰূপৰ বনজ সম্পদৰ ৰাজহ হানিৰ সম্পৰ্কতো গুৰুত্বপুৰ্ণ মন্তব্য ৰাজহ মন্ত্ৰী যোগেন মোহনৰ । ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ হব মন্ত্ৰী যোগেন মোহন । নচলিব মন্ত্ৰীৰ মানুহ কিম্বা দিছপুৰৰ  অঙহী বঙহীৰ পযিচয় ।। উল্লেখ্য যে সমগ্ৰ উত্তৰ কামৰূপ জিলাত অবাধ বন ধংসৰ বিপৰীতে চৰকাৰী ৰাজহ সংগ্ৰহ তেনেই নগণ্য । আজি সত্ৰাধিকাৰ  পিতাম্বৰ গোস্বামীৰ সমুখতে  বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ হুংকাৰ দিলে মন্ত্ৰী যোগেন মোহনে।
পংকজ নাথৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা