নগাঁও জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ≈≈কাইলৈৰ পৰা ক’ভাক্সিনৰ দ্বিতীয় পালি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ জুনঃ নগাঁও জিলাত যিসকল নাগৰিকে যোৱা ১৬ এপ্ৰিল বা তাৰ আগতে ক’ভাক্সিনৰ প্ৰথম পালি টিকা গ্ৰহণ কৰিছিল সেইসকলৰ বাবে জিলা প্ৰশাসনে কাইলৈ ৯ জুনত দ্বিতীয় পালি টিকা প্ৰদানৰ দিহা কৰিছে ৷ পুৱা ৯ বজাৰ পৰা নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হয়বৰ গাঁও হাইস্কুলত এই টিকা প্ৰদান কৰা হ’ব । জিলা উপায়ুক্ত কবিথা পদ্মনাভনে সোমবাৰে এক সংবাদ মেলৰ জৰিয়তে এই বিষয়ে জানিবলৈ দি কয় যে--বৰ্তমান জিলাখনত ক’ভাক্সিনৰ দ্বিতীয় পালি টিকা ১১৭০ টা মজুত আছে আৰু অধিক টিকা অনাৰ ব্যৱস্থা কৰি থকা হৈছে । উপায়ুক্ত গৰাকীয়ে কাইলৈ হ’বলগীয়া এই টিকাকৰণ শিবিৰত যোৱা ১৬ এপ্ৰিলৰ পাছত ক’ভাক্সিনৰ প্রথম পালি টিকা গ্ৰহণ কৰা ব্যক্তিক অযথা ভিৰ নকৰিবলৈ অনুৰুধ জনোৱাৰ লগতে উক্ত টিকাকৰণৰ শিবিৰত সকলোকে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে । ইফালে, ১৭ এপ্ৰিল বা তাৰ পাছত ক’ভাক্সিনৰ প্ৰথম পালি টিকা গ্ৰহণ কৰা ব্যক্তি সকলক দ্বিতীয় পালি টিকাকৰণৰ বিষয়ে পৰৱৰ্তী সময়ত জনোৱা হব বুলি লগতে উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা