ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

প্ৰতিবেদক , ৰঙিয়া ২৬ জুনঃ প্ৰায় দুমাহ ধৰি চলা সকলো ধৰণৰ জল্পনা কল্পনাৰ অৱসান ঘটাই আজি ৰঙিয়া সমষ্টিৰ দুবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাক অসম প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ৰাজ্যত দ্বিতীয়টো শাসনভাৰ বিজেপিৰ হাতলৈ অহাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দ্বায়িত্ব লৈ থকা ৰঞ্জিত কুমাৰ দাসে অসম মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰাৰ পিছতে পৰবৰ্তী সভাপতিৰ দ্বায়িত্ব কোনে লাভ কৰিব তাক কেন্দ্ৰ কৰি  তীব্ৰ চৰ্চা চলি আছিল ৷ এনে সময়তে আজি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই পৰৱৰ্তী সভাপতি পদৰ বাবে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক নিযুক্তি দিয়ে। ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশমৰ্মে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে স্বাক্ষৰিত পত্ৰযোগে বিধায়ক ভৱেশ কলিতাক পৰৱৰ্তী কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে৷ উল্লেখযোগ্য  ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে শপত লোৱাৰ পিছতেই ৰাজ্যিক সভাপতি পদটোৰ বাবে কেবাগৰাকী  নেতাৰ নাম উচ্তাৰিত হৈছিল যদিও অৱশেষত ৰাষ্ট্ৰীয় সমিতিয়ে ভৱেশ কলিতাক নিযুক্তি দিয়াত আজি ৰঙিয়াবাসীয়ে আনন্দত উৎফুল্লিত হৈ উঠিছে। বিজেপিৰ এক পদ এক নেতা নীতিক সৰোগত কৰি  ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই আজি বিধায়ক ভৱেশ কলিতাক বিজেপিৰ পৰৱৰ্তী সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰে। ৰঙিয়া মহকুমাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত সুতাৰগাওঁ নিবাসী ভৱেশ কলিতা কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উৰ্ত্তীণ হৈ ১৯৯৪ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ২০০১ চনত গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কিছুদিন গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতিও কৰিছিল। ১৯৮৮- ৮৯ চনত বিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাতে তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সংস্পৰ্শলৈ আহে। পৰৱৰ্তী সময়ত ১৯৯১ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগ দিয়ে। কলিতাই সৰ্বানন্দ সোনোৱাল সভাপতি থকাৰ সময়ত দলৰ সম্পাদক আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য সভাপতি থকাৰ সময়ত দলৰ সাধাৰণ সম্পাদক হিচাপে মনোনীত হৈ দলৰ গুৰু দায়িত্ব পালন কৰিছিল। ২০১৬ চনত কলিতাই ৰঙিয়া সমষ্টিৰ পৰা প্ৰথম বাৰৰ বাবে নিৰ্বাচিত হয়। সেই বাৰেই তেওঁ অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ প্ৰশমন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা জলসিঞ্চন বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০২১ চনতো তেওঁ পুণৰ ৰঙিয়া সমষ্টিৰ পৰা নিৰ্বাচিত হয় যদিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত স্থান লাভ নকৰি তেওঁৰ লগতে ৰঙিয়াৰ ৰাইজে হতাশ হৈছিল। কিন্তু আজি দলৰ সৰ্বোচ্চ পদ লাভ কৰাত দলীয় কৰ্মী সকলৰ মাজত আনন্দৰ লহৰ বৈ যায়। প্ৰাপ্ত তথ্য অনুসৰি ১৯৯১চনৰ পৰা বিজেপি দলৰ বিভিন্ন পৰ্যায়ত কাম কৰা ভৱেশ কলিতাই ২০১৬ চনত প্ৰথমবাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷ ২০১৯চনত কৰ্মদক্ষতাৰ বাবে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰা কলিতাই ২০২১ৰ নিৰ্বাচনতো বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰে যদিও এইবাৰ মন্ত্ৰীত্বৰ পৰা বঞ্চিত হয়৷ দীৰ্ঘদিনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘত কাম কৰাৰ অভিজ্ঞতা থকা কলিতাৰ সংঘৰ লগতে দলীয় কাৰ্যকৰ্তাৰ লগতো সুসম্পৰ্ক থকাৰ সুবাদতে ৰাজ্যিক সভাপতিৰ দৰে গুৰুদায়িত্ব লাভ কৰা বুলি জানিব পৰা গৈছে৷ সভাপতি হিচাপে নিযুক্তি লাভ  কৰিয়েই নৱ নিযুক্ত সভাপতি কলিতাই দলটোক আৰু অধিক শক্তিশালী ভাৱে আগুৱাই নিয়াৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰি অসমখনক দেশৰ ভিতৰত লেখতলবলগীয়া ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সপোনক বাস্তবায়িত কৰাৰ বাবে তেওঁ কাম কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা