একাংশ অসাধু বিষয়া-কৰ্মচাৰীৰ সোণৰ কণী পৰা হাঁ‌হত পৰিণত জনস্বাস্থ্য কাৰিকৰি বিভাগৰ পানী যোগান আচনীৰ প্ৰকল্প

ধোৱচাঙত 'জল-জীৱন মিছন'

 একাংশ অসাধু বিষয়া-কৰ্মচাৰীৰ সোণৰ কণী পৰা হাঁ‌হত পৰিণত জনস্বাস্থ্য কাৰিকৰি বিভাগৰ পানী যোগান আচনীৰ প্ৰকল্প 


ৰাজ্যৰ ভিন্ন প্ৰান্তত মৃতপ্ৰায় অৱস্থাত জৰাজিৰ্ণ হৈ পৰি আছে বহু বিশুদ্ধ খোৱাপানী যোগান কেন্দ্ৰ । একেদৰে বাক্সাৰ গোৰেশ্বৰতো হাবি জংগলেৰে পৰিপূৰ্ণ হৈ আছে বহু কেইটা বিশুদ্ধ খোৱাপানী যোগান কেন্দ্ৰ । বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰে দূৰ্ণিতিৰ আশ্ৰয় লৈ বিসংগতিপূৰ্ণ কাম কৰি দায়িত্ব সামৰাৰ ফলত মাত্ৰ কেইদিন মানহে ৰাইজে পানী পাবলৈ সক্ষম হয় ।সম্প্ৰিতি হাবি-জংঘলেৰে ভূত বাংলাত পৰিণত হৈছে বাক্সাৰ গোৰেশ্বৰৰ বহু কেইটা পানী যোগান আচঁ‌নীৰ প্ৰকল্প ।যি সময়ত বাক্সা জিলাৰ ভিন্ন প্ৰান্তত আৰ্চেনীকৰ উপস্থিতি ধৰা পৰিছে এনে সময়তো চৰকাৰৰ অভিলাষি আচনী সমূহ থকা স্বত্বেও এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে বহু গঞা ৰাইজ ।আৰু এনেদৰে সম্প্ৰিতি শ-শ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বাবে বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰ সমূহ সোণৰ কণী পৰা হাঁ‌হত পৰিণত হৈছে ।যাৰফলত কোটি কোটি টকা ব্যয় কৰাৰ পিছতো ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । অসাৰ হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ বহু চৰ্চিত 'ঘৰ ঘৰ পে নল ,নল পে জল' শ্লোগান ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা