চেঁচা নৈত পৰি সলিল সমাধি এজন শ্ৰমিকৰ**দলং নিৰ্মাণৰ দাবী*

চেঁচা নৈত পৰি সলিল সমাধি এজন শ্ৰমিকৰ*
*দলং নিৰ্মাণৰ দাবী*

৫৬ নং কমলপুৰ বিধান সভা সমষ্টিৰ হৰদত্ত গাওঁ পঞ্চায়তৰ অন্তৰ্গত এখন প্ৰাকৃতিক সৌন্দৰ্যেৰে মনোমোহা অথচ অতিকৈ পিছপৰা গাঁও হৈছে বৰকুৰিহা । গাঁওখনত এই একবিংশ শতিকাতো উচ্চশিক্ষাৰ বাবে কলেজ দূৰৰ কথা এখন হাইস্কুলো নাই, নাই প্ৰথমিক স্বাস্থ্যকেন্দ্ৰও । উচ্চ শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ৰঙিয়া, গোৰেশ্বৰ অথবা বাইহাটা চাৰিআলিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় । গাওঁখনৰ পৰা আঢ়ৈ কিলোমিটাৰ আঁতৰত মুক্তাপুৰ পাতিদৰং কলেজ আছে যদিও যাতায়তৰ সুচল ব্যৱস্থা নথকা হেতু ছাত্ৰ ছাত্ৰীসকলে কমাৰগাঁও হৈ এপাক ঘূৰি যাবলগীয়া হয় বাবে এই পথ যথেষ্ট দীঘল হৈ যায় । গাঁওখনৰ পূৱ সীমাৰে বৈ যোৱা চেঁচা নামৰ নদীখনৰ ওপৰত দলং নোহোৱা বাবেই তেওঁলোকে এনেদৰে সময় অপব্যয় কৰি দূৰ পথেৰেই কলেজলৈ যাবলগীয়া হয় । নদীখনত দলং এখন হলে মুক্তাপুৰ অঞ্চলৰ সৈতে গাওঁখন প্ৰত্যক্ষভাবে সাঙোৰ খাই পৰিব আৰু ইয়াৰ ফলত ব্যৱসায় বাণিজ্যতো গাঁওখন উপকৃত হ'ব । 
উল্লেখযোগ্য যে যোৱা 18 জুনৰ দিনা গাঁওখনৰে কুৱৰীবাৰী চুবুৰীৰ শ্ৰমিক সুৰেশ শৰণীয়া (৫০) ৰ কামলৈ যোৱাৰ বাটত  এই চেঁচানৈতে পৰি কৰুণভাবে  সলিল সমাধি ঘটে । তেওঁৰ মৃত্যুৱে পত্নী তথা তিনিজনীকৈ কন্যা সন্তানক নিঠৰুৱা কৰি থৈ যায় ।

অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰে তাত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক দিগন্ত কলিতা তথা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা