কামৰূপ জিলাৰ মদনপুৰ টোলগেটৰ বিৰুদ্ধে সৰব হল আছু

পঙ্কজ নাথ, চাংসাৰি, ১২ জুন :

কামৰূপ জিলাৰ চাংসাৰিৰ নিকটবৰ্তী মদনপুৰত স্থাপন হোৱা টোলগেটৰ পৰা বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজৰ লগতে অন্যান্য অঞ্চলৰ যাত্ৰী সকল। এইবিলাকৰ কিছু সমস্যাৰ পৰিপ্ৰেক্ষিততে আজি সদৌ অসম ছাত্ৰ সন্থাৰ পূব কামৰূপ আঞ্চলিক সমিতিয়ে ৩১ নং ঘাইপথত থকা মদনপুৰ টোলগেট বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে ৷ এই টোলগেটৰ পৰা অঞ্চলবাসী ৰাইজৰ লগতে অন্যান্যই ভুগি অহা নানা সমস্যাৰ মাজতে বিশেষকৈ 
বিদ্যালয়ৰ সন্মূখতে টোলগেট স্থাপন কৰি শৈক্ষিক পৰিৱেশ বিনস্ত কৰাক লৈ অধিক ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৰ ৷ তাৰোপৰি কৰ’না মহামাৰীৰ এই বিপৰ্যস্ত সময়ত টোলগেটৰ জৰিয়তে খাদ্য-সামগ্ৰীৰ  গাড়ীৰপৰা কৰ সংগ্ৰহ কৰা বিষয়টোৰ বিৰুদ্ধেও যথেষ্ট সৰব হৈ পৰে আছুৰ বিষয়ববীয়া সকল ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা