ধিঙত পঞ্চাশোৰ্ধ্বৰ লোকক ক’ভিড প্ৰতিষেধক প্ৰদান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ জুনঃ নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰত বৰ্তমানেও অব্যাহত আছে মহামাৰী কৰ’নাৰ বিভীষিকাময় পৰিস্থিতি ৷ একমাত্ৰ গঞাৰাইজৰ অসচেতনতাৰ বাবেই গ্ৰামাঞ্চলবোৰত কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু বৃদ্ধি পাই আহিছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। সেয়ে গঞাৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে বেচৰকাৰী সংস্থা 'প্ৰগতি এক যাত্রা'ৰ উদ্যোগত জিলাখনৰ ধিং আঠগাঁৱৰ প্ৰগতি লাইব্ৰেৰীত এটি ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হয় ৷ ধিং ৰাজহ চক্রৰ দুৰ্যোগ ব্যবস্থাপনা আৰু ধিং এফ আৰ ইউৰ যুটীয়া সহযোগত অনুষ্ঠিত হোৱা এই শিবিৰত বৃহত্তৰ ধিং অঞ্চলৰ ডেৰ শতাধিক পঞ্চাশোৰ্দ্ধৰ ব্যক্তিক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয়। এই শিবিৰত ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা উপস্থিত থাকি কাল কৰ’নাৰ এনে দুৰ্যোগৰ সময়ত গঞাৰাইজক ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে লোৱা এনে পদক্ষেপৰ বাবে বেচৰকাৰী সংস্থাটোৰ কৰ্মকতাসকলৰ শলাগ লয় ৷ উল্লেখ্য যে, কৰ'না মহামাৰীৰ এনে সংকটৰ সময়ছোৱাত বহু লোকে এতিয়াও প্ৰতিষেধক লাভৰ পৰা বঞ্চিত হৈ আছে । যাৰ পৰিপ্ৰেক্ষিত্বত গঞাৰাইজৰ সুবিধাৰ্থে 'প্ৰগতি এক যাত্রা' নামৰ এই বেচৰকাৰী সংস্থাটোয়ে জিলা স্বাস্থ্য বিভাগৰ সহযোগিতাত এই কেম্প অনুষ্ঠিত কৰা বুলি সংস্থাটোৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা