মৰিগাঁও-নলতলি সংযোগী ৰাজ্যিক ঘাইপথ ডঃ লক্ষ্মীনন্দন বৰাৰ নামত দিয়াৰ আহ্বান≈≈বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ অনুৰোধ পত্ৰ প্ৰেৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ জুনঃ উত্তৰ-পূৱৰ একমাত্ৰ সৰস্বতী বঁটা প্ৰাপক, গৰিমামণ্ডিত জাতীয় আলোচনী "গৰীয়সী"ৰ প্ৰাক্তন সম্পাদক ডঃ লক্ষ্মীনন্দন বৰাৰ নামত মৰিগাঁৱৰ পৰা নলতলি স্পৰ্শ কৰা ৰাজ্যিক ঘাইপথছোৱা উৎসৰ্গা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে নগাঁৱৰ বিভিন্ন ক্ষেত্ৰৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে। গ্ৰন্থ প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্ত, সংগীত শিল্পী দীপাংক শইকীয়া আৰু সাংবাদিক চন্দনজ্যোতি বৰাৰ উদ্যোগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ নগাঁও সদৰ সমষ্টিৰ বিধায়কৰ জৰিয়তে এই সম্পৰ্কত নগাঁৱৰ বহু কেইজন বিশিষ্ট ব্যক্তি স্বাক্ষৰিত এখন অনুৰোধ পত্ৰ আজি প্ৰেৰণ কৰা হয়।অনুৰোধ পত্ৰখনত উল্লেখিত আহ্বায়কত্ৰয়ৰ উপৰিও বিশিষ্ট গৱেষক ড° নৰেন কলিতা, বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰা, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, সমাজসেৱী মুকুট চন্দ্ৰ ভূঞা, গল্পকাৰ তথা প্ৰশাসনিক বিষয়া জয়ন্ত কুমাৰ বৰা, সমাজসেৱক ৰঞ্জিত তামুলী ফুকন, সাহিত্য সমালোচক অৰিন্দম বৰকটকী, সংগীত শিল্পী তথা অনুবাদক কৃষ্ণ দুলাল বৰুৱা, সংগীত শিল্পী কৃষ্ণমণি নাথ, সাংস্কৃতিক কৰ্মী ৰঞ্জিত বৰা, গ্ৰন্থ প্ৰকাশক কৈলাস ৰাজখোৱা, তথ্য চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱা, সমাজসেৱক তথা বিজেপিৰ নগাঁও জিলা সমিতিৰ উপ সভাপতি অমিতাভ বৰা, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, লেখক ৰতিমোহন নাথ, বিশিষ্ট নিৱন্ধকাৰ মাধুৰ্য মণ্ডিত বৰুৱা, বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতম, সুবক্তা মোহিনী মোহন ডেকা আৰু ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱাই স্বাক্ষৰ কৰিছে। অনুৰোধ পত্ৰখনত উল্লেখ থকা মতে- বিশিষ্ট সাহিত্যিক, পৰিৱেশ বিজ্ঞানী, বিৰল ব্যক্তিত্ব ড° লক্ষ্মীনন্দন বৰাৰ বিয়োগ আমাৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। বিশেষকৈ "গঙাচিলনীৰ পাখি" উপন্যাসখনৰ চলচ্চিত্ৰায়নৰ যোগেদি ৰাষ্ট্ৰীয় স্তৰত বন্দিত এইগৰাকী বিস্ময়কৰ লেখকে মহাপুৰুষ গুৰু দুজনাৰ লগতে গড়মূৰীয়া সত্ৰাধিকাৰ প্ৰভু পীতাম্বৰ দেৱগোস্বামী, গোপাল আতা, অনিৰুদ্ধদেৱকে লৈ পাঁচোগৰাকী মহাবৈষ্ণৱৰ জীৱন চৰিত উপন্যাস আকাৰে লিখি থৈ এক জাতীয় দায়িত্ব পালন কৰি গৈছে।বৰ্ণাঢ্য সাহিত্য আৰু মোহনীয় ব্যক্তিত্বৰে অসমৰ জাতীয় জীৱন চহকী কৰি থৈ যোৱা ড° লক্ষ্মীনন্দন বৰাদেৱৰ ওপজাভূমি নগাঁৱৰ হাতীচোং কুজিদাঁহ। অসম বৰেণ্য হোমেন বৰগোহাঞিদেৱৰ প্ৰতি সন্মান জনাই আপোনাৰ চৰকাৰে নাৰেংগীৰ পৰা চন্দ্ৰপুৰ হৈ মৰিগাঁৱলৈ অহা পথছোৱাৰ নামকৰণ কৰাত ৰাজ্যবাসী অত্যন্ত আহ্লাদিত। মধ্য অসমৰ ৰাইজৰ হৈ ড° লক্ষ্মীনন্দন বৰাদেৱৰ ওপজাভূমি আৰু সৃষ্টিৰ উৎস সোণাই নৈৰ গাতে লাগি মৰিগাঁৱৰ পৰা নলতলি স্পৰ্শ কৰা এই পথছোৱা বৰেণ্য সাহিত্যিকগৰাকীৰ নামত আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনোৱা হৈছে। মধ্য অসমৰ ৰাইজৰ এই অনুৰোধ ৰক্ষা কৰি অসম বৰেণ্য ব্যক্তিগৰাকীৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণৰ এই সুযোগকণ প্ৰদান কৰিব বুলি আমি আশাবাদী।' ইফালে, বিধায়ক ৰূপক শৰ্মাই মুখ্যমন্ত্ৰীৰ হাতত অনুৰোধ পত্ৰখন অৰ্পন কৰি এই সম্পৰ্কত আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা