১৫ জুনত উচ্ছেদিত পৰিয়ালৰ পুণৰ সংস্থাপন আৰু ভূমিৰ অধিকাৰৰ দাবীত গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যজোৰা প্ৰতিবাদ


নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ জুনঃ ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা ৷ সন্থাটোৰ ৰাজ্যিক সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতি যোগে কয় যে--বিজেপিয়ে দ্বিতীয়বাৰ বাবে ক্ষমতালৈ আহি বৰ্বৰভাবে উচ্ছেদ কাৰ্য অব্যাহত ৰাখিছে । এই উচ্ছেদ কাৰ্যৰ ন্যায্যতা প্ৰতিপন্ন কৰিবলৈ "সন্দেহযুক্ত নাগৰিক", "বাংলাদেশী বেদখলকাৰী" আদি প্ৰচাৰ চলোৱাৰ বিপৰীতে অসমৰ সমাজ জীৱনক উচ্ছেদ কাৰ্যৰ গইনা লৈ সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিৰ মতাদৰ্শগত খোপনি দ'কৈ পুতিব খুজিছে । বৰাক উপত্যকাৰ ছলমনা, চতিয়া বিধানসভা সমষ্টিৰ জামুগুৰিহাট, চিৰাং জিলাৰ কৰাইবাৰী বনগাঁও, ৰুণিখাতাৰ ওদালগুৰি ৫ নং বনাঞ্চলৰ পিছত শেহতীয়াকৈ হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ তাৰালাংছ' কাকী টিলা বজাৰত উচ্ছেদ চলাই ঘৰ-দুৱাৰ ধ্বংস কৰি, এশ বিঘাৰ অধিক হালধি- কুঁহিয়াৰ খেতি সম্পূৰ্ণৰূপে ধ্বংস কৰিছে । বিবৃতিটোত শ্ৰমিক নেতাদ্বয়ে কৰাইবাৰীত বসবাস কৰা সকল গোৰ্খা, সূত্ৰধৰ, আদিবাসী আৰু ৰাজবংশী সম্প্ৰদায়ৰ লোক আছিল বুলি উল্লেখ কৰি কয় যে--অসমৰ চৰকাৰী আৰু বনাঞ্চলৰ মাটিত দীৰ্ঘদিন ধৰি বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী ৰাইজ বানপানী-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ, গোষ্ঠী সংঘৰ্ষৰ বলি হৈ আৰু বাসোপযোগী ভূমি নথকাত বাস কৰি আহিছে । এতিয়া যিকোনো সাংবিধানিক গণতন্ত্ৰৰ দেশখনৰ চৰকাৰৰ প্ৰাথমিক দায়িত্ব হৈছে এই সকল লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা । শ্ৰমিক নেতাদ্বয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্বৰ্তীকালীন আদেশকো ভেঙুচালি কৰি বিজেপি চৰকাৰে ক'ভিড মহামাৰীৰ সময়ত চলোৱা উচ্ছেদ অভিযানক গৰিহণা দি চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ, উচ্ছেদিত পৰিয়ালক পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণ নিদিয়াকৈ আৰু তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান নকৰাকৈ উচ্ছেদ কাৰ্য ততালিকে বন্ধৰ দাবী জনাইছে । তদুপৰি যি সময়ত অসমত ২০১১ চনৰ জনগণনা মতে ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা প্ৰায় ৩৪ শতাংশ হোৱাৰ বিপৰীতে হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা প্ৰায় ৬১ শতাংশ । তেনেস্থলত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰচাৰ চলাই অসমত বসবাসকাৰী আন ধৰ্মাৱলম্বী, জনজাতি ৰাইজ তথা অসমীয়াভাষী মানুহৰ মাজত কাল্পনিক শত্ৰুৰ ভীতিৰ জন্ম দি ৰাজনৈতিক মুনাফা অৰ্জনৰ যি ষড়যন্ত্ৰ চলাইছে তাৰ বিৰুদ্ধে অসমৰ ব্যাপক গণতন্ত্ৰকামী, শান্তিকামী প্ৰগতিশীল ৰাইজ আৰু সংগঠনে ঐক্যবদ্ধভাবে প্ৰতিবাদ কৰাটো সময়ৰ দাবী বুলি উল্লেখ কৰি বিজেপিয়ে দৰাচলতে অসমৰ সাতামপুৰুষীয়া বৈচিত্ৰ্যময় সমন্বয়মূলক সমাজক বিভাজিত কৰিবলৈ এনআৰচিৰ পুনৰীক্ষণ, গো সুৰক্ষা আইন প্ৰণয়নৰ কথা আৰু উচ্ছেদ অভিযান চলাই এটা পেকেজৰ অধীনত মুছলমান বিৰোধী ঘৃণা-বিদ্বেষেৰে পৰৱৰ্তী পৰ্যায়ত ৰাজ্য ব্যাপী কৰ্প'ৰেটৰ স্বাৰ্থত উচ্ছেদৰ বুলড'জাৰ চলোৱাৰ পাং পাতিছে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে সন্থাটোৰ নেতাদ্বয়ে । সেয়েহে শ্ৰমিক সন্থাটোয়ে অহা ১৫ জুনত ৰাজ্যব্যাপী উচ্ছেদৰ সাম্প্ৰদায়িক মেৰুবিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে তথা উচ্ছেদিত পৰিয়ালৰ প্ৰতি সংহতি জ্ঞাপনৰ লগতে তেওঁলোকৰ পুনৰ সংস্থাপন আৰু ভূমিৰ অধিকাৰৰ দাবীত প্ৰতিবাদ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা বিবৃতিটোৰ জৰিয়তে ঘোষণা কৰিছে ৷ 
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা