আজি দেশজুৰি বিজেপিৰ ক’লা দিৱস পালন : ৰাজ্যিক কাৰ্যালয়ত মুখ্য বক্তা আৰ এছ এছ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস

গুৱাহাটী : ১৯৭৫ চনৰ ২৫ জুন তাৰিখে তদানীন্তন কংগ্ৰেছ চৰকাৰে দেশজুৰি বলবৎ কৰা স্বেচ্ছাচাৰী জৰুৰীকালীন অৱস্হাৰ প্ৰতিবাদত  আজি ২৫ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে  প্ৰতি বছৰৰ দৰে এইবাৰো “কলা দিৱস“ ৰূপে পালন কৰে ৷ ক’ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যলয়ত পুৱা ১১ বজাত ৰাজ্যিক পৰ্য্যায়ত  এখনি ভিডিঅ ’ কনফাৰেঞ্চৰ জৰিয়তে এই প্ৰতিবাদী “কলা দিবস “ পালন কৰা হয় ৷ 
অনুষ্ঠানটোত ৰাজ্যিক সভাপতি ৰণজিৎ দাস, উপ-সভাপতি সপ্ননীল বৰুৰা, সাধাৰণ সম্পাদক সাংসদ তপন গগৈ, সাংসদ পল্লবলোচন দাস, অসমৰ মন্ত্ৰী অশোক সিংহল,
 আৰু দলৰ ৰাজ্যিক বিষয় ববিয়া নেতা কাৰ্য্যকৰ্তাৰ উপস্থিতিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক তথা অসম ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে মুখ্য অতিথি ৰূপে বক্তব্য ৰাখে।  ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ৰমেন ডেকা, ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় জ্যেষ্ঠ কাৰ্য্যকৰ্তা শ্ৰী হৰেকৃষ্ণ ভড়ালীয়ে সেই সময়ৰ কাৰাবৰণ কৰা অভিজ্ঞতা অবগত কৰে ৷  উক্ত অনুষ্ঠানটোত বিজেপিৰ সংবাদ কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলকে আদি কৰি কেবাগৰাকী নেতা-কৰ্মী দলৰ কাৰ্য্যলয়ত উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা