সমাগত বাৰিষা,বাক্সা জিলা জাৰতালূকত মাথাউৰিলৈ শংকিত অঞ্চলবাসী গঞা

*সমাগত বাৰিষা,বাক্সা জিলা জাৰতালূকত মাথাউৰিলৈ শংকিত অঞ্চলবাসী গঞা*

*এফালে যদি ক’ৰোনা মহামাৰীৰ আতংকিত কৰিছে জনসাধাৰণক আনফালে নৈ পৰীয়া আতংকিত হৈ পৰিছে পাগলাদিয়াৰ মাথাউৰিলৈ*

*পাগলাদিয়াৰ নৈ মাথাউৰি নিৰ্মাণ ২০২০বৰ্ষতে নিৰ্মাণ কৰা হৈছিল*
 *প্ৰথম বছৰটো বানে চিঙি নিছিল মাথাউৰি আধা অংশ বানপানী উটোৱাই নিছিল বহু সংখ্যক ঘৰ বাৰী*
 *মাথাউৰিটো মেৰামতি কাম চলি আছ যদিও মাথাউৰিটোৰ বহু অংশ বৃহৎ বৃহৎত ফাক মেলা পৰিলক্ষিত হৈছে৷জনসাধাৰণ ৰাইজে এতিয়া শংকিত হৈ পৰিছে*

*পাগলদিয়াৰ বানে বিগত বছৰৰ সমুহত তিনি চাৰিবাৰকৈ বানে ক্ষতি সাধন কৰিছিল৷ খেতিয়ক সপোনৰ মাটি দৰা পাগলদিয়াৰ বুকুত জাহ গৈছে লগতে বহু সংখ্যক পৰিয়ালৰ ঘৰ বাৰী জাহ গ’ল পাগলদিয়াৰ নৈৰ বুকুত*

 *পাগলদিয়াৰ নৈ নিৰ্মাণ হোৱা মাথাউৰিযে যেন বিপদ মাতিছে অঞ্চলটোলৈ*

*অভিযোগ কৰিছে মাথাউৰি নিৰ্মাণ ক্ষেত্ৰত কোনো ধৰণৰ বিজ্ঞানী পদ্ধতি ব্যৱহাৰ কৰা নাই আৰু মাথাউৰিটো বালি মাটিৰে নিৰ্মাণ কৰা গুৰুতৰ অভিযোগ কৰিছে*
 
*মাথাউৰিটো যি ধৰণেৰে বহল আৰু ওখ হব লাগিছিল তাৰ পৰিবৰ্তে বহু চাপৰ হোৱা পৰিলক্ষিত হৈছে*

*বিগত বছৰৰ দৰে চুবুৰীয়া দেশ ভূটানে পানী এৰি দিযে যদি মাথাউৰি চিঙি বিগত বৰ্ষবোৰ দৰে তাণ্ডৱ চলোৱাটো নিশ্চয়টো বুলি ৰাইজ শংকিত হৈছে*
নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা