বজালীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

 শেহতীয়াভাৱে হোজাই জিলাৰ ওদালি অঞ্চলত ক'ভিডৰ চিকিৎসাত কৰ্মৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক এচাম দুৰ্বৃত্তই আক্ৰমণৰ ঘটনা তীব্ৰভাৱে গৰিহণ প্ৰকাশ কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ বাবে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে বজালী জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰে।

 এজেৱাইচিপিৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদ আৰু সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস স্বাক্ষৰিত স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুযায়ী- এনেকুৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে অতি শীঘ্ৰে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰি চিকিৎসক তথা চিকিৎসাহ কৰ্মীৰ মনোবল বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰক দাবী জনাইছে।

#বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা