বাটে-ঘাটে*

*বাটে-ঘাটে*
ৰাতুল দাস শৰণীয়া

এগছি যাদুকৰী চাকিৰ সন্ধানত
.................................................................................................................

কিছুবছৰ আগতে ভাগিন ল’ৰাটোৱে দূৰদৰ্শনৰ ধাৰাবাহিকত ‘শক্তিমান’ চাই শক্তিমানৰ অনুকৰণত ‘শ... ক্তি... মান... ন’ বুলি ঠাইতে চিঞৰ এটা মাৰি আকাশত উৰিব খোজা দৃশ্য উপভোগ কৰি যথেষ্ট কৌতুক অনুভৱ কৰিছিলো৷ কলডিলৰ গদা ঘূৰাই হনুমানো হৈছিল সি মাজে মাজে৷ গাল দুখন এক বিশেষ কায়দাৰে ফুলাই লৈ ‘জয় শ্ৰীৰাম’ বুলি সি প্ৰথমে দাৰা সিঙৰ সংলাপটো আওৰাইছিল৷ তাৰ পিছত পুৱন পুত্ৰ হনুমান হৈ তাৰ কল্পনাৰ আকাশমাৰ্গত আলাসতে নিৰন্তৰ বিচৰণ কৰিছিল৷ ঘোৰ তপশক্তিৰ বলত অমৰত্বৰ বৰ লাভ কৰা লংকাধিপতি ৰাৱণৰ তপস্যা কৰাৰ ধৰণ ‘ৰামায়ণ’ ধাৰাবাহিক চাই স্বজ্ঞানে আয়ত্ত কৰাৰ পিছত চোতালৰ আগৰ সৰু গোসাঁইঘৰটোত সোমাই ভজিতা ল’ৰাটোৱেও দুদিনমান ‘শিৱস্তুতি’ কৰি গধূলিৰ পঢ়া সময়খিনি আনাহক নষ্ট কৰিছিল৷ কথাটো বৰ বিশেষ ভাল যেন নেদেখি এদিন তাৰ আগত শিৱ মহাশয়ৰ কিম্ভূতকিমাকাৰ ভূতনাথ ৰূপৰ সৰল বৰ্ণনা এটা আগবঢ়ালো৷ সুধিলো– সি বিচৰা ধৰণে যদি গলে সৰ্পমালা, কংকালে ব্যাঘ্ৰ চৰ্ম, শিৰে জঁটাধাৰ লৈ মহাপ্ৰভু তাৰ সন্মুখত আৱিৰ্ভাৱ হয়, তেন্তে অমৰত্বৰ বৰ মাগিবলৈকেই সি বাৰু জীয়াই থাকিবনে? সি হাৰ্টফেইল নকৰিবনে ? মোৰ এই প্ৰশ্নটো সি হয়তো গুৰুত্বসহকাৰে বিবেচনা কৰি চালে৷ পিছমুহূৰ্ততে তাৰ ইস্পিত গোসাঁইগৰাকী আৱিৰ্ভাৱ হ’বলগীয়া ঠাইখিনিলৈ সভয়ে এবাৰ চাই পঠিয়াই স্তোত্ৰ সামৰিলে আৰু বিম্বাশৱদে সেই ঠাই পৰিত্যাগ কৰি পঢ়া টেবুলত বহিলগৈ৷ 

মোৰ শৈশৱ কালটো অৱশ্যে দূৰদৰ্শনৰ দৌৰাত্ম্যৰ পৰা মুক্ত আছিল৷ সেয়ে শক্তিমান অথবা হনুমন্তৰ দৰে ছায়াছবিৰ ছুপাৰমেনৰ লগত মহা সাক্ষাতৰ সুযোগো হোৱা নাছিল৷ ইয়াৰ পৰিৱৰ্তে আইৰ কোঁচত সোমাই পুৰাণ-মহাভাৰতৰ কাহিনীবোৰ শুনি শুনি টোপনি নধৰা দিনবোৰত মহাভাৰতৰ বীৰ চৰিত্ৰ দ্বিতীয় পাণ্ডৱ ভীমে মোৰ মনোজগত এনেদৰে অধিকাৰ কৰি লৈছিল যে চুবুৰিৰ আন শিশুবৃন্দক স্বাভাৱিকতেই মই কুৰু শিশু জ্ঞান কৰিবলৈ লৈছিলো আৰু সিহঁতৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰিবলৈ গৈ অভিভাৱকসকলৰ তিৰস্কাৰৰ পাত্ৰ হৈছিলো৷ আখৰ চিনি পোৱাৰ পিছত মোৰ বাহিৰা কিতাপ অধ্যয়নৰ প্ৰথম অভিজ্ঞতাও হৈছিল ৰাম সৰস্বতীৰ ‘ভীম চৰিত’ৰ দ্বাৰাই৷ ইয়াৰ পিছত হঠাৎ এদিন বাইদেউৰ পঢ়া টেবুলত আৱিষ্কাৰ কৰিছিলো ঘনশ্যাম ভট্টাচাৰ্যৰ ‘টাৰ্জান ছিৰিজ’৷ সেই যে টাৰ্জানৰ সৈতে মোৰ প্ৰথম পৰিচয়, তাৰ পিছৰ পৰাই সমস্ত শৈশৱ-কৈশোৰজুৰি সি হৈ আছিল মোৰ হৃদয়ৰ আদৰ্শ মহানায়ক৷ 

ভাগিন ল’ৰাটো এতিয়া ডাঙৰ হ’ল৷ শৈশৱৰ সপোনবোৰ এতিয়া তাৰ বাবে মাথোঁঁ ভাবি ভাল লগা মিঠা সোঁৱৰণি৷ ভতিজা ল’ৰাটো এতিয়াও কিছু সৰু হৈ আছে যদিও ঈশ্বৰ বন্দনা কৰি অমৰত্ব লাভৰ উদ্ভট বাসনা এতিয়া তাৰ নাই৷ নিশ্চিতভাৱেই মোৰো বৃকোদৰ অথবা টাৰ্জান কোনো এজনেই হোৱা নহ’ল৷ বৰঞ্চ সপোন সাকাৰ কৰাৰ মিঠা সংগ্ৰামত ব্যস্ত থাকিবলগীয়া আচল সময়খিনিতে সীমাহীন দুৰ্ভাগ্যই শৰীৰ আৰু মন এনেদৰে জৰ্জড়িত কৰি পেলালে যে নিজৰ সামান্যতম প্ৰয়োজখিনি পূৰণ কৰিবলৈয়ো নিৰ্ভৰ কৰিবলগীয়া হ’ল আনৰ ওপৰত৷ সেইবাবেই হয়তো এতিয়াও কেতিয়াবা আলাদিনৰ সেই যাদুকৰী চাকিৰ মাহাত্ম্যৰে কিবা এটা চমৎকাৰ কৰি পেলোৱাৰ অলীক বাসনা এটা বহন কৰি লৈ ফুৰো গোপনে মনত৷ হয়, এতিয়াও কেতিয়াবা কোনো কোনো দুৰ্বল মুহূৰ্তত মোৰ অৱচেতন মনে কামনা কৰে– ঘৰৰ চুকে-কোণে ক’ৰবাত কেনেবাকৈ পাই যোৱা হ’লে পৰিত্যক্ত এগছি প্ৰাচীন চাকি৷ ধূলি-বালি-ছাই লাগি পৰি থকা মলিয়ন এগছি পিতলৰ চাকি; যিটোৰ পৰা ঘৰ্ষণ মাত্ৰকতে প্ৰকাশমান হ’ব এটা বিৰাটকায় দৈত্য আৰু নিৰ্বিবাদে স্বীকাৰ কৰি ল’ব মোৰ আনুগত্য, হেলাৰঙে যোগান ধৰিব কাংক্ষিত সকলো....!

সাধাৰণতে প্ৰশস্ত যেন হৈ উজ্জ্বলি থকা ঈষৎ কুঁৱলীময় ভৱিষ্যৎটোক লৈ সকলোৰে শৈশৱকাল এনে স্বপ্নময় উদ্ভট বাসনাৰ মায়াজালেৰে সমৃদ্ধ৷ পক্ষীৰাজৰ ডেউকা মেলি পৰিধিবিহীন যি বাসনাৰ বিচৰণ ক্ষেত্ৰ৷ এনে নিয়ন্ত্ৰণহীন বাসনাবোৰ অৱশ্যে বয়স বঢ়াৰ লগে লগে এটা সময়ত বাস্তৱ চেতনাৰ সংস্পৰ্শলৈ আহি এটা মন-স্বীকৃত নিৰ্দিষ্ট বিন্দুত দোদুল্যমান হৈ ৰৈ যায়৷ ইয়াৰ মাজতে কোনোবাই ছুপাৰমেন হৈ নহ’লেও বৈমানিক হৈ আকাশত উৰে, শিৱস্তুতি কৰি অমৰ হ’ব নোৱাৰিলেও নিজৰ সৃজনীশীল কৰ্মৰাজিৰ দ্বাৰা জনমানসত সৰ্বদা জিলিকি ৰয়৷ পিছে দুৰ্ভাগ্যজনকভাৱে বহুতৰে জীৱনকালত সিমানখিনিও সম্ভৱ নহয়গৈ৷ যথেষ্ট পুতৌজনক তথা সীমাবদ্ধ সপোন এটাকে সাকাৰ কৰিব নোৱাৰাৰ গোপন বেদনা এটা বুকুৰ মাজত সন্তৰ্পণে আজীৱন লালন কৰি এনে গৰিষ্ঠসংখ্যক লোকেই সাধাৰণ ভাত-কাপোৰতেই সন্তুষ্টি লভিবলৈ যত্ন কৰি থাকে মাথোঁঁ৷ নিশ্চিত ৰূপে এইসকলৰ বেছিভাগেই মোৰ দৰে আলাদিনৰ যাদুকৰী চাকিৰ একান্ত পূজাৰী৷ 

সাকাৰ হওক অথবা নহওক, আন বহু শিশুৰ দৰেই সপোন দেখাৰ সৌভাগ্য অন্ততঃ মোৰো হৈছিল৷ কিন্তু স্বপ্নমদিৰ সেই বিনন্দীয়া শৈশৱৰ দিনবোৰতে একেলগে ধূলা খেলি ফুৰা বহু সমনীয়াৰেই শৈশৱ আছিল স্বপ্নহীন, বাস্তৱ চেতনাৰ ৰূঢ়তাৰে ভৰা৷ আকাশমাৰ্গেৰে উৰি যোৱা এৰোপ্লেনখন দেখি আন শিশুৰ দৰে বৈমানিক হোৱাৰ সপোন দেখাৰ পৰিৱৰ্তে সিহঁতে প্ৰায়ে কামনা কৰিছিল– তাৰ পৰা আলাসতে এবস্তা খোৱাবস্তু সৰি পৰক৷ মোহনীয় জোনাকৰ ৰাতিবোৰত চোতালত বহি আইৰ মুখৰ পৰা পৰীৰ সাধু শুনাৰ পৰিৱৰ্তে সিহঁতৰ মাজৰ বহুতেই উৰুখা পঁজাৰ চালিৰ ফাঁকেৰে শীতৰ ঠেৰেঙা লগা জাৰত কঁপি কঁপি জোনটোক উদ্দেশ্যি গাইছিল– ‘জোনবাই এ কাপোৰ এখন দিয়া...!  জোনবাইৰ পৰা খুজি অনা বেজীটোৰে ধনৰ মোনা সীওৱাৰ পিছত ধন সাঁচি, হাতী কিনি, হাতীত উঠি গা ঘেলাই ফুৰাৰ স্বপ্ন আছিল সেই বয়সতে সিহঁতৰ বাবে সুদূৰপৰাহত৷

 প্ৰাপ্তবয়স্ক কালৰ বাটে-ঘাটে, পথাৰে-সমাৰে আজিও সঘনে লগ পাই থাকোঁ সিহঁতক৷ দুচকুত সেই একেই কাতৰ অনুসন্ধান– ভাতৰ, কাপোৰৰ৷ হাতত দা-কুঠাৰ, কেঁচী-কটাৰী লৈ প্ৰত্যুষতে ঘৰৰ পৰা ওলাই যায় সিহঁত৷ হাঁড়ভগা পৰিশ্ৰমৰ অন্তত কাৰোবাক ধনী কৰি থৈ উভতিবৰ সময়ত নিজৰ বাবে লৈ আহে জীৱন বৰ্তাই ৰখাৰ বাবে প্ৰয়োজন হোৱা অপৰিহাৰ্য ইন্ধন যৎকিঞ্চিৎ৷ ঘৰত উদ্‌গ্ৰীৱ হৈ ৰৈ থাকে সপোন দেখিব নজনা সিহঁতৰ একেই উত্তৰাধিকাৰ শৈশৱ কিছুমান৷ 
নিশ্চিতভাৱেই এনে পৰিয়ালৰ পৰাই ওলাই আহে শিশু শ্ৰমিকবোৰ৷ সপোন দেখিব নজনা এজাক পীড়িত শিশুৰ বিপন্ন শৈশৱৰ ভেটিত নিশ্চয় গঢ়ি উঠিব নোৱাৰে ভৱিষ্যৎ দিনৰ প্ৰাচুৰ্যৰ মছনদ৷ সমাজ উদ্‌গতিৰ দিশত নে অধোগতিৰ দিশত সেয়া চালিজাৰি চাই বিশ্লেষণ আগবঢ়োৱাৰ বিচক্ষণতা মোৰ নাই যদিও প্ৰতিবেশীৰ অভিজাত আখলৰ পৰা উৰি অহা সুগন্ধে অস্থিৰ কৰি তোলা অলেখ অৰ্ধাহাৰী শিশুৰ অতৃপ্ত মুখ প্ৰত্যক্ষ কৰাৰ পিছত ভাব হয়– আমি যেন প্ৰগতিৰ নামত বজাৰত পোৱা কোকোনাট অইলৰ টেমাটোকে জয়ঢোল বুলি বজাই আছো৷ কেৱল কতৃৰ্পক্ষ অথবা চৰকাৰক দোষাৰোপ কৰিয়েই নহয়, সমাজত বাস কৰা প্ৰতিজন ব্যক্তিৰেই মানৱিক দৃষ্টিভংগী সকলো শিশুৰ মংগলৰ সপক্ষে দৃঢ় আৰু স্পষ্ট হ’ব লাগিব৷ শিশু শ্ৰমিক নিষিদ্ধকৰণৰ আইন বলবৎ হৈ থকা সময়তে আমাৰ সমাজৰে তুলনামূলকভাৱে সম্পদশালীসকলে ঘৰৰ লাচনি-পাচনি কৰিবলৈ সুবিধা হোৱাকৈ সুলভ বেতনৰ অকমানি ল’ৰা এটা বিচাৰি মুকলি প্ৰচাৰ চলাওঁ৷ গ্ৰাহকৰ পক্ষ লৈ কথাই প্ৰতি দুই-এটা লপাথপা দিব পৰা পোৱালি নহ’লে আমাৰ হোটেল-ৰেস্তোৰাঁ নচলে৷ সমবয়সৰ আন এটি সম্ভ্ৰান্ত শিশুৰ সপোন সাকাৰ কৰিবলৈ নিজৰ সোণালী সপোন জলাঞ্জলি দি বনকৰা ছোৱালীৰ জীৱন আদৰি লোৱা আন এটি নিঃকিন শিশুৰ অন্তৰৰ মৰ্মবেদনা আমাৰ উপলবদ্ধিৰ বাহিৰত৷ 

মাঘ বিহুৰ উৰুকা আহিলেই এনে আকালৰ জুইত অৰ্ধসিদ্ধ আলু-কচু খাই শৈশৱ যাপন কৰা বিজয় নামৰ ৯/১০ বছৰীয়া ল’ৰা এটাৰ কৰুণ মুখ এখনে এতিয়াও মাজে মাজে আমনি কৰে মোক৷ য’তেই লগ পায়, ত’তেই খুৰা সম্বোধনেৰে মাত লগোৱা বিজয়ক সিদিনা স্থানীয় গণ্যমান্য এজাক মানুহে সাধাৰণ খোৱাবস্তু অকণ চুৰি কৰাৰ অপৰাধতে খোৱাবস্তুৰ টোপোলাটো ডিঙিত ওলোমাই দি পথৰ ওপৰত হৰ্ষোল্লাসৰ মাজেৰে ঘূৰাই লৈ ফুৰিছিল৷ দৰিদ্ৰ বিধবাৰ সন্তান আছিল সি৷ চুবুৰীটোৰ নিয়মবোৰ ভাল নাছিল৷ উৰুকাৰ ভোজ ৰাজহুৱাকৈ খোৱা নহৈছিল৷ কোনোবা দুই চাৰিজনে মিলি মেজি বনাই পথাৰত ভোজ ভাত খাইছিল যদিও চান্দা দিব লাগিছিল৷ বিজয়ৰ মাকৰ হাতত চান্দা নাছিল৷ পিছত গম পাইছিলো সিদিনা সি গোটেই দিনটো লঘোনে আছিল চাউলৰ অভাৱত৷ সৰ্বত্ৰতে উৰুকাৰ মহাভোজ চলি থকাৰ সময়তে এমুঠি চাউল চোৰ কৰি ৰাজহুৱা শাস্তি অকাতৰে মানি লোৱা বিজয়ৰ সেই কৰুণ দৃশ্যৰ অক্ষমণীয়ভাৱে ময়ো নীৱৰ দৰ্শক আছিলো৷ ‘গভাইত চোৰ’ (!) এজনৰ পক্ষত এষাৰ মাত মাতি অপদস্থ হোৱাৰ মৰসাহ হয়তো মই কৰিব নোৱাৰিলো৷ এজাক চিনাকি দাদা-খুৰাৰ নিৰ্মমতাৰ চিকাৰ হোৱাৰ পিছত মাজতে কিছুবছৰ সি নোহোৱা হৈ আছিল৷ এতিয়া মদগজ ডেকা এজনৰ ৰূপত প্ৰায়ে দেখা পাওঁ তাক অ’ত-ত’ত । মোৰ সেইদিনাৰ সেই ধৃতৰাষ্ট্ৰ মৌনতাই তাক ক্ষোভিত কৰি ৰখা নাই৷ মোৰ প্ৰতি পূৰ্বৰ ব্যৱহাৰ একেই আছে তাৰ৷ হয়তো পাহৰি পেলাইছে সি তাৰ সেই শৈশৱৰ মৰ্মান্তিক অভিজ্ঞতাৰ কথা৷ 

বিপথে যোৱাৰ পথটো আমাৰ সমাজত অতিকৈ প্ৰশস্ত৷ মন মেলিলেই কুসংগ, হাত মেলিলেই সৰ্বনাশী মাৰণাস্ত্ৰ৷ এনে বিপজ্জনক সময়ৰ কোনো অসতৰ্ক মুহূৰ্তত হঠাতে যদি জাগ্ৰত হৈ উঠে তাৰ অনাহাৰী শৈশৱ আৰু জান্তৱ হৈ উঠে ভঁৰাল ভাঙি আজুৰি অনাৰ বাসনা, হিংস্ৰ হৈ পৰে তাৰ নমনীয় চৰিত্ৰ, তেন্তে নৈতিক কাৰণতে হয়তো আমি তাক সমালোচনা কৰিব নোৱাৰিম৷ সৌভাগ্যৰ কথা যে এতিয়াও তাৰ তথাকথিত সততাৰ ওপৰত আনুগত্য আছে৷ মহানগৰৰ মটৰ গেৰেজ এটাত দিন-ৰাতি একাকাৰ কৰা পৰিশ্ৰমেৰে অৰ্জা কিঞ্চিৎ উপাৰ্জনেৰে সি শৈশৱত নেদেখা সপোনবোৰ দেখিবলৈ লৈছে৷ কি ঠিক মোৰ দৰে তাৰ অৱচেতন মনেও কিজানি অনুসন্ধিৎসু দৃষ্টিৰে কামনা কৰি থাকে এগছি যাদুকৰী চাকিৰ, যিগছি চাকিৰ পৰা ঘৰ্ষণ মাত্ৰকতে আৱিৰ্ভাৱ হ’ব এটা বিৰাটকায় দৈত্যৰ, আদেশ মাত্ৰকতে পলকতে যোগান ধৰিব কাংক্ষিত সকলো...!

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা