সমষ্টি উন্নয়নত অধিক তৎপৰ বিধায়ক ৰশিদ আলমঃউপায়ুক্তক লগত লৈ পৰিভ্ৰমণ কৰিলে নাবাং মেছেলখোৱা অঞ্চল

দ্বিতীয় বাৰৰ বাবে জন প্ৰতিনিধি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতে সমষ্টি উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছে গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ, কে, ৰশিদ আলমে ৷ প্ৰতিদিনে সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে ঘূৰি ৰাইজৰ সমস্যাৰ বুজ লৈছে বিধায়ক গৰাকীয়ে ৷ বিশেষকৈ সমষ্টিটোৰ বিভিন্ন অঞ্চলত আধৰুৱাকৈ পেলাই থোৱা কাম সমূহ পৰিদৰ্শন কৰি সেইবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিধায়ক গৰাকী অধিক তৎপৰ হৈ পৰিছে  ৷ এই উদ্দেশ্যৰে নৱনিযুক্ত জিলা উপায়ুক্ত মিনাক্ষী সাস নাথক লগত লৈ বিধায়ক ৰশিদ আলমে অসম মেঘালয় সীমান্তবৰ্তী নাবাং মেছেলখোৱা আদি অঞ্চলো পৰিভ্ৰমণ কৰিছে ৷ এই অঞ্চলটোত এখন অতি গুৰুত্বপূৰ্ণ দলং আজি কেবা বছৰে অৰ্দ্ধ নিৰ্মিতকৈ পেলাই থোৱা ঠিকাদাৰ জনক অতিশীঘ্ৰে দলং খনৰ কাম সম্পূৰ্ণ কৰিবলৈ আদেশ দিছে বিধায়ক ৰশিদ আলমে ৷ তেনেদৰে

বাট ,পথ ,দলং, মথাউৰি যি কোনো নিৰ্মাণত অৱহেলা কৰা বিষয়া ঠকাদাৰ সকলোকো সতৰ্ক কৰি দিছে বিধায়ক জনে ৷ বিধায়ক জনৰ এই তৎপৰতাত সমষ্টিবাসী ৰাইজেে সন্তোষ প্ৰকাশ কৰিছে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা